ETV Bharat / health

গেছ-এচিডিটিৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ খাওক এই পানীয় - Cumin and Celery Water

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 3:40 PM IST

Cumin and Celery Water: যদি আপোনাৰো খাদ্য খোৱাৰ পিছত পেটত গেছৰ সমস্যা হয়, তেন্তে জিৰা আৰু জনি গুটিৰ এই ঘৰুৱা উপায়ে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আপোনাক তৎক্ষণাত সকাহ লাভ কৰাত সহায় কৰিব ।

Drinking cumin and celery water can help relieve gas and acidity
গেছ-এচিডিটিৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ লাভ কৰিবলৈ খাওক এই পানীয় (FREEPIK)

বহুবাৰ এনেকুৱা হয় যে আমি কিবা খোৱাৰ লগে লগে আমাৰ গেছ বা এচিডিটি হ’বলৈ আৰম্ভ কৰে ৷ গেছ আৰু এচিডিটিৰ বাবে মানুহে পেট ফুলা, বুকু আৰু পেটত জ্বলা-পোৰাৰ সমস্যাত ভুগিবলগীয়া হয় ৷

যদি আপুনিও খাদ্য খোৱাৰ পিছত এই সমস্যাত ভোগে, তেন্তে জিৰা আৰু জনি গুটিৰ এই ঘৰুৱা উপায় এবাৰ চেষ্টা কৰি চাব পাৰে । জিৰা আৰু জনি গুটিৰ এই ৰেচিপিয়ে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আপোনাক তৎক্ষণাত সকাহ দিবলৈ সক্ষম ।

পেটৰ বাবে উপকাৰী জিৰা আৰু জনি গুটি

জিৰা আৰু জনি গুটিত এনে বহুতো উপাদান পোৱা যায় যিবোৰ পেটৰ লগত জড়িত সমস্যা যেনে গেছ আৰু এচিডিটিৰ বাবে উপকাৰী । জিৰা আৰু জনি গুটিৰ পানীয় বনাই সেৱন কৰিব পাৰে । এই পানী সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয় । কিন্তু পেটৰ সমস্যাৰ বাবে জিৰা আৰু জনি গুটিৰ পানী অতি ফলপ্ৰসূ । এই পানীয় খালে গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা আপুনি তৎক্ষণাত সকাহ পাব পাৰে । জিৰা আৰু জনি গুটিৰ পানী খালে কেৱল গেছ বা এচিডিটি নিয়ন্ত্ৰণ কৰাই নহয় পেটৰ ফুলাৰ সমস্যাও দূৰ হয় আৰু লগতে পেট পৰিষ্কাৰ হয় ।

জনি গুটি পানীয় কেনেকৈ তৈয়াৰ কৰিব

এগিলাচ পানীত এচামুচ জিৰা আৰু এচামুচ জনি গুটি উতলাই লওক । পানী উতলিলে উলিয়াই আনি ঠাণ্ডা হোৱাৰ পিছত খাব । এই পানী খালে পেটৰ গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা তৎক্ষণাত সকাহ পোৱা যায় ।

এই সমস্যাবোৰৰ পৰাও আপুনি সকাহ পায়

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে: জিৰা আৰু জনি গুটিৰ পানীয় সেৱন কৰিলে আপোনাৰ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় আৰু আপুনি বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱা ৰোগৰ পৰাও সকাহ লাভ কৰিব পাৰে ।

মেদবহুলতাৰ পৰা মুক্তিলাভ: মেদবহুলতা তথা অতিৰিক্ত ওজনৰ সমস্যাৰ পৰাও জনি গুটি আৰু জিৰাৰ পানী অতি ফলপ্ৰসূ ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: পেটৰ চৰ্বি গলোৱাত সহায় কৰিব নাৰিকল পানীয়ে...জানি লওক ইয়াক পান কৰাৰ সঠিক সময় - Weight Loss

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.