ETV Bharat / health

৩৮ বছৰ বয়সত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন; জানি লওক ৩০ বছৰৰ পিচত গৰ্ভধাৰণৰ জটিলতাসমূহ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 4:09 PM IST

Late Pregnancy Risk: গৰ্ভাৱস্থাৰ বাবে কোনটো বয়স উত্তম ? ইয়াৰ কোনো পোনপটীয়া উত্তৰ নাই । কিন্তু ২০-৩০ বছৰ বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ তুলনাত ৩০ বছৰৰ পিচত গৰ্ভধাৰণ কৰা মহিলাসকলে অধিক অসুবিধাৰ সন্মুখীন হয় । আপোনালোকক জনাওঁ যে দীপিকা পাডুকনেও ৩৮ বছৰ বয়সত সন্তান জন্ম দিবলৈ আগবাঢ়িছে ।

Deepika Padukone will give birth to a child at the age of 38, know how there is a risk of complications in pregnancy after 30
৩৮ বছৰ বয়সত মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকন; জানি লওক ৩০ বছৰৰ পিছত গৰ্ভাধাৰণৰ কৰাৰ জটিলতাসমূহ

অতি শীঘ্ৰেই দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ ঘৰত কণমানিৰ কোলাহল শুনিবলৈ পোৱা যাব ৷ দুয়োজনে বিবাহৰ ৬ বছৰৰ পিচত পৰিয়াল পৰিকল্পনা কৰিবলৈ ওলাইছে ৷ হয়, ৩৮ বছৰ বয়সত মাতৃ হ’বলৈ আগবাঢ়িছে অভিনেত্ৰীগৰাকী ৷ দৰাচলতে বৰ্তমান সময়ত ৩০ বছৰৰ পিচত সন্তান জন্ম দিয়াটো বৰ সাধাৰণ কথা হৈ পৰিছে ৷ কিন্তু বয়স বৃদ্ধিৰ লগে লগে গৰ্ভাৱস্থাৰ সৈতে জড়িত বিপদক অস্বীকাৰ কৰিব নোৱাৰি ৷

যদিও মহিলা ৰজোনিবৃত্তিৰ আগতে যিকোনো সময়তে গৰ্ভৱতী হ’ব পাৰে, তথাপিও সাধাৰণতে দেখা যায় যে বয়স বৃদ্ধিৰ লগে লগে মহিলাৰ প্ৰজনন ক্ষমতা কমি আহে ৷ ডিম্বাশয়ৰ মানদণ্ড ২০-৩০ বছৰ বয়সৰ দৰে ভাল হৈ নাথাকে ৷ ৩০ বা ৩৫ বছৰৰ পিচত গৰ্ভধাৰণ সাধাৰণভাৱে নহয় আৰু কিছু বিপদ জড়িত হৈ থাকে ৷ জানো আহক ৩০ বা ৩৫ বছৰৰ পিচত গৰ্ভধাৰণ কৰিলে কেনেধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে-

  • যমজ সন্তান জন্ম হোৱাৰ সম্ভাৱনা

মেয়’ ক্লিনিকৰ তথ্য অনুসৰি বয়স বৃদ্ধিৰ লগে লগে যমজ সন্তান জন্ম দিয়াৰ সম্ভাৱনা বৃদ্ধি পায় ৷ হৰম’নৰ পৰিৱৰ্তনৰ বাবে এনে হয় ৷ যমজ সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আইভিএফে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এনে পৰিস্থিতিত যদি আপুনি মাত্ৰ এটা সন্তান বিচাৰে তেন্তে ই আপোনাৰ বাবে সমস্যা হ’ব পাৰে ৷

  • গৰ্ভাৱস্থাৰ ডায়েবেটিছ

গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতহে গৰ্ভাৱস্থাৰ ডায়েবেটিছ ৰোগ বা Gestational Diabetes হয় ৷ সাধাৰণতে পলমকৈ গৰ্ভধাৰণ কৰা মহিলাৰ ক্ষেত্ৰত ইয়াৰ আশংকা বেছি থাকে ৷ সময়মতে চিকিৎসা নকৰিলে শিশুটি গড়তকৈ ডাঙৰ হ’ব পাৰে ৷ যাৰ বাবে প্ৰসৱৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয় ৷

  • অকাল প্ৰসৱ

গৰ্ভাৱস্থাৰ ৩৭ সপ্তাহৰ পূৰ্বে হোৱা প্ৰসৱক অকালপক্ক বুলি কোৱা হয় ৷ এইটো এটা গুৰুতৰ পৰিস্থিতি, কাৰণ এনে পৰিস্থিতিত শিশুটিৰ সম্পূৰ্ণ বিকাশ নহয় ৷ এনে পৰিস্থিতিত কেতিয়াবা শিশুটিক বচাবলৈ অসুবিধা হয় ৷ যদিও যিকোনো মহিলাৰ অকালতে প্ৰসৱ হ’ব পাৰে, তথাপিও গৰ্ভাৱস্থাৰ শেষৰ ফালে ইয়াৰ আশংকা বেছি হয় ৷

  • চি-ছেকচন ডেলিভাৰী

প্ৰাকৃতিক প্ৰসৱক সৰ্বোত্তম বুলি গণ্য কৰা হয়, কাৰণ ইয়াত মহিলাগৰাকীৰ শৰীৰ অতি সোনকালে সুস্থ হৈ উঠে ৷ কিন্তু বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ সম্ভাৱনা কমি যায়, তাৰ পিচত চি-ছেকচনেই একমাত্ৰ সমাধান হৈ ৰয় ৷

  • ক্ৰম’জমৰ অৱস্থা

অধিক বয়সত গৰ্ভধাৰণ কৰা মহিলাৰ পৰা জন্ম হোৱা শিশুৰ ডাউন চিণ্ড্ৰমৰ দৰে কিছুমান ক্ৰম’জমৰ অৱস্থাৰ সম্ভাৱনা বেছি থাকে ৷ ইয়াৰ উপৰিও গৰ্ভাৱস্থাৰ সময় পলম হ’লেও শিশুৰ ওজন কম হয় ৷

  • গৰ্ভপাত

বয়স বৃদ্ধিৰ লগে লগে গৰ্ভপাত আৰু মৃত সন্তান জন্মৰ আশংকা বৃদ্ধি পায় ৷ গৱেষণাৰ পৰা দেখা গৈছে যে বয়স বৃদ্ধিৰ লগে লগে ডিম্বাশয়ৰ গুণাগুণ হ্ৰাস পোৱাৰ বাবে গৰ্ভপাতৰ আশংকা থাকিব পাৰে ৷ মূলতঃ উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আদিৰ বাবেই গৰ্ভপাত হোৱাৰ সম্ভাৱনাই দেখা দিয়ে ৷

লগতে পঢ়ক: পুৱা খাদ্য ৰান্ধিবলৈ এলাহ লাগে ? তেন্তে সংৰক্ষণ কৰিবলৈ উত্তম এই ৫বিধ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.