ETV Bharat / health

আপোনাৰ হাত-ভৰি খুব জিনজিনাই নেকি ? তেন্তে ইয়াক কেতিয়াও নকৰিব আওকাণ - Tingling Hands and Feet - TINGLING HANDS AND FEET

Tingling Hands and Feet: দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি-শুই থাকিলে শিৰাবোৰৰ ওপৰত চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস কৰে ৷ ইয়াৰ ফলতেই শৰীৰত জিনজিননিৰ সমস্যা হয় ৷ প্ৰকৃততে, শৰীৰত এই সমস্যা কিছুমান ভিটামিনৰ অভাৱৰ বাবে হয় ৷ কি ভিটামিনৰ অভাৱত জিনজিননিৰ সমস্যা হয়, আজি জানো আহক-

Do not ignore frequent tingling in your hands and feet
আপোনাৰ হাত-ভৰি খুব জিনজিনাই নেকি ? তেন্তে ইয়াক কেতিয়াও নকৰিব আওকাণ (SOURCE: FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 7, 2024, 9:51 PM IST

কিছুমান লোকৰ খুব সঘনাই হাত আৰু ভৰি জিনজিনাই থাকে ৷ দীঘলীয়া সময়ৰ বাবে একে স্থিতিত বহি থকা বা থিয় হৈ থাকিলে এনে হ'ব পাৰে ৷ তদুপৰি, বহু সময় ধৰি একে স্থিতিত শুলে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে জিনজিননিৰ সমস্যা হ'ব পাৰে ৷ একে স্থিতিত বহি-শুই থাকিলে শিৰাবোৰৰ ওপৰত চাপ পৰে, যিয়ে ৰক্ত সঞ্চালন হ্ৰাস কৰে ৷

ইয়াৰ ফলতেই শৰীৰত জিনজিননিৰ সমস্যা হয় ৷ প্ৰকৃততে, শৰীৰত এই সমস্যা কিছুমান ভিটামিনৰ অভাৱৰ বাবে হয় ৷ কি ভিটামিনৰ অভাৱত জিনজিননিৰ সমস্যা হয়, আজি জানো আহক-

ভিটামিন B6

ভিটামিন-B6ৰ অভাৱৰ বাবে হাত-ভৰিত জিনজিননি হ'ব পাৰে ৷ সেয়েহে, আপুনি ভিটামিন-বি যুক্ত আহাৰ যেনে বাদাম, বীজ, মাংস, মাছ আদি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

ভিটামিন E

E ভিটামিনৰ ফলতো হাত আৰু ভৰিত জিনজিননি হয় ৷এই ভিটামিনৰ অভাৱৰ বাবে অন্ত্ৰত থকা চৰ্বি শোষণ প্ৰক্ৰিয়া হ্ৰাস হয় ৷ ফলত হাত আৰু ভৰিত জিনজিননি হ'ব পাৰে ৷ এই ভিটামিনবোৰ পূৰণ কৰিবলৈ আপুনি আহাৰত শুকান ফল, বীজ, আদি গ্ৰহণ কৰিব পাৰে ৷

ভিটামিন B1

হাত-ভৰিৰ জিনজিননি শৰীৰত ভিটামিন-বি১-ৰ অভাৱৰ বাবেও হ'ব পাৰে ৷ শৰীৰত এই ভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি মাহজাতীয় শস্য, সম্পূৰ্ণ শস্য, শুকান ফল আদি খাব পাৰে ৷

ভিটামিন B12

ভিটামিন-B12-ৰ অভাৱো এই সমস্যাৰ কাৰণ হ'ব পাৰে ৷ এই ভিটামিনে কোষবোৰক শক্তি প্ৰদান কৰাত সহায় কৰে ৷ যদি ই শৰীৰত হ্ৰাস হ'বলৈ আৰম্ভ কৰে, কোষবোৰ দুৰ্বল হ'ব পাৰে ৷ ইয়াৰ অভাৱ পূৰণ কৰিবলৈ কণী, দুগ্ধজাত সামগ্ৰী খাব ৷

ভিটামিন B9

ভিটামিন-B9-ৰ অভাৱ হাত আৰু ভৰিত জিনজিননিৰ কাৰণ হ'ব পাৰে ৷ এনে পৰিস্থিতিত, আপুনি ইয়াৰ অভাৱ পূৰণ কৰিবলৈ শাক, চীনাবাদাম, সম্পূৰ্ণ শস্য আদি অন্তৰ্ভুক্ত কৰিব পাৰে ৷

লগতে পঢ়ক: ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখা কেইবিধমান বিশেষ পানীয় - Blood Sugar Control Drinks

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.