ETV Bharat / health

সঁচাকৈয়ে Coronaৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটাক-ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে নেকি ?

ক’ৰনা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্ববাসীকে যথেষ্ট প্ৰভাৱিত কৰিছিল, সম্প্ৰতি ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে । শেহতীয়া অধ্যয়নত কি কোৱা হৈছে জানো আহক-

Do people who have recovered from COVID-19 really have double the risk of heart attack and stroke?
সঁচাকৈয়ে Coronaৰ পৰা সুস্থ হোৱা লোকৰ হাৰ্ট এটাক-ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা থাকে নেকি ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : 2 hours ago

ক’ৰনা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বকে আগুৰি ধৰিছে, আৰু এতিয়া ইয়াৰ দীৰ্ঘম্যাদী প্ৰভাৱক লৈ নতুন চিন্তাৰ উন্মেষ ঘটিছে ৷ শেহতীয়াকৈ প্ৰকাশিত এক অধ্যয়নত বিজ্ঞানীসকলে চাঞ্চল্যকৰভাৱে প্ৰকাশ কৰিছে যে ক’ৰনাৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ্ট এটাক আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা দুগুণ হ’ব পাৰে ৷ আমেৰিকাৰ বিজ্ঞানীসকলে কৰা এই অধ্যয়নটো বিগত সপ্তাহত প্ৰকাশ পাইছিল ৷

বিগত সপ্তাহত আমেৰিকাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা শেহতীয়া এক অধ্যয়নত, ক’ৰনাৰ প্ৰথম ঢৌত সংক্ৰমণ হোৱা ১০ হাজাৰ লোকৰ ওপৰত গৱেষণা কৰা হৈছে ৷ এই লোকসকলক তিনিবছৰ ধৰি অনুসৰণ কৰি দেখা গ’ল যে যিসকল লোক ক’ৰনাত আক্ৰান্ত হৈছিল তেওঁলোকৰ হাৰ্ট এটাক, ষ্ট্ৰ’ক বা মৃত্যুৰ সম্ভাৱনা দুগুণ, আনহাতে যিসকলৰ সংক্ৰমণ ইমানেই ভয়াৱহ আছিল যে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল, এই আশংকা চাৰিগুণলৈ বৃদ্ধি পাইছিল ৷

এই বিপদ কেৱল ভেকচিন নোলোৱাসকলৰ বাবে নেকি ?

কিন্তু এই অধ্যয়ন ক’ৰনাৰ ভেকচিন উপলব্ধ নোহোৱা সময়ৰ পৰাই কৰা হৈছে ৷ কিন্তু তথাপিও ভেকচিনৰ পিচতো ক’ৰনাৰ দীৰ্ঘম্যাদী প্ৰভাৱ শৰীৰত কি হ’ব সেই লৈ বিশেষজ্ঞসকলৰ মাজত গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে ৷ বিশেষজ্ঞৰ মতে, ‘হৃদযন্ত্ৰই নিজকে মেৰামতি কৰিব নোৱাৰে, গতিকে এবাৰ ক্ষতি হোৱাৰ পিচত মেৰামতি কৰাটো প্ৰায় অসম্ভৱ ৷’ লগতে তেওঁ কয় যে, হৃদযন্ত্ৰ এটা শক্তিশালী অংগ, যাৰ অৱস্থা অতি বেয়া নোহোৱালৈকে কোনো সংকেত নিদিয়ে ৷

ক’ৰনাই হৃদযন্ত্ৰত কেনে প্ৰভাৱ পেলাব পাৰে ?

ক’ৰনা ভাইৰাছে হৃদযন্ত্ৰত বহু ধৰণে প্ৰভাৱিত কৰিব পাৰে ৷ বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছে তেজ জমা হোৱাৰ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব পাৰে ৷ ইয়াৰ উপৰিও মায়োকাৰ্ডিটিছ অৰ্থাৎ হৃদযন্ত্ৰৰ প্ৰদাহো কিছুমান ক্ষেত্ৰত দেখা গৈছে, যাৰ ফলত হাৰ্ট এটাকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷

নিজৰ হৃদয়ৰ যত্ন কেনেকৈ ল’ব ?

কিন্তু ক’ৰনা সংক্ৰমণৰ বেছিভাগ ক্ষেত্ৰতে সামান্য আৰু দীৰ্ঘম্যাদী কোনো সমস্যাৰ সৃষ্টি নহয় ৷ কিন্তু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ অধ্যাপক ক্লাৰ্কে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে ৷ তেওঁ কয় যে, আপোনাৰ এটা হৃদয় আছে যিয়ে আপোনাৰ জীৱনজোৰা কাম কৰিব লাগে, গতিকে ইয়াৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় আৰু এয়া কেৱল আপোনাৰ হাততেই আছে ৷

https://www.ahajournals.org/doi/abs/10.1161/ATVBAHA.124.321001

লগতে পঢ়ক: ভাৰতত ২৪ ঘন্টাত Covid-19 আক্ৰান্ত হৈ ৬জন লোকৰ মৃত্যু; নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৯২লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.