আজিকালি শীতল পানীয় খোৱাটো এটা সাধাৰণ অভ্যাসলৈ পৰিণত হৈছে । যিয়েই নহওক, আমাৰ পাৰ্টী বা সৰু সৰু গেট টুগেদাৰৰ মেন্যুত প্ৰায়ে শীতল পানীয় অন্তৰ্ভুক্ত কৰা হয় । অৱশ্যে শীতল পানীয় সেৱনৰ ফলত হোৱা পাৰ্শ্বক্ৰিয়াৰ বিষয়ে বেছিভাগ মানুহেই জানে । কিন্তু তাৰপিচতো ইয়াক গ্ৰহণ কৰাৰ লোভ এৰিব নোৱাৰে । কিন্তু শীতল পানীয়ৰ অনুৰাগীসকলে লাভ কৰিছে এক নতুন সতৰ্কবাণী ।
![Excessive consumption of cold drinks may increase the risk of early death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/21815876_awdf.jpg)
শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, শীতল পানীয়ৰ অত্যধিক সেৱনে এনে স্বাস্থ্যজনিত বিপদ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সোনকালে মৃত্যু হ’ব পাৰে । শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য ৷
শেহতীয়াকৈ চেণ্টাৰ ফৰ চায়েন্স এণ্ড এনভাইৰনমেণ্টে কৰা এক গৱেষণাত প্ৰকাশ পাইছে যে, শীতল পানীয়ৰ ক্ষতিকাৰক প্ৰভাৱৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে প্ৰায় ১ লাখ ৮৪ হাজাৰ লোকৰ মৃত্যু ঘটিছে । গৱেষণাত প্ৰকাশ পাইছিল যে, এমাহ ধৰি অত্যধিক পৰিমাণৰ শীতল পানীয় সেৱন কৰিলে আগতীয়াকৈ মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায় ।
![Excessive consumption of cold drinks may increase the risk of early death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/21815876_awvvdf.jpg)
জামা ইণ্টাৰনেল মেডিচিন জাৰ্ণেলত প্ৰকাশিত এই গৱেষণাত পূৰ্বৰ তথ্য অধ্যয়ন কৰা হৈছিল । য’ত দেখা গ’ল যে, ১৬ বছৰ ধৰি দিনটোত ২ গিলাচতকৈ অধিক শীতল পানীয় সেৱন কৰা লোকসকলৰ ভিতৰত ইয়াৰ ফলত হোৱা সমস্যাৰ বাবে প্ৰায় ১১.৫% লোকৰ মৃত্যু হয় । আনহাতে যিসকলে এগিলাচ বা তাতকৈ কম শীতল পানীয় খাইছিল, তেওঁলোকৰ মৃত্যুৰ সংখ্যা আছিল প্ৰায় ৯.৫% ।
লগতে পঢ়ক: উফঃ গৰম, খাওক গিলাচে গিলাচে নেমু চৰবত - Lemonade in Summers
২০২১ চনৰ আৰম্ভণিতে ৰিচাৰ্চ গেট ডট নেটত প্ৰকাশিত এক গৱেষণাতো অত্যধিক শীতল পানীয় সেৱনৰ বিপদৰ বিষয়ে সকীয়াই দিছিল । উক্ত গৱেষণাৰ ফলাফলত কোৱা হৈছিল যে, শীতল পানীয়ৰ অত্যধিক সেৱনে ল’ক’ মটৰ চিষ্টেম, গেষ্ট্ৰাইটিছ চিষ্টেম আৰু কাৰ্ডিঅ’ভাস্কুলাৰ চিষ্টেম, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আনকি প্ৰজনন তন্ত্ৰকে ধৰি বহুতো শাৰীৰিক তন্ত্ৰকে ধৰি শৰীৰৰ প্ৰায় সকলো গঠনতে প্ৰভাৱ পেলায় । ইয়াৰ উপৰিও ডায়েবেটিছ, হৃদৰোগ, হাড় আৰু দাঁতৰ বিকাৰ আৰু স্বাস্থ্যৰ অধিক অৱনতিৰ সম্ভাৱনাও বৃদ্ধি পায় ।
এইবোৰৰ বাহিৰেও সমগ্ৰ বিশ্বতে শীতল পানীয়ৰ সামগ্ৰিক স্বাস্থ্যজনিত বিপদৰ ওপৰত বহু গৱেষণা কৰা হৈছে, যাৰ ফলাফলত উল্লেখ কৰা হৈছে যে বৃহৎ পৰিমাণৰ শীতল পানীয় সেৱনে স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী আৰু গুৰুতৰ প্ৰভাৱ পেলাব পাৰে ।
চিকিৎসকে কি কয় ?
