ETV Bharat / health

বিপদত শিশুৰ দৃষ্টিশক্তি ! স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে মাতিব পাৰে বিপদ - Myopia

Myopia: ভাৰতৰ শিশুৰ দৃষ্টিশক্তিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰভাৱে প্ৰকাশ পাইছে যে ভাৰতৰ ১৩%তকৈ অধিক স্কুললৈ যোৱা শিশু মায়’পিয়াত আক্ৰান্ত ।

Children's myopia risk linked to smartphone use, study says
বিপদত শিশুৰ দৃষ্টিশক্তি! স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে মাতিব পাৰে বিপদ (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 10:02 PM IST

শেহতীয়াকৈ কৰা এক অধ্যয়নত চাঞ্চল্যকৰভাৱে প্ৰকাশ পাইছে যে ভাৰতৰ ১৩%তকৈ অধিক স্কুললৈ যোৱা শিশুৱে মায়’পিয়া (দূৰৈৰ বস্তু দেখাত অসুবিধা) ৰোগত আক্ৰান্ত হয় ৷ বিগত দশকত এই সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে ৷ বিশেষজ্ঞসকলৰ মতে, ইয়াৰ মূল কাৰণ হৈছে শিশুৰ দ্বাৰা স্মাৰ্টফোন আৰু অন্যান্য ইলেক্ট্ৰনিক যন্ত্ৰৰ ব্যৱহাৰ বৃদ্ধি পোৱা ৷

মায়’পিয়া হৈছে এনে এক সমস্যা, য’ত দূৰৈৰ বস্তুবোৰ অস্পষ্ট যেন লাগে, আনহাতে ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা যায় ৷ সাধাৰণতে শৈশৱত ইয়াৰ বিকাশ হয় আৰু বয়সৰ লগে লগে বৃদ্ধি হ’ব পাৰে ৷ গুৰুতৰ মায়’পিয়াৰ ফলত ৰেটিনাৰ সমস্যা হ’ব পাৰে ৷

অধ্যয়নটোৰ মূল গৱেষকসকলে বিশ্বাস কৰে যে, অত্যধিক স্ক্ৰীণ টাইম আৰু কম বয়সতে শিশুৰ ইলেক্ট্ৰনিক ডিভাইচৰ সংস্পৰ্শলৈ অহাটো মায়’পিয়াৰ বাবে এক প্ৰধান বিপদজনক কাৰক ৷

তেওঁ লগতে কয় যে, চহৰ অঞ্চলৰ (৮.৫%) শিশুৰ তুলনাত গ্ৰাম্য অঞ্চলৰ (৬.১%) শিশুৰ ক্ষেত্ৰত মায়’পিয়াৰ সমস্যা কম দেখা যায় ৷ ইয়াৰ কাৰণ এইটো বিবেচনা কৰিব পাৰি যে চহৰ অঞ্চলৰ শিশুসকলে স্মাৰ্টফোন আৰু অন্যান্য ইলেক্ট্ৰনিক যন্ত্ৰৰ সহজে ব্যৱহাৰ কৰিব পাৰে ৷

ইয়াৰ সমাধান কি ?

এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষজ্ঞসকলে শিশুৰ স্মাৰ্টফোন আৰু অন্যান্য ইলেক্ট্ৰনিক যন্ত্ৰ ব্যৱহাৰৰ সময় সীমিত কৰাৰ পৰামৰ্শ দিয়ে ৷ লগতে শিশুসকলক বাহিৰত খেলা-ধূলা কৰি অধিক সময় কটাবলৈ উৎসাহিত কৰিব লাগে ৷ মায়’পিয়া প্ৰতিৰোধত সূৰ্যৰ পোহৰে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে ৷ অভিভাৱকসকলেও সন্তানৰ চকুৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু নিয়মিতভাৱে চকুৰ পৰীক্ষা কৰাব লাগে ৷

কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে মায়’পিয়া ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ অনুমান অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বৰ আধাতকৈ অধিক জনসংখ্যা মায়’পিয়াত আক্ৰান্ত হ’ব পাৰে ৷ চিন্তাৰ বিষয় যে ভাৰতৰ দৰে উন্নয়নশীল দেশত (য’ত স্বাস্থ্য সুবিধাৰ অভাৱ) মায়’পিয়াৰ ক্ৰমবৰ্ধমান ৰোগীয়ে স্বাস্থ্য ব্যৱস্থাৰ ওপৰত বোজা বৃদ্ধি কৰিব পাৰে ৷ গতিকে অভিভাৱক আৰু শিক্ষকসকলে শিশুৰ ডিজিটেল যন্ত্ৰৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰি চকুৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন ৷

বিপদত শিশুৰ দৃষ্টিশক্তি! স্মাৰ্টফোনৰ অত্যধিক ব্যৱহাৰে মাতিব পাৰে বিপদ

ভাৰতৰ শিশুৰ দৃষ্টিশক্তিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শেহতীয়া এক অধ্যয়নত চাঞ্চল্যকৰভাৱে প্ৰকাশ পাইছে যে ভাৰতৰ ১৩%তকৈ অধিক স্কুললৈ যোৱা শিশু মায়’পিয়াত আক্ৰান্ত ।

লগতে পঢ়ক: শিশুৰ ডায়েৰীয়া হ’লে ORS খুওৱাটো কিমান প্ৰয়োজনীয় ? - Child Health Care

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.