আমাৰ শৰীৰক সুস্থ কৰি ৰাখিবলৈ সুষম খাদ্য গ্ৰহণ কৰাই নহয় ব্যায়াম কৰাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ কিন্তু, আজিকালি বহুলোকে বিভিন্ন কাৰণত শাৰীৰিক পৰিশ্ৰমৰ পৰা আঁতৰি থাকে ৷ ইয়াৰ বাবেই বহু ধৰণৰ স্বাস্থ্যজনিত সমস্যাই আমাৰ শৰীৰত বাহৰ পাতে ৷
গতিকে, বিশেষজ্ঞসকলে কয় যে, যিসকলে জিমলৈ গৈ ব্যায়াম কৰিব নোৱাৰে তেওঁলোকে দৈনিক আধা ঘণ্টা খোজ কাঢ়িব লাগে ৷ খোজ কঢ়াৰ অভ্যাসে আপোনাক ফিট কৰি ৰখাৰ উপৰিও স্বাস্থ্যৰ বহু উপকাৰিতাও সাধন কৰে বুলি গণ্য কৰা হয় ৷ কিন্তু, এতিয়া জানো আহক যিকোনো বয়সৰ লোকে সুস্থ হৈ থাকিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷
খোজ কঢ়াৰ সুবিধাসমূহ:
- বিশেষজ্ঞসকলে কয় যে, দৈনিক খোজ কঢ়াই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে ৷ ইয়াৰ উপৰিও হাৰ্ট এটেক ৰোধ কৰিব বুলি কোৱা হৈছে ৷ ২০১৯ চনত "দ্য লেন্সেট" জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি গৱেষকসকলে সপ্তাহত পাঁচ দিন ৩০ মিনিট খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা ২৭ শতাংশ হ্ৰাস পোৱাৰ কথা প্ৰকাশ কৰিছে ৷ এই গৱেষণাত টেক্সাছ এ এণ্ড এম হেল্থ চাইন্সেছ চেণ্টাৰৰ অধ্যাপক হিচাপে কাম কৰা ডাঃ ষ্টিভেন জে ব্লেয়াৰে অংশগ্ৰহণ কৰিছিল ৷ তেওঁৰ দাবী যে সপ্তাহত ৫ দিন আধা ঘণ্টা খোজ কাঢ়িলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে ৷
- খোজ কঢ়াৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৷ ইয়াৰ ফলত বহু ধৰণৰ ৰোগৰ পৰা ৰক্ষা পৰে ৷
- খোজ কঢ়াৰ ফলত ৰক্ত সঞ্চালন বৃদ্ধি পায় ৷ বিশেষজ্ঞসকলে কৈছে যে তেজত থকা অশুদ্ধি ঘামৰ যোগেদি আঁতৰি যায় ৷
- উচ্চ ৰক্তচাপত ভোগা লোকসকলে খোজকাঢ়ি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷
- ডায়েবেটিছ ৰোগীয়ে দৈনিক খোজকাঢ়ি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷
- লগতে নিয়মীয়া ব্যায়ামে আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে ৷
- মানসিক বিষণ্ণতা, উদ্বেগ আৰু মানসিক চাপত ভুগি থকা লোকসকলে দৈনিক খোজকাঢ়ি ভাল ফলাফল লাভ কৰিব পাৰে ৷
প্ৰতিদিনে কিমান দূৰ খোজ কাঢ়িব লাগে ?
- এজন পুৰুষে সুস্থ হৈ থাকিবলৈ প্ৰতিদিনে কমেও আধা ঘণ্টা খোজ কাঢ়িব লাগে ৷
- বিশেষজ্ঞসকলে কয় যে, আধা ঘণ্টা খোজ কাঢ়িলে প্ৰায় ১০ হাজাৰ খোজ দিয়া হয় ৷
- কিন্তু ৫ বছৰৰ পৰা ৭ বছৰৰ ভিতৰৰ শিশুৱে দৈনিক ১২,০০০ৰ পৰা ১৫,০০০ খোজ কাঢ়িব লাগে ৷
- বিশেষজ্ঞসকলে কয় যে, ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ লোকে প্ৰতিদিনে ১২ হাজাৰ খোজ কাঢ়িব লাগে ৷
- ৪০ বছৰৰ উৰ্ধৰ লোকক ১১ হাজাৰ খোজ কাঢ়িবলৈ পৰামৰ্শ দিয়া হৈছে ৷
- বিশেষজ্ঞসকলে কয় যে, ৫০ বছৰৰ উৰ্ধৰ লোকসকলে ১০ হাজাৰ খোজ কাঢ়িলে সুস্থ হ’ব পাৰে ৷
- বিশেষজ্ঞসকলে কয় যে, ৬০ বছৰৰ উৰ্ধৰ লোকে দৈনিক ৮ হাজাৰ খোজ কাঢ়িলে উপকৃত হ’ব পাৰে ৷
লগতে পঢ়ক: ৰুটি ফুলিবই ফুলিব ! অনুসৰণ কৰক এই টিপছ - ROTI MAKING TIPS