ETV Bharat / health

মেকআপৰ পিচতো ছালখন খুব তেলেতীয়া হৈ পৰে নেকি ? তেন্তে এয়া লওক সমাধান - Oily Skin Makeup Tips

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 6:39 PM IST

Oily Skin Makeup Tips: প্ৰাইমাৰে আপোনাৰ ছালৰ পৰা ওলোৱা ঘাম নিয়ন্ত্ৰণত ৰাখে । লগতে ই ছালত অহা অতিৰিক্ত তেলো নিয়ন্ত্ৰণ কৰে । প্ৰাইমাৰ প্ৰয়োগ কৰিলে ছালৰ সংক্ৰমণৰ পৰাও সুৰক্ষা পাব পাৰি । যদি আপুনিও তেলেতীয়া ছালৰ বাবে সমস্যাত ভুগিছে । তেন্তে মেকআপ প্ৰয়োগ কৰাৰ আগতে এই পদ্ধতিবোৰ অনুসৰণ কৰক ।

Do you have oily skin? Try this makeup routine
মেকআপৰ পিচতো ছালখন খুব তেলেতীয়া হৈ পৰে নেকি ? তেন্তে এয়া লওক সমাধান (FREEPIK)

মহিলাৰ সৌন্দৰ্য বৃদ্ধি মেকআপে বিশেষ ভূমিকা পালন কৰে ৷ ছালৰ ধৰণ অনুযায়ী মেকআপো সদায় বেলেগ বেলেগ হয় ৷ যদি আপুনি আপোনাৰ ছালৰ ধৰণ অনুযায়ী মেকআপ কৰে তেন্তে তেনেহ’লে ই আপোনাৰ সৌন্দৰ্য আৰু অধিক বঢ়াই তোলে ৷

শুকান ছালৰ লোকসকলৰ ক্ষেত্ৰত মেকআপ কৰাত কিছু অসুবিধাৰ সৃষ্টি হয় ৷ কিয়নো ছাল শুকান হোৱাৰ বাবে মুখখন অতি সোনকালে ফাটিবলৈ আৰম্ভ কৰে ৷ আনহাতে, তেলেতীয়া ছাল থকা লোকসকলৰ এটা সমস্যা হৈছে যে তেওঁলোকৰ মুখত মেকআপ বেছি সময়লৈকে টিকি নাথাকে ৷ এনে পৰিস্থিতিত, তেওঁলোকৰ সম্পূৰ্ণ লুকটো অতি সোনকালে নষ্ট হৈ যায় ৷

তেলেতীয়া ছাল থকা মহিলাসকলে মেকআপৰ সময়ত বহুতো সমস্যাৰ সন্মুখীন হ’বলগা হয় ৷ একে সময়তে, তেলেতীয়া ছাল থকা লোকসকলৰ পিম্পল আৰু ব্রণৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হয় ৷ যাৰ ফলত তেওঁলোকৰ মুখত মেকআপ প্ৰয়োগ কৰাত যথেষ্ট অসুবিধা হয় ৷

তেলেতীয়া ছালৰ লোকসকলে সদায় ছালৰ প্ৰকাৰ অনুসৰি মেকআপ বাছনি কৰিব লাগে ৷ ইয়াৰ লগতে, মেকআপ কৰাৰ আগতে তেওঁলোকে তেওঁলোকৰ ছাল ভালদৰে প্ৰস্তুত কৰিব লাগে ৷ দি আপোনৰ তেলেতীয়া ছালৰ বাবে সমস্যা হয়, তেনেহ’লে মেকআপ কৰাৰ আগতে আপুনি ছালৰ যত্নৰ কিছুমান পদক্ষেপ অনুসৰণ কৰিব লাগিব ৷

পদ্ধতি-১: পৰিষ্কাৰ কৰা, টোনিং, মইশ্ব'ৰাইজিং

প্ৰথম পদ্ধতিত, আপুনি আপোনাৰ ছালখন ভালদৰে পৰিষ্কাৰ কৰিব লাগিব ৷ পৰিষ্কাৰ কৰাৰ বাবে আপুনি আপোনাৰ ছালৰ প্ৰকাৰ অনুসৰি ক্লিনজাৰ বা ফেচৱাছ ব্যৱহাৰ কৰিব পাৰে ৷ ছালখন মেকআপৰ বাবে প্ৰস্তুত কৰিবলৈ, আপুনি ছালখন পৰিষ্কাৰ কৰি, টোনিং আৰু মইশ্ব'ৰাইজ কৰাৰ পদক্ষেপবোৰ অনুসৰণ কৰা উচিত ৷ তেলেতীয়া ছালৰ বাবে চেলিচিলিক এচিডৰ সৈতে ক্লিনজাৰ এটা ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা আপোনাৰ ছালত যি অতিৰিক্ত তেল আছে সেয়া নাইকীয়া হ’ব ৷

পদ্ধতি-২: প্ৰাইমাৰ প্ৰয়োগ কৰক

উন্নত মেকআপ লুক পাবলৈ প্ৰাইমাৰ প্ৰয়োগ নকৰাকৈ কেতিয়াও মেকআপ প্ৰয়োগ নকৰিব ৷ কিয়নো প্ৰাইমাৰে আপোনাৰ ছালৰ পৰা ওলোৱা ঘাম নিয়ন্ত্ৰণত ৰাখে ৷ লগতে ছালত অহা তেলো নিয়ন্ত্ৰণ কৰে ৷ প্ৰাইমাৰ প্ৰয়োগ কৰিলে আপোনাৰ ছাল সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থাকিব ৷

পদ্ধতি-৩: লুজ পাউডাৰ প্ৰয়োগ কৰক

তেলেতীয়া ছাল থকা লোকসকলৰ এটা সমস্যা হ’ল মেকআপ প্ৰয়োগ কৰাৰ অলপ পাছতে, তেওঁলোকৰ ছাল পুনৰ তেলেতীয়া দেখাবলৈ আৰম্ভ কৰে ৷ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি মেকআপ শেষ কৰাৰ পাচত লুজ পাউডাৰ প্ৰয়োগ কৰক ৷ ই আপোনাৰ মেকআপ দীঘলীয়া সময়ৰ বাবে ছেট কৰি ৰাখিব ৷

লগতে পঢ়ক: "ছান বাৰ্ণ" হৈছে নেকি ? তেন্তে অনুসৰণ কৰক সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তৰ এই টিপছ - Skin Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.