ETV Bharat / health

বহুগুণৰ অধিকাৰী হালধিৰ লাভালাভসমূহ কি কি ? - health benefits of turmeric

author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 6:20 PM IST

Health benefits of turmeric: হিন্দু পৰম্পৰা অনুসৰি ভিন্ন মাংগলিক কাৰ্যৰ পৰা আৰম্ভ কৰি ঘৰুৱা কামলৈ সকলোতে হালধি ব্যৱহাৰ কৰা হয় । বহু ঔষধি গুণৰ অধিকাৰী হালধি । এই সন্দৰ্ভত জনালে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ।

etv bharat special interview with ayurvedic specialist dr jayanta sharma on amazing health benefits of termeric
হালধিৰ লাভালাভসমূহ
হালধিৰ লাভালাভসমূহ

গুৱাহাটী, 6 এপ্ৰিল : ভাতসাজৰ লগত দৈনিক খাই থকা হালধিৰ ঔষধি গুণাগুণ কিমান আছে ভাবি চাইছেনে ? হালধি উপকাৰী বুলি সৰহ সংখ্যক লোকেই অৱগত যদিও আৰ্য়ুবেদত হালধিৰ স্থানৰ বৰ্ণনা কৰিলে আয়ুৰ্বেদ তথা পঞ্চকৰ্ম বিশেষজ্ঞ ডাঃ জয়ন্ত শৰ্মাই ৷ জানো আহকচোন তেওঁৰ মুখেৰেই হালধিৰ গুণাগুণ-

১) আঘাত পোৱা স্থানত হালধিৰ প্ৰলেপ লগাই থ’লে বিষ বা আঘাতৰ পৰা উপশম পোৱা যায় ৷

২) সৌন্দৰ্যবৰ্ধনৰ বাবেও হালধি ব্যৱহাৰ কৰিব হয় । হালধিৰ ব্যৱহাৰে মানুহৰ ছালৰ ৰোগ নোহোৱা কৰাত সহায় কৰে । ৰক্তশোধক হিচাপেও হালধিয়ে কাম দিয়ে ।

৩) যদি কোনো ব্যক্তি বা শিশুৰ কৃমিৰ সমস্যা থাকে তেন্তে তেওঁলোকে হালধি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে ।

৪) শৰীৰৰ কোনো অংশত বিষ অনুভৱ হ’লেও হালধি ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি ।

৫) অৰ্শৰোগ বা পাইলচতো হালধি ব্যৱহাৰ কৰিব পাৰি । হালধিৰ গুড়ি অকণমান যদি ঘিঁউ বা এল'ভেৰা জেলৰ লগত মিহলি কৰি ব্যৱহাৰ কৰে তেন্তে ই সেই সমস্যা দূৰ কৰাত সহায় কৰে ।

৬) চাইনাছৰ সমস্যা দূৰ কৰিবৰ বাবেও হালধি ব্যৱহাৰ কৰিব পাৰি । তেৱা এখনত অকণমান হালধি গুড়ি দি গৰম কৰাৰ পিচত যিটো ধোঁৱা ওলাই, সেই ধোঁৱা নাকৰে উশাহত টানি টানি গ্ৰহণ কৰিলেও এই সমস্যা দূৰ হোৱাত সহায় হয় ।

৭) চকুৰ ৰোগৰ বাবেও হালধি উপকাৰী । চকুৰ পৰা যদি পানী ওলাই থাকে তেন্তে ১০ /২০ ভাগ পানীত ১ ভাগ হালধি দি ভালদৰে উতলাই ঠাণ্ডা হ'বলৈ দিব লাগে । ঠাণ্ডা হোৱাৰ পাচত ভালদৰে চেকি লৈ টোপাল হিচাপে চকুত দিব পাৰে ।

৮) হালধিয়ে আমাৰ খাদ্য সোনকালে হজম হোৱাত সহায় কৰে ।

৯) জণ্ডিচৰোগত হালধি ব্যৱহাৰ কৰিলে ই পিত্তশোধক হিচাপে কাম কৰে ।

লগতে পঢ়ক : আজিয়েই আপোনাৰ খাবলৈ মন যাব চজিনা: পঢ়ক এই প্ৰতিবেদন - Moringa Oleifera Benefits

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.