ETV Bharat / health

গাখীৰ চাহ অবিহনে দিনটো আধৰুৱা যেন লাগে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে - Milk Tea During Monsoon

Excessive Consumption of Milk Tea: বাৰিষাৰ বতৰত চাহ বহুতৰে প্ৰিয় । চাহ বহু প্ৰকাৰৰ থাকে যদিও ভাৰতত বহুতৰে প্ৰিয় চাহবিধ হৈছে গাখীৰ দিয়া চাহ ৷ কিন্তু আপুনি জানেনে যে বাৰিষাত গাখীৰ দিয়া চাহ খালে আপুনি কেনেধৰণৰ সমস্যাৰ সন্মূখীন হ’বলগীয়া হ’ব পাৰে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 7:38 PM IST

Excessive consumption of milk tea during rainy season can be harmful
বাৰিষাৰ সময়ত গাখীৰ চাহ খাই ভাল পায় নেকি ? তেন্তে প্ৰতিবেদন আপোনাৰ বাবে (FREEPIK)

চাহপ্ৰেমীসকলৰ বাবে চাহ কোনো অমৃততকৈ কম নহয়, লাগিলে যেনেকুৱাই মেজাজ নহওক কিয়, যিকোনো মুহূৰ্তই নহওক কিয়, চাহে তেওঁলোকক শান্তি আৰু সকাহ দিয়ে ৷

Excessive consumption of milk tea during rainy season can be harmful
বাৰিষাৰ সময়ত গাখীৰ চাহ (FREEPIK)

বহুতৰ মতে চাহ একাপ খালে তেওঁলোকৰ কামৰ গতিও বৃদ্ধি পায় ৷ বিশেষকৈ বাৰিষাৰ সময়ত চাহ খোৱাৰ নিজস্ব আনন্দ আছে ৷ কিন্তু বিশেষজ্ঞ আৰু চিকিৎসকৰ মতে, অত্যধিক পৰিমাণৰ গাখীৰ চাহ সেৱন কৰিলে স্বাস্থ্যৰ বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

আজিকালি গ্ৰীণ টি, নেমু চাহ, বনৌষধি চাহ, ফুলৰ চাহ, ডিটক্স চাহ আদিৰ দৰে বহু প্ৰকাৰৰ চাহৰ প্ৰচলন আছে যদিও পৰম্পৰাগত গাখীৰ চাহৰ প্ৰায়বোৰ অনুৰাগীৰ বাবে গাখীৰ দিয়া চাহৰ স্থান আন কোনো চাহে ল’ব নোৱাৰে ৷ বাৰু, ঋতু যিয়েই নহওক কিয়, গাখীৰ চাহ খালে চাহ প্ৰেমীক প্ৰতিটো ঋতুতে আৰু প্ৰতিটো সময়তে আনন্দ দিয়ে, কিন্তু বিশেষকৈ বাৰিষাৰ বতৰত চাহ খোৱাৰ আনন্দ বেলেগ ৷ যাৰ বাবে বহুতে দিনটোত কেইবাকাপো চাহ খায় ৷ কিন্তু বিশেষজ্ঞসকলৰ মতে এই অভ্যাস বা গাখীৰ চাহ অত্যধিক সেৱনে কেতিয়াবা স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে ৷

বাৰিষা গাখীৰ চাহৰ প্ৰতি আকৰ্ষণ

বাৰিষাৰ বতৰত শীতলতা আৰু আৰ্দ্ৰতাৰ বাবে গৰম চাহ খালে আৰামদায়ক আৰু সুখদায়ক অনুভৱ হয় ৷ গাখীৰ দিয়া চাহত যদি আদা, ইলাচি, তুলসীৰ দৰে উপাদান মিহলাই খোৱা হয়, তেন্তে ই আৰু অধিক সুস্বাদু হৈ পৰে ৷ কিন্তু, যিকোনো বস্তুৰ অত্যধিক সেৱনে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, আৰু গাখীৰ দিয়া চাহো ইয়াৰ ব্যতিক্ৰম নহয় ৷

মুম্বাইৰ পুষ্টিবিদ তথা খাদ্য বিশেষজ্ঞ ৰুশ্বেল জৰ্জে কয় যে, বহুবাৰ এনেকুৱা হয় যে অধিক গাখীৰ দিয়া চাহ, চাহত চাহপাত বেছি হোৱা চাহ বা অধিক সময়লৈকে উতলোৱা চাহ খোৱাটো কেতিয়াবা শৰীৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে ৷ ইয়াৰে কিছুমান তলত দিয়া ধৰণৰ-

