ETV Bharat / health

নেমুৰ সৈতে এইবিধ খাদ্য খোৱাটো আজিয়েই বাদ দিয়ক - Lemon Side Effects

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 12:06 PM IST

Bad Food Combination: ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এবিধ সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ফল হৈছে নেমু । কিন্তু আপুনি জানেনে যে কিছুমান বস্তুৰ সৈতে নেমু সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে ?

do not eat these 4 foods with lemon it will make you sick
নেমুৰ সৈতে এই বিধ খাদ্য খোৱাটো যদি আজিয়েই বাদ দিয়ক (FREEPIK)

ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এবিধ সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ ফল হৈছে নেমু ৷ ইয়াক প্ৰায়ে খাদ্যৰ সোৱাদ বঢ়াবলৈ আৰু চাহত যোগ কৰিবলৈ ব্যৱহাৰ কৰা হয় ৷ কিন্তু আপুনি জানেনে যে কিছুমান বস্তুৰ সৈতে নেমু সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ? যদি আপুনি এই বিষয়ে জ্ঞাত নহয় তেন্তে আজিৰ এই প্ৰতিবেদন আপোনাৰ বাবে ৷

আয়ুর্বেদত উল্লেখ থকা মতে, যি আহাৰ বা আহাৰৰ মিশ্রণ সেৱন কৰাৰ ফলত শৰীৰত তাৰ কু-প্ৰভাৱ পৰে আৰু শৰীৰ বৰ্ধনত বাধাৰ সৃষ্টি কৰে বা শৰীৰৰ কোষবিলাকৰ পোষণৰ অনুকূল ক্রিয়া কৰে, তেনেহলে সেই আহাৰক ‘বিৰুদ্ধ আহাৰ’ বুলি কোৱা হয় বা ভুল খাদ্যৰ সংমিশ্ৰণ বুলিও কোৱা হয় ৷ ইয়াৰ ফলত পাচনতন্ত্ৰ বিঘ্নিত হৈ বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ তেন্তে নেমুৰ লগত কোন ৪বিধ খাদ্য খাব নালাগে জানো আহক-

১/ গাখীৰ

গাখীৰৰ লগত নেমু সেৱন কৰিলে পেটৰ সমস্যা যেনে গেছ, বদহজম, ডায়েৰিয়া আদি হ’ব পাৰে । এনে হয় কাৰণ নেমুৰ এচিডিক মৌল গ্ৰহণ কৰাৰ ফলত গাখীৰৰ প্ৰ’টিন ফাটি যায়, যাৰ ফলত হজম প্ৰক্ৰিয়াত অসুবিধাৰ সৃষ্টি হয় ।

২/ দৈ

দৈৰ সৈতে নেমু খোৱাটোও পেটৰ বাবে ক্ষতিকাৰক ৷ নেমুত থকা এচিডে দৈত থকা ভাল বেক্টেৰিয়া ধ্বংস কৰে, যাৰ ফলত পাচনতন্ত্ৰ দুৰ্বল হয় আৰু এচিডিটি বৃদ্ধি কৰিব পাৰে ৷

৩/ মাছ

মাছৰ লগত নেমু সেৱন কৰিলে মাছৰ পুষ্টি কমি যায় ৷ নেমুত থকা এচিডে মাছত থকা প্ৰ’টিনৰ পাচনত বাধা দিয়ে, যাৰ বাবে শৰীৰে মাছে প্ৰদান কৰা প্ৰয়োজনীয় পুষ্টিকৰ উপাদান লাভ নকৰে ৷

৪/ কণী

কণীৰ লগত নেমু সেৱন কৰিলে পেট গধুৰ হৈ পৰাৰ লগতে বদহজমৰ সমস্যাৰ হ’ব পাৰে ৷ নেমুত থকা এচিডে কণীত থকা প্ৰ’টিন হজম কৰাত অসুবিধাৰ সৃষ্টি কৰে, যাৰ ফলত পেটৰ বিষ হ’ব পাৰে ৷

এই খাদ্যসমূহৰ বাহিৰেও অত্যধিক নেমু সেৱনে পেটৰ বিষ, এচিডিটি আৰু মুখৰ আলচাৰ আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ সেয়ে সঠিক পৰিমাণে নেমু সেৱন কৰিব লাগে আৰু ওপৰত উল্লেখিত এই খাদ্যৰ লগত খাবলৈ সম্পূৰ্ণ পৰিহাৰ কৰিব লাগে ৷ লগতে মনত ৰাখিব যে যদি আপোনাৰ কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে নেমু খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক ৷

লগতে পঢ়ক: উফঃ গৰম, খাওক গিলাচে গিলাচে নেমু চৰবত - Lemonade in Summers

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.