ETV Bharat / health

ডায়েবিটিছ ৰোগীৰ পুৱাৰ পৰা ৰাতিলৈ খোৱা খাদ্যৰ তালিকাখন কেনে হোৱা উচিত ? - DIET PLAN FOR DIABETIC PATIENT

ডায়েবিটিছ ৰোগীয়ে মাংস খাব পাৰে নে নোৱাৰে, ডায়েবিটিছ ৰোগীসকলৰ পুৱাৰ পৰা ৰাতিলৈ খোৱা খাদ্যৰ তালিকাখন কেনে হোৱা উচিত ? ডায়েটিচিয়ান নিবেদিতা নাৱৰেম পৰা জানি লওক-

FOOD LIST FOR DIABETIC PATIENTS BY DIETITIAN NIVEDITA NAOREM
ডায়েবিটিছ ৰোগীৰ পুৱাৰ পৰা ৰাতিলৈ খোৱা খাদ্যৰ তালিকাখন কেনে হোৱা উচিত ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 21, 2024, 5:15 PM IST

বৰ্তমান সময়ত ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ ডায়েবেটিছত আক্ৰান্ত লোকৰ সংখ্যাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰা এই ধাৰাৰ যিবোৰ মূল কাৰণ আছে তাৰে ভিতৰত এটি অন্যতম মূল কাৰণ হৈছে দৈনন্দিন খাদ্যাভ্যাস ৷ সেয়ে দৈনন্দিন খাদ্য তালিকাত অৰ্থাৎ পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰলৈ যিসমূহ খাদ্য গ্ৰহণ কৰা যায়, সেই খাদ্যসমূহ বাচনি কৰোঁতে যিবোৰ দিশত গুৰুত্ব প্ৰদান কৰিব লাগে সেয়া নকৰিলেই আমাৰ শৰীৰত ভিন্ন ধৰণৰ সমস্যাই দেখা দিয়াৰ আশংকা থাকে ৷

ইয়াৰ সমান্তৰালকৈ বংশগত তথা ওজন বৃদ্ধিৰ ফলটো ডায়েবিটিছত বহু ৰোগী আক্রান্ত হোৱা দেখা যায় ৷ সেয়ে ওজনৰ ওপৰতো গুৰুত্ব দিয়াটো উচিত ৷ সেয়ে এগৰাকী ব্যক্তিৰ উচ্চতা হিচাপত তেওঁ সঠিক ওজন বজাই ৰখাটো খুবেই আৱশ্যক ৷

উদাহৰণস্বৰূপে এগৰাকী ৫ ফুট উচ্চতাৰ ব্যক্তি এজনৰ ক্ষেত্ৰত ৫০-৫৫ কেজি ওজন থকাটো আৱশ্যক ৷ লগতে সুস্থ আৰু নিৰোগী হৈ থাকিবলৈ এগৰাকী ব্যক্তিয়ে দৈনিক শৰীৰচৰ্চা কৰাৰ লগতে খাদ্যভ্যাসৰ ওপৰত গুৰুত্ব দিয়াটো জৰুৰী ৷

ডায়েটিচিয়ান নিবেদিতা নাৱৰেম (ETV Bharat)

ডায়েবিটিছ ৰোগীসকলে কি কি খাব পাৰে ?

ডায়েবিটিছ ৰোগীসকলে প্ৰ’টিনযুক্ত খাদ্য যেনে-দাইল, কণী (বিশেষকৈ কণীৰ বগা অংশ) , লোকেল মাছ খাব পাৰে ৷ ফল-মূলৰ ক্ষেত্ৰত আপেল, মধুৰীআম, নাচপতি, কমলা, মৌচুমী, জামু, নেমু টেঙা, আমলখি খাব পাৰে ৷ লগতে সেউজীয়া শাক-পাচলি অতি আৱশ্যক ৷ চালাড, তিয়ঁহ আদি খোৱাটোও ভাল ৷

FOOD LIST FOR DIABETIC PATIENTS BY DIETITIAN NIVEDITA NAOREM
ডায়েবিটিছ ৰোগীৰ পুৱাৰ পৰা ৰাতিলৈ খোৱা খাদ্যৰ তালিকাখন কেনে হোৱা উচিত ? (ETV Bharat)

ডায়েবিটিছ ৰোগীয়ে মাংস খাব পাৰে নে নোৱাৰে ?

ডায়েবিটিছ ৰোগীসকলে মুৰ্গীৰ মাংস খাব পাৰে ৷ লোকেল মুৰ্গীৰ ক্ষেত্ৰত তেনেকুৱা একো বাধা নাই যদিও বইলাৰ মাংস হ'লে এক বা দুডোখৰ খাব পাৰে ৷ লগতে ৰঙা মাংস যেনে- পাৰ, ছাগলী মাংস, গাহৰি আদি নোখোৱাটোৱে ভাল ৷

ডায়েবিটিছ ৰোগীসকলে কি কি খাব নালাগে ?

কাৰ্ব'হাইড্ৰেট বেছি থকা খাদ্যও পৰিহাৰ কৰাটো উচিত যেনে-আলু,কচু, ৰঙালাও আদি ৷ গাজৰ-পিয়াঁজ আদিও কেঁচাই হে খাব পাৰে ৷ ফলৰ ক্ষেত্ৰত কঁঠাল, কল, আঙুৰ, আম আদি এৰাই চলিব লাগে ৷

পুৱাৰ পৰা ৰাতিলৈ খাদ্যৰ তালিকাখন কেনে হোৱা উচিত ?

ডায়েবিটিছ ৰোগীসকলে কম সময়ৰ মূৰে মূৰে অলপ অলপ খাদ্য গ্ৰহণ কৰিব লাগে ৷ সাধাৰণলোকৰ দৰে একেবাৰতে বেছিকৈ খাব নালাগে ৷ দুই-তিনি ঘণ্টাৰ মূৰে মূৰে অলপ অলপ খাদ্য গ্ৰহণ কৰিব লাগে ৷ পুৱা শুই উঠি বেছি সময় খালী পেট থাকিব নালাগে ৷ ৰাতিপুৱাৰ সময়ত পাতল আহাৰ গ্ৰহণ কৰাটো ভাল ৷ ব্ৰেকফাষ্টত বেছি কাৰ্ব'হইড্ৰেট যুক্ত খাদ্য খাব নালাগে, তৰা সলনি ৰুটি-তৰকাৰী, দালিয়া, অট'চ আদি খাব পাৰে ৷ দুপৰীয়া ভাত খোৱাৰ সময়ত ভাতৰ পৰিমাণ অতি কম ল'ব লাগে তাৰ সলনি তৰকাৰী, দাইল আদি বেছিকৈ খাব লাগে ৷ পুৱাৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ মাজৰ সময়ছোৱাত যদি ভোক লাগে তেন্তে সেই সময়ছোৱাত বুট, তিয়ঁহ আদি খাব পাৰে ৷

সন্ধিয়া ভাগত দালিয়াৰ খিচিৰি, ব্ৰাউন ব্ৰেড, মুড়ি, ৰোষ্টেড চানা আদি খাব পাৰে ৷ ঠিক তেনেদৰে ৰাতিৰ সময়তো পাতল খাদ্য গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়ক: শীতকালত সুস্থ হৈ থাকিব হৃদযন্ত্ৰ-হাড়-ছাল, মাত্ৰ খাদ্যত অন্তৰ্ভুক্ত কৰক বাদাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.