একে সময়তে অত্যধিক পৰিমাণৰ শীতল পানীয় সেৱন কৰাৰ ফলত হ’ব পৰা স্বাস্থ্যৰ ক্ষতিৰ কথাও চিকিৎসকে নিশ্চিত কৰে আৰু মানুহক ইয়াক অত্যধিক পৰিমাণে সেৱন নকৰিবলৈ পৰামৰ্শ দিয়ে।
![Excessive consumption of cold drinks may increase the risk of early death](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/21815876_awdffv.jpg)
নতুন দিল্লীৰ এগৰাকী পুষ্টিবিদ আৰু খাদ্য বিশেষজ্ঞ ডাঃ দিব্যা শৰ্মাই কয় যে, শিশুৱেই হওক বা প্ৰাপ্তবয়স্কই হওক, অত্যধিক শীতল পানীয় সেৱনে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাই নহয়, কেতিয়াবা কিছুমান কোমৰবিডিটি বা গুৰুতৰ ৰোগ হোৱাৰ বা ৰোগৰ প্ৰভাৱ গম্ভীৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে ।
শীতল পানীয় অত্যধিক সেৱনৰ পাৰ্শ্বক্ৰিয়া
ডাঃ দিব্যা শৰ্মাৰ মতে, দীৰ্ঘদিন ধৰি শীতল পানীয় অবিৰত আৰু অত্যধিক সেৱনৰ ফলত হোৱা কিছু সমস্যা আৰু অসুবিধা তলত উল্লেখ কৰা হৈছে-
- শীতল পানীয়ত অত্যধিক পৰিমাণৰ চেনি থাকে । সাধাৰণ শীতল পানীয়ৰ কেন এটাত প্ৰায় ১০-১২ চামুচ চেনি থাকিব পাৰে । এই চেনি শৰীৰত দ্ৰুতগতিত শোষিত হৈ হঠাতে ৰক্তশৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে । যাৰ বাবে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায় । ইয়াৰ উপৰিও অত্যধিক চেনি সেৱনেও মেদবহুলতা বৃদ্ধি কৰে, যাৰ ফলত আন বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- শীতল পানীয়ত ফচফৰিক আৰু কাৰ্বনিক এচিড থাকে, যাৰ ফলত ইয়াৰ পৰা জ্বলা সোৱাদ পোৱা যায় । এই এচিডবোৰে আমাৰ দাঁতৰ ইনামেল দুৰ্বল কৰি তোলে, যাৰ ফলত দাঁতৰ ক্ষয় আৰু গহ্বৰৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে । ইয়াৰ উপৰিও এই এচিডবোৰে পেটত এচিডিটিও বৃদ্ধি কৰে, যাৰ ফলত পেটৰ বিষ, আলচাৰ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে ।
- শীতল পানীয়ত কেলৰিৰ পৰিমাণো বেছি । কোনো ধৰণৰ পুষ্টিকৰ উপাদান অবিহনে কেৱল কেলৰি সেৱন কৰিলে ওজন বৃদ্ধি আৰু শৰীৰত চৰ্বি জমা হোৱাৰ সমস্যাই দেখা দিব পাৰে ।বিশেষকৈ যিসকল লোকে ইতিমধ্যে ওজন কমাবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ বাবে এয়া বিপজ্জনক হ’ব পাৰে ।
- বহুতো শীতল পানীয়ত কেফেইনো থাকে, যিটো এক উত্তেজক পদাৰ্থ । অত্যধিক কেফেইন সেৱনে শৰীৰত টোপনিৰ সমস্যা, খিংখিঙীয়া আৰু উচ্চ ৰক্তচাপ আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে । বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে এয়া ক্ষতিকাৰক হ’ব পাৰে ।
- শীতল পানীয়ত বহু ধৰণৰ কৃত্ৰিম ৰং আৰু সোৱাদ যোগ কৰা হয়, যিবোৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে । এই ৰাসায়নিক পদাৰ্থবোৰে এলাৰ্জী, ছালৰ সমস্যা আনকি কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে ।
- শীতল পানীয় খালে শৰীৰত ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে । এই পানীয়বোৰে শৰীৰৰ পানী আঁতৰাই ডিহাইড্ৰেচনৰ সৃষ্টি কৰে । বিশেষকৈ গ্ৰীষ্মকালত শীতল পানীয়ৰ পৰিৱৰ্তে পানী, নাৰিকল পানী বা সতেজ ফলৰ ৰস সেৱন কৰাটো অধিক উপকাৰী ।
নিয়ন্ত্ৰণ আৰু পৰিহাৰ কৰাটো প্ৰয়োজনীয়
ডাঃ দিব্য শৰ্মাই কয় যে, কেৱল অধিক পৰিমাণে শীতল পানীয় সেৱন কৰাই নহয়, কম পৰিমাণেও সেৱন কৰাটো পৰিহাৰ কৰিব লাগে । ঠাণ্ডা পানীয়ৰ পৰিৱৰ্তে সতেজ ফলৰ ৰস, নাৰিকল পানী, বাটাৰ মিল্ক, শ্বেক, লাচি বা ঘৰতে বনোৱা চৰবট বা পানীয় সেৱন কৰিলে শৰীৰে কেৱল পুষ্টিক লাভ কৰাই নহয় বৰঞ্চ সুস্বাস্থ্য বজাই ৰখাত আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰখাতো সহায় কৰে ।
লগতে পঢ়ক: সাৱধান! গৰমৰ পৰা হাত সাৰিবলৈ খোৱা শীতল পানীয়ই মাতিব পাৰে বিপদ - COLD DRINKS SIDE EFFECTS