ETV Bharat / health

গাঁঠিৰ বিষত ভুগিছে নেকি ? তেন্তে চজিনাই কৰিব সহায়

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 2:02 PM IST

Drumstick Soup Benefits: চজিনা এবিধ অতি উপকাৰী পাচলি ৷ ইয়াৰ সহায়ত আপুনি বহু ধৰণৰ খাদ্য প্ৰস্তুত কৰিব পাৰে, ইয়াৰে এটা হ’ল ছুপ ৷ চজিনা ছুপ খালে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায় আৰু ডায়েবেটিছ ৰোগীৰ বাবেও ই অতি উপকাৰী ৷ আনকি ইয়াক সেৱন কৰিলেও বেয়া কলেষ্টেৰলৰ সমস্যা দূৰ হয় ৷

Drumstick soup is a useful remedy to alleviate joint pain and reduce bad cholesterol levels in the body
গাঁঠিৰ বিষত ভুগিছে নেকি ? তেন্তে চজিনাই কৰিব সহায়

চজিনা, য’ত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় বহুতো পুষ্টিকৰ উপাদান থাকে, ইয়াৰ ফলৰ পৰা আৰম্ভ কৰি ফুল আৰু পাতলৈকে ৷ ভিটামিন A, B1, B2, B6ৰ লগতে ইয়াত ফ’লেটো থাকে ৷ মেগনেছিয়াম, জিংক, আইৰণ, ফছফৰাছ আৰু কেলচিয়াম আদি খনিজ পদাৰ্থও থাকে ৷ ইয়াৰ প্ৰয়োগ বহু ধৰণৰ ব্যঞ্জন যেনে দালি, সাম্বাৰ, শাক-পাচলি তৈয়াৰ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ৷ ইয়াক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপুনি স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ পৰা আঁতৰি থাকিব পাৰে ৷

আয়ুৰ্বেদিক চিকিৎসক ডাঃ দীক্ষা ভৱছাৰ সাৱলীয়া ৷ প্ৰায়ে তেওঁৰ ছ’চিয়েল মিডিয়াত স্বাস্থ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু টিপছ শ্বেয়াৰ কৰে ৷ শেহতীয়াকৈ তেওঁ চজিনা ছুপৰ ৰেচিপি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে কৈছে ৷ যাৰ বিষয়ে আমি আজি এই প্ৰতিবেদনত জানিব পাৰিম ৷

চজিনা ছুপৰ ৰেচিপি

উপকৰণ– চজিনা –দুডাল, নিমখ – ১/২ চামুচ, ধনীয়া-জিৰাৰ গুড়ি – ১/২ চামুচ, হালধি– ১/৪ চামুচ

পদ্ধতি

  • প্ৰথমে চজিনাখিনি ভালদৰে ধুই লওক ৷ ইয়াৰ বাকলি আঁতৰাই ৮-১০ টুকুৰা কৰি কাটি লওক ৷
  • ইয়াৰ পিচত কুকাৰত দুগিলাচ পানী আৰু মছলা দি দুই-তিনিটা হুইচেল বজালৈকে উতলাই লওক ৷
  • ইয়াৰ পিচত এই পানী চেকি খাব ৷

কোন সময়ত খাব ?

খালী পেটত এই ছুপ খালে আটাইতকৈ উপকাৰী ৷ অৱশ্যে খাদ্য খোৱাৰ আধা ঘণ্টা আগতে বা এঘণ্টা পিচত এই ছুপ খাব পাৰে ৷

চজিনা ছুপ খোৱাৰ উপকাৰিতা

  • এই ছুপ খালে গাঁঠিৰ বিষৰ পৰা সকাহ পোৱা যায় ৷
  • ভাগৰ আৰু দুৰ্বলতা নাইকিয়া হৈ যায় ৷
  • থাইৰয়ড ৰোগীৰ বাবে উপকাৰী ৷
  • ডায়েবেটিছত ইয়াক সেৱন কৰিলে ৰক্তশৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে ৷
  • ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, যাৰ ফলত বহু ৰোগৰ সম্ভাৱনা কমি যায় ৷
  • ওজন কমোৱাতো চজিনা ছুপ অতি ফলপ্ৰসূ ৷

গুৰুত্বপূৰ্ণ টিপছ

চজিনা গৰম প্ৰকৃতিৰ, গতিকে গৰমৰ দিনত এই ছুপ ৫০-১০০ মিলিলিটাৰতকৈ বেছি পান নকৰিব ৷ শীতকালত অলপ বেছি পৰিমাণে গ্ৰহণ কৰিব পাৰে ৷

লগতে পঢ়ক: মাত্ৰ 20 ছেকেণ্ড কৰক এই যোগাসন আৰু পাওক কঁকালৰ বিষৰ পৰা সকাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.