ETV Bharat / health

ডায়েবেটিছ ৰোগীয়ে ভৰিৰ যত্ন লোৱাটো কিয় প্ৰয়োজনীয় ? - Diabetes Risk - DIABETES RISK

Diabetes Risk : ডায়েবেটিছ থকা লোকসকলৰ বাবে ভৰিৰ সঠিক যত্ন লোৱাটো কিয় অত্যাৱশ্যকীয় ? পঢ়ক সবিশেষ...

Diabetes Risk
ডায়েবেটিছ ৰোগীয়ে ভৰিৰ যত্ন লোৱাটো কিয় প্ৰয়োজনীয়?
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 2:06 PM IST

বৰ্তমান সময়ত প্ৰায়সংখ্যক লোকেই ডায়েবেটিছ ৰোগত ভুগা দেখা যায় ৷ ডায়েবেটিছ ৰোগৰ সন্দৰ্ভত শেহতীয়াকৈ ডাঃ মোহনৰ ডায়েবেটিচ বিশেষজ্ঞ ডাঃ ভি মোহনে X ত পোষ্ট কৰি কয়, "ডায়েবেটিছ ৰোগীসকলে ভৰিৰ যতন লোৱাটো অত্যাৱশ্যকীয় ৷ কাৰণ ইয়াৰ ফলত অপ্ৰত্যাশিতভাৱে স্নায়ুৰ ক্ষতি হ'ব পাৰে ৷ যদি আপুনি ভৰি বা ভৰিৰ আঙুলিৰ কোনো পৰিৱৰ্তন অনুভৱ কৰে (বিষ, জিনজিননি, জ্বলা-পোৰা, জঠৰতা ইত্যাদি), তেনেহ’লে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক । ই আপোনাৰ ভৰি কাটিব লগা পৰিস্থিতিও উদ্ভৱ কৰিব পাৰে ৷

পেৰিফেৰেল ধমনী ৰোগ আৰু ডায়েবেটিক স্নায়ুৰোগ (স্নায়ুৰ ক্ষতি) হৈছে ৰক্ত শৰ্কৰাৰ ফলত সচৰাচৰ দেখা যোৱা এক ৰোগ । অধ্যয়নত উল্লেখ কৰা অনুসৰি, ডায়েবেটিছ ৰোগীসকলে ভৰি বা ভৰিৰ প্ৰায় 85 শতাংশ বিষ তথা আলচাৰৰ সৈতে আৰম্ভ হয় ।

ডায়েবেটোলজিষ্ট ডাঃ ভি মোহনে ডায়েবেটিক ভৰিৰ স্বাস্থ্য/যত্নৰ বাবে কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শও শ্বেয়াৰ কৰে -

  • ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰক
  • প্ৰতিদিনে ভৰি ধোৱক
  • ভৰি ভালদৰে শুকুৱাওক
  • ভেঁকুৰৰ সংক্ৰমণৰ ক্ষেত্ৰত ভৰিৰ আঙুলিবোৰ পৰীক্ষা কৰক
  • জোতাৰ সৈতে মোজা পিন্ধক
  • ভৰিক অত্যাধিক উষ্ণতাৰ পৰা সুৰক্ষিত কৰক
  • খালী ভৰিৰে খোজকঢ়া পৰিহাৰ কৰক

ডায়েবেটোলজিষ্ট ডাঃ ভি মোহনে ভৰিৰ আঙুলি "যিকোনো ভেঁকুৰৰ সংক্ৰমণৰ বাবে" পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নখচুকীয়া হোৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায় । চিকিৎসকগৰাকীয়ে লগতে কয়, "এইসমূহ ৰোগৰ চিকিৎসা নিজেই কৰাটো উচিত নহয় ৷ ডায়েবেটিছ ৰোগত ভুগা প্ৰায় 15 শতাংশ লোকে ভৰিৰ সমস্যাত ভোগে, এই ভিৰৰ সমস্যাই কেতিয়াবা ভয়াবহ ৰূপ লোৱাও দেখা যায় ।’’

তথ্য অনুসৰি, ভাৰতত প্ৰতি বছৰে প্ৰায় 40,000 লোকে হাত-ভৰি কাটি পেলাবলগীয়া হয় । ডাঃ মোহনে ডায়েবেটিচ ৰোগীসকলক ভৰি দুখন অত্যাধিক উষ্ণতাৰ পৰা সুৰক্ষিত কৰি ৰকাৰ লগতে খালী ভৰিৰে খোজ কঢ়াৰ পৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিছিল ।

লগতে তেওঁ কয়, "জোতাৰ সৈতে মোজা পিন্ধিব ৷ কিয়নো চামৰা, প্লাষ্টিকজনিত জোতাৰ সামগ্ৰীয়ে ছালত খজুৱতি কৰিব পাৰে আৰু সংক্ৰমণ সৃষ্টি কৰিব পাৰে ।"

লগতে পঢ়ক: উচ্চ কলেষ্টেৰলত কণীৰ কুহুম ভাল নে বেয়া পুষ্টিবিদৰ পৰামৰ্শ জানক... - EGG YOLK IN HIGH CHOLESTEROL

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.