ETV Bharat / health

ৰমজানৰ সময়ত ডায়েবেটিছত আক্রান্ত লোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? - Diabetes And Ramadan - DIABETES AND RAMADAN

Diabetes And Ramadan: ডায়েবেটিছত আক্ৰান্তসকলে ৰমজানৰ সময়ত 'ৰোজা' ৰাখোতে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? কোনবোৰ ডায়েবেটিছত আক্রান্তই 'ৰোজা' বা উপবাসে থাকিব নালাগে? ইফটাৰৰ সময়ত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি কি খাব নালাগে ? এই সম্পৰ্কে জনালে ডায়বেট'ল'জিষ্ট নাচিমুৰ ৰিয়াজে ৷

expert advice on precautions for people with diabetes during Ramadan
ৰমজানৰ সময়ত ডায়েবেটিছত আক্রান্ত লোকে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?
author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 9:23 AM IST

ডায়বেট'ল'জিষ্ট নাচিমুৰ ৰিয়াজ

গুৱাহাটী, 23 মাৰ্চ : পৱিত্ৰ ৰমজান মাহ চলি আছে ৷ ৰমজানৰ এই সময়চোৱাত প্ৰায়ভাগ ইছলাম ধর্মাৱলম্বী লোকে উপবাস পালন কৰে ৷ দিনটো সম্পূর্ণৰূপে উপবাস থাকি আবেলি খাদ্য গ্রহণ কৰে ৷ এইক্ষেত্ৰত সুস্থ ব্যক্তিৰ বিশেষ চিন্তাৰ কাৰণ নাই কিন্ত ডায়েবেটিছত আক্রান্ত ৰোগী এগৰাকীয়ে যদি 'ৰোজা' বা উপবাসে থাকে তেতিয়াহ'লে সতর্কতা অবলম্বন নকৰিলে বিপদ ঘণীভূত হ'ব পাৰে ৷ সেইবাবে ডায়েবেটিছত আক্রান্ত সকলে এই সময়ত উপবাসে থকাৰ পূৰ্বে বিশেষজ্ঞ চিকিৎসকৰ লগতে পুষ্টি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত ৷

আনহাতে, যিসকল লোকৰ তেজত শৰ্কৰা নিয়ন্ত্ৰণত নাথাকে অথবা হৃদৰোগ, বৃক্ক বা কিডনী, লিভাৰ বা যকৃতৰ ৰোগ থাকে তেওঁলোকে উপবাসে নথকাটোৱে ভাল ৷ কাৰণ শৰীৰৰ বাবে প্রয়োজনীয় উপাদান পুষ্টি যদি সময় মতে লাভ কৰা নহয় তেতিয়া হ'লে ইয়াৰ প্ৰভাৱ প্রত্যক্ষ অথবা পৰোক্ষভাৱে শৰীৰৰ ওপৰত পৰে ৷

কোনবোৰ ডায়েবেটিছত আক্রান্তই 'ৰোজা' বা উপবাসে থাকিব নালাগে ?

  1. 'ৰোজা' সকলো ডায়েবেটিছত আক্রান্তই ৰাখিব পাৰে যদিও যিসকল ক্ৰ'নিক ডায়েবেটিক জটিলতাসমূহ যেনে- কিডনী ডিজিজ, ৰেটিন'পেথি বা নিউৰ'পেথি থাকে তেনেকুৱা ৰোগীয়ে 'ৰোজা' ৰাখিব নালাগে ৷
  2. গৰ্ভৱতী মহিলা সকলেও 'ৰোজা' ৰাখিব নালাগে
  3. টাইপ ওৱান ডায়েবেটিছত ৰোগী সকলে 'ৰোজা' ৰাখিলে হঠাৎ চুগাৰ কমি যাব পাৰে বা হঠাৎ বৃদ্ধি হ'ব পাৰে ৷ সেয়ে এনে ৰোগী সকলে 'ৰোজা'ৰ মাজে মাজে গ্লোকমিটাৰে চুগাৰটো পৰীক্ষা কৰিব লাগে ৷ ৭০ ৰ তলত যদি চুগাৰ নামে বা ৩০০ ৰ পৰা ৩৫০ লৈ বাঢ়ি যায় তেতিয়া 'ৰোজা' ভাগি দিব লাগে ৷

ইফটাৰৰ সময়ত কেনেধৰণৰ খাদ্য গ্ৰহণ কৰিব লাগে আৰু কি কি খাব নালাগে ?

  1. ইফটাৰৰ সময়ত অতি বেছি ভজা খাদ্য বা অতি বেছি খাদ্য গ্ৰহণ কৰিব নালাগে ৷
  2. হাইড্ৰেচনৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন ৷ সেয়ে এনে সময়ত ফল-মূল সৰহকৈ খাব লাগে ৷
  3. কাৰ্ব'হাইড্ৰেটৰ লগতে প্ৰটিন যুক্ত খাদ্য গ্ৰহণ কৰিব লাগে ৷
  4. একেলগে অধিক খাদ্য খাব নালাগে ৷ কিছু সময়ৰ মূৰে মূৰে ৰৈ ৰৈ খাব লাগে ৷

একেৰাহে বহু দিন উপবাসে থাকিলে হ'ব পাৰে

কিটোএচিডোছিছ

ৰমজানৰ এই সময়চোৱাত দীর্ঘদিন ধৰি একেৰাহে উপবাসে থকাৰ ফলত 'কিটোএচিডোছিছ' হ'ব পাৰে ৷ দিনটো উপবাসে থকাৰ ফলত শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ নকৰে ৷ সেইবাবে বিভিন্ন ধৰণৰ হৰম'ণ নিঃসৰণত ব্যাঘাত জন্মে ৷ প্রয়োজনীয় ইনছুলিন নিঃসৰণ নোহোৱাৰ ফলত শৰীৰত জমা হৈ থকা চর্বিসমূহ ইন্ধন হিচাপে ভাঙি কাম কৰিবলৈ আৰম্ভ কৰে ৷ বেছি সময় উপবাসে থাকিলে অথবা কম কার্বোহাইড্রেটযুক্ত খাদ্য খালে কিটোছিছৰ সৃষ্টি হয় ৷ কম কার্বোহাইড্রেটযুক্ত খাদ্য ৰু উচ্চ চবিযুক্ত খাদ্য ইয়াৰ মূল কাৰণ ৷

কেনেধৰণৰ লক্ষণে দেখা দিয়ে ?

  1. এনে ৰোগত আক্ৰান্ত লোকৰ খুব পিয়াহ লাগে ৷
  2. ডিহাইড্ৰে'চনৰ সমস্যা হয় ৷
  3. অনবৰতে মুখমণ্ডলত শুস্কভাব অনুভৱ হয় ৷
  4. ওকালি অথবা বমি হ'ব পাৰে যদিহে চিকিৎসা নকৰে ৷
  5. আক্রান্ত লোকজনৰ অসহ্য পেটৰ বিষ হ'ব পাৰে ৷
  6. আক্রান্ত লোকজনৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাই গা কৰি উঠে ৷

লগতে পঢ়ক : হোলী খেলাৰ সময়ত চকু-কাণ-মুখত ৰং সোমালে তাৎক্ষণিকভাৱে গ্ৰহণ কৰক এই ব্যৱস্থা - Holi Health Care

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.