গাখীৰ দিয়া চাহ অত্যধিক সেৱনৰ পাৰ্শ্বক্ৰিয়া

পাচনতন্ত্ৰৰ সমস্যা

গাখীৰ দিয়া চাহ প্ৰচুৰ পৰিমাণে খালে গেছ, পেট ফুলা, এচিডিটি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ বিশেষকৈ বাৰিষাৰ সময়ত ইতিমধ্যে পাচনতন্ত্ৰ অতি সংবেদনশীল হৈ পৰে, এনে পৰিস্থিতিত যদি কোনো কাৰণত চাহ সঘনাই খোৱা হয় তেন্তে ই ব্যক্তিজনৰ পাচনতন্ত্ৰৰ লগত জড়িত বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে যি কি নহওক কিয়, বেছিভাগ চিকিৎসকে গেছ-এচিডিটি ৰোগীক গাখীৰ দিয়া চাহ অত্যধিক পৰিমাণে সেৱন নকৰিবলৈও পৰামৰ্শ দিয়ে ৷

হাড়ৰ ওপৰত প্ৰভাৱ

গাখীৰ দিয়া চাহত টেনিন আৰু কেফেইন থাকে, যিয়ে শৰীৰত কেলচিয়াম শোষণত বাধা দিব পাৰে ৷ ইয়াৰ ফলত হাড়ৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে ৷ অত্যধিক পৰিমাণৰ চাহ খালে হাড় দুৰ্বল হৈ অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনাও বৃদ্ধি পায় ৷

টোপনিৰ ওপৰত প্ৰভাৱ

চাহত কেফেইন থাকে, যিয়ে স্নায়ুতন্ত্ৰক উদ্দীপিত কৰে ৷ সেয়ে অত্যধিক পৰিমাণৰ কেফেইন সেৱন কৰিলে টোপনিৰ সমস্যা হ’ব পাৰে ৷ ৰাতি চাহ খালে টোপনিৰ মানদণ্ড বেয়া হ’ব পাৰে, যাৰ ফলত পিছদিনা পুৱা ভাগৰুৱা অনুভৱ হ’ব পাৰে ৷

দাঁতৰ ক্ষতি

গাখীৰ দিয়া চাহত থকা চেনি দাঁতৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে দাঁতত গহ্বৰ আৰু প্লেক গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও চাহত টেনিনো থাকে যিয়ে দাঁতত দাগ পেলাব পাৰে ৷

ওজন বৃদ্ধি

বাৰিষাৰ সময়ত শাৰীৰিক কাৰ্য-কলাপ কমি যায় ৷ ইয়াৰ ওপৰত গাখীৰ আৰু চেনিৰ পৰা তৈয়াৰী চাহত যথেষ্ট পৰিমাণৰ কেলৰি থাকে ৷ এনে পৰিস্থিতিত এই ঋতুত কোনো অতিৰিক্ত কষ্ট নকৰাকৈ কেলৰি বাৰ্ন কৰাটো কঠিন হৈ পৰে ৷ এইবোৰ কাৰণত এই বতৰত বেছিকৈ চাহ খালে ওজন বৃদ্ধি হ’ব পাৰে ৷

সাৱধানতা আৰু প্ৰতিকাৰ

চিকিৎসকে কয় যে, যদি আপুনি বাৰিষাৰ সময়ত চাহ খাই আপোনাৰ স্বাস্থ্যৰ কোনো ক্ষতি নকৰাকৈ উপভোগ কৰিব বিচাৰে তেন্তে কিছু সাৱধানতা অৱলম্বন কৰিলে লাভজনক হ’ব পাৰে ৷

  • সংযম ব্যায়াম কৰক আৰু গাখীৰ দিয়া চাহ সীমিত পৰিমাণে সেৱন কৰক ৷
  • চাহত চেনিৰ পৰিমাণ কমাই তাৰ ঠাইত স্বাস্থ্যকৰ বিকল্প ব্যৱহাৰ কৰিব লাগে ৷
  • চাহপাত বেছি সময় উতলিব দিব নালাগে ৷
  • গাখীৰ চাহৰ পৰিৱৰ্তে ৰঙা চাহত আদা, তুলসী, ইলাচি আদি স্বাস্থ্যকৰ উপাদান দিব খাব লাগে ৷ কিন্তু মনত ৰাখিব ইয়াক সীমিত পৰিমাণেহে গ্ৰহণ কৰা উচিত ৷
  • কোনো কাৰণত যদি চাহ প্ৰচুৰ পৰিমাণে সেৱন কৰি আছে তেন্তে চাহৰ লগতে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে যাতে পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷
  • যিমানদূৰ সম্ভৱ সন্ধিয়া আৰু ৰাতি চাহ সেৱন কৰাটো কমাই দিয়ক বা পৰিহাৰ কৰক যাতে ইয়াৰ ফলত টোপনিত কোনো প্ৰভাৱ নপৰে ৷
লগতে পঢ়ক: যদি বাৰিষাত দিয়ে চাহত চুমুক...তেন্তে এইসমূহ স্বাস্থ্যজনিত সমস্যাত ভুগিবলৈও সাজু হওক - Tea In Mansoon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.