ETV Bharat / health

খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা - CAN PLASTIC CAUSE CANCER

আজিকালি অধিকাংশ লোকেই অৰ্ডাৰ কৰি খাদ্য খায় । কিন্তু আপুনি অৰ্ডাৰ কৰা খাদ্য যিটো কন্টেইনাৰত দিয়া হয় সেই কন্টেইনাৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা-

food plastic black box becomes the cause of breast cancer
কৰ্কট ৰোগৰ মূল কাৰণ লুকাই আছে এই প্লাষ্টিকৰ কন্টেইনাৰত (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Oct 14, 2024, 5:18 PM IST

ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ'ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বক্সবোৰে আপোনাৰ জীৱনলৈ মাতিব পাৰে ঘোৰ অমানিশা ৷

হয়, শেহতীয়াকৈ এই সন্দৰ্ভত অধ্যয়নত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ৷ এই অধ্যয়নত প্ৰমাণিত হৈছে যে, স্তনৰ কৰ্কট ৰোগৰ সৈতে সম্পৰ্কিত প্ৰায় ২০০ টা ৰাসায়নিক পদাৰ্থ খাদ্য পেকেজিঙৰ বক্স আৰু বিভিন্ন প্লাষ্টিকৰ বাচন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ৷

অধ্যয়নৰ সহ-লেখক জেন মুনকে উল্লেখ কৰা মতে, দৈনন্দিন জীৱনত বিপদজনক ৰাসায়নিক পদাৰ্থ হ্ৰাস কৰি কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত এতিয়া অধিক মনোযোগৰ প্ৰয়োজন হৈছে ৷ এই অধ্যয়নটোয়ে প্ৰমাণ কৰে যে স্তনৰ কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শলৈ অহাটো প্ৰতিহত কৰাৰ এক বৃহৎ সুযোগ আছে ৷

স্তনৰ কৰ্কট হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা কৰ্কট ৰোগ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ২০২২ চনত ২.৩ নিযুত মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু বিশ্বব্যাপী ৬,৭০,০০০ মহিলাৰ মৃত্যু হৈছিল ৷ অধ্যয়নটোত গৱেষকসকলে খাদ্য সমগ্ৰীত ১৮৯ টা সম্ভাৱ্য স্তন কাৰ্চিনোজেন বিচাৰি পাইছিল, যাৰ ভিতৰত আছে প্লাষ্টিকৰ বক্সত থকা খাদ্যত ১৪৩ টা আৰু কাগজ বা বোৰ্ডৰ বক্সত থকা ৮৯ টা ৷

তদুপৰি, গৱেষকসকলে বিশ্বব্যাপী ৭৬ টা সন্দেহজনক স্তন কাৰ্চিনোজেনৰ সংস্পৰ্শলৈ অহাৰ প্ৰমাণো পাইছিল, যাৰ ৬১ টা প্লাষ্টিকৰ ৷ গৱেষকসকলৰ মতে, এইধৰণৰ সাম্ভাৱ্য স্বাস্থ্য সমস্যাৰ পৰা বাচি থাকিবলৈ নিজে সৰ্তক হোৱাটো খুবেই বেছি দৰকাৰী হৈ পৰিছে ৷

https://www.cancerresearchuk.org/about-cancer/causes-of-cancer/cancer-myths/does-using-plastic-bottles-and-containers-cause-cancer#:~:text=Some%20people%20thought%20that%20chemicals,range%20considered%20safe%20to%20humans.

লগতে পঢ়ক: স্তনৰ কৰ্কট ৰোগ হ’লে মৃত্যুৰ সম্ভাৱনা কিমান বেছি ? জানি লওক চিকিৎসকৰ পৰা - Breast Cancer

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.