ETV Bharat / health

ফেয়াৰনেছ ক্ৰীম ব্যৱহাৰৰ ফলত ভয়ংকৰভাৱে বৃদ্ধি হৈছে বৃক্ক ৰোগ ! - Problems Due To Fairness Creams - PROBLEMS DUE TO FAIRNESS CREAMS

Fairness Creams causes of kidney disease : প্ৰায় সংখ্যক লোকেই নিজকে ধুনীয়া দেখাবলৈ ফেয়াৰনেছ ক্ৰীম ব্যৱহাৰ কৰে । শেহতীয়া এক গৱেষণাৰ ওপৰত আধাৰ কৰি বিজ্ঞানীসকলে দাবী কৰিছে যে এই ফেয়াৰনেছ ক্ৰীমসমূহৰ ব্যৱহাৰৰ ফলত দিনক দিনে বৃক্কৰ সমস্যা বৃদ্ধি হৈছে । পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন...

FAIRNESS CREAMS causes of kidney disease
ফেয়াৰনেছ ক্ৰীম ব্যৱহাৰৰ ফলত ভয়ংকৰভাৱে বৃদ্ধি হৈছে বৃক্ক ৰোগ !
author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 11:16 AM IST

ধুনীয়া হ’বলৈ কাৰণো মন নাযায় ? আমাৰ প্ৰায়সংখ্যক লোকেই নিজকে ধুনীয়া কৰি সজাবলৈ তথা ছালখন বগা কৰিবলৈ ফেয়াৰনেছ ক্ৰীম ব্যৱহাৰ কৰে ৷ কিন্তু এই ফেয়াৰনেছ ক্ৰীম কিমান ক্ষতিকাৰক আপুনি জানেনে ? ফেয়াৰনেছ ক্ৰীমৰ ব্যৱহাৰে ভাৰতত বৃক্কৰ সমস্যা দিনক দিনে বৃদ্ধি কৰিছে ।

চিকিৎসা আলোচনী কিডনী ইণ্টাৰনেচনেলত প্ৰকাশিত এক অধ্যয়নত উল্লেখ কৰা হৈছে যে উচ্চ পাৱাৰ যুক্ত ফেয়াৰনেছ ক্ৰীমৰ বৰ্ধিত ব্যৱহাৰে মেমব্ৰেনাছ নেফ্ৰোপেথি (এমএন)ৰ বৃদ্ধি কৰিছে ৷ যিয়ে বৃক্কৰত ফিল্টাৰ ক্ষতিগ্ৰস্ত কৰে আৰু প্ৰ'টিন লিকেজ সৃষ্টি কৰে । এম.এন. হৈছে এক অটোইমিউন ৰোগ যাৰ ফলত নেফ্ৰোটিক চিণ্ড্ৰোম হয় অৰ্থাৎ এক বৃক্কৰ বিকাৰ যাৰ ফলত শৰীৰে প্ৰস্ৰাৱত অত্যাধিক প্ৰ'টিন নিষ্কাশন কৰে ।

কেৰালাৰ কোট্টাক্কালৰ এষ্টাৰ এমআইএমএছ চিকিৎসালয়ৰ নেফ্ৰোলজী বিভাগৰ চিকিৎসক ডাঃ সজিশ শিৱদাসে এক এক্সৰ পোষ্টত উল্লেখ কৰিছিল, "আমাৰ ছালে এনেধৰণৰ ফেয়াৰনেছ ক্ৰীম শোষিত কৰে আৰু বৃক্কৰ ফিল্টাৰত এই কেমিকেলে ধ্বংসযজ্ঞ চলায়, যাৰ ফলত নেফ্ৰোটিক চিণ্ড্ৰোমৰ ঘটনা বৃদ্ধি হয় ।"

লগতে চিকিৎসকগৰাকীয়ে কয়, "ভাৰতৰ অনিয়ন্ত্ৰিত বজাৰত এই ফেয়াৰনেছ ক্ৰীমসমূহ ব্যাপকভাৱে উপলব্ধ হয় ৷ এই ক্ৰীমবোৰে দ্ৰুত ফলাফলৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কিমান মূল্যত ? ব্যৱহাৰকাৰীসকলে প্ৰায়ে এক বিৰক্তি প্ৰদৰ্শন কৰি কয়, পৰৱৰ্তী ইয়াৰ ব্যৱহাৰ বন্ধ কৰি দিলে ছাল আৰু অধিক ক’লা হয় পৰে ৷"

এই অধ্যয়নটোত জুলাই ২০২১ ৰ পৰা ছেপ্টেম্বৰ ২০২৩ ৰ ভিতৰত প্ৰতিবেদিত এমএনৰ ২২ টা ঘটনা পৰীক্ষা কৰা হৈছিল । ৰোগীসকলে এষ্টাৰ এম.আই.এম.এছ. চিকিৎসালয়ত এনে ধৰণৰ লক্ষণৰ চিকিৎসাৰ কৰিবলৈ আহিছিল ৷ প্ৰায়সকল ৰোগীৰ অলপতে ভাগৰ, অলপকৈ ফুলা আৰু প্ৰস্ৰাৱত ফেন বৃদ্ধি হোৱাৰ দৰে লক্ষণে দেখা দিছিল । কেৱল তিনিজন ৰোগীৰ তীব্ৰ প্ৰদাহ হৈছিল, কিন্তু সকলোৰে প্ৰস্ৰাৱৰ প্ৰ'টিনৰ স্তৰ বৃদ্ধি হৈছিল ।

15 গৰাকী ৰোগীৰ ভিতৰত, 13 গৰাকীয়েই এইসমূহ লক্ষণ আৰম্ভ হোৱাৰ পূৰ্বে ছাল বগা কৰা ক্ৰীম ব্যৱহাৰ কৰাৰ কথা স্বীকাৰ কৰিছিল ।

লগতে পঢ়ক: শৰীৰৰ উষ্ণতা হ্ৰাস কৰিবলৈ আপোনাৰ প্ৰতিদিনৰ ৰুটিনত যোগ কৰক এইসমূহ বনৌষধি আৰু খাদ্য সামগ্ৰী - Summer Heatwave Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.