ETV Bharat / health

চকুত আচিনা কিয় হয় ? - eye stye treatment - EYE STYE TREATMENT

eye stye reasons : চকুত আচিনা হ'লে কি কৰিব লাগে ? কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ? ঘৰুৱাভাৱে ফুলৰ ৰস বা পানী ব্যৱহাৰ কৰাটো কিমান গ্ৰহণযোগ্য ? এই সন্দৰ্ভত জনালে জ্যেষ্ঠ চকু চিকিৎসক ডাঃ পংকজ বৰুৱাই ।

Eye stye
চকুৰ আচিনাৰ যতন
author img

By ETV Bharat Assamese Team

Published : Apr 1, 2024, 8:04 PM IST

ডাঃ পংকজ বৰুৱা

গুৱাহাটী, 1 এপ্ৰিল : ফাগুন-চ'ত মাহৰ ধূলিয়ৰী বতাহৰ বাবে অন্যান্য ৰোগৰ লগতে চকুৰো বহু ৰোগ হোৱা দেখা যায় । এই সময়ছোৱাত হোৱা চকুৰ এটা চিনাকি ৰোগ হৈছে আচিনা বা আজিনা । আচিনাক ইংৰাজীত ষ্টায় (stye) বুলি কোৱা হয় ।

আচিনা হ’লে সাধাৰণতে চকুৰ নোমৰ ওচৰতে থকা গ্ৰন্থী ফুলি যায় বা সংক্ৰমণ হ’লে সেই ঠাইডোখৰ ফুলি যায় ৷ এটা টেমুনা সদৃশ সৃষ্টি হয় যাক আচিনা বা আজিনা বুলি কোৱা হয় । এইয়া কোনো ডাঙৰ সমস্যা নহয় ৷ সাধাৰণতে আচিনা বা আজিনা হলে ৫/৬ দিনৰ ভিতৰত ভাল হৈ যায় । অৱশ্যে যদি চকুটো ৰঙা পৰে, বিষ হয় বা ৫/৬ দিনতকৈ বেছি হৈ যায় তেতিয়া চিকিৎসকৰ পৰামৰ্শ লোৱাটো আৱশ্যক ।

আচিনা হ'লে সাধাৰণতে প্ৰাৰম্ভিক চিকিৎসা হিচাপে কুহুমীয়া গৰম পানীত এখন কাপোৰ তিয়াই সেই ঠাইডোখৰত সেক দিব পাৰে । কিন্তু সেই টেমুনাটো চেপিব নালাগে, চকুটো মোহাৰি দিব নালাগে । ৫/৬ দিনৰ ভিতৰত যদি আচিনা ভাল নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়’টিক, আই দ্ৰপ বা মলম আদি ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে ।

ডায়েবেটিছ বা অন্য কিবা ৰোগ থকা কাৰোবাৰ আচিনা হ’লে খোৱা ঔষধো ব্যৱহাৰ কৰিবলগীয়া হয় । কেতিয়াবা চকুৰ পাৱাৰৰ কিবা অসুবিধা থাকিলে চকুৰ ব্লাৰনেছ বা অস্পষ্টতা দূৰ কৰিবলৈ চকুত হাত লগোৱা হয় । হাতত থকা বীজাণুৰ পৰাই বাৰে বাৰে চকুত আচিনা হ'ব পাৰে । আচিনা হ’লে কেতিয়াও চকুত ঠাণ্ডা পানী লগাব নালাগে । ঘৰুৱাভাবে ফুলৰ ৰস বা পানী ব্যৱহাৰ কৰাটো ডাঃ পংকজ বৰুৱাৰ ভাষাত গ্ৰহণযোগ্য নহয় ৷ বহুলোকে আচিনা ওলালে ফুলৰ পাহি তিয়াই তাৰ পানী চকুত দিয়া দেখা যায় । সেয়া আচলতে গ্ৰহণযোগ্য নহয় । এনে কৰিলে চকুৰ অনিষ্ট হে হ'ব পাৰে ।

লগতে পঢ়ক : কম বয়সীয়া লোকৰ মাজত কৰ্কট ৰোগ অধিক মাত্ৰাত দেখিবলৈ পোৱা গৈছে নেকি ? - Cancer In Young Adults

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.