দ্বিতীয়বাৰৰ বাবে এগৰাকী মানুহৰ দেহত ধৰা পৰিছে বাৰ্ড ফ্লুৰ ভাইৰাছৰ অৱস্থিতি । বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ পশ্চিম বংগত H5N1 ভাইৰাছ (বাৰ্ড ফ্লু)ৰ এটা ঘটনা নিশ্চিত কৰিছে । এটা চাৰি বছৰীয়া শিশু H5N1 ভাইৰাছত আক্ৰান্ত হৈছে ৷ তথ্য অনুসৰি, প্ৰথমবাৰৰ বাবে 2019 চনত ভাৰতত এই H5N1 ভাইৰাছ মানৱ শৰীৰত পোৱা গৈছিল ৷
বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে যে শিশুটোক ফেব্ৰুৱাৰীত শ্বাসতন্ত্ৰৰ ৰোগ আৰু তীব্ৰ জ্বৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । শিশুটোৱে প্ৰায় তিনি মাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷ তাৰ পিচতেই শিশুটিৰ শৰীৰত H5N1 ভাইৰাছ কৰিছিল ৷
শিশুটোৰ কি হৈছিল :
বাৰ্ড ফ্লুত আক্ৰান্ত হোৱা শিশুটোৰ লক্ষণ হৈছে, এই চাৰি বছৰীয়া শিশুটোৱে পেটৰ বিষৰ বিষয়ে অভিযোগ কৰিছিল । শিশুটোৰ এই ভাইৰাছৰ সংক্ৰমণৰ কাৰণ হৈছে শিশুটোৰ ঘৰৰ লগতে আশে পাশে কুকুৰা চৰাই পোহাৰ লগত ফাৰ্ম আছিল ৷
লগতে পঢ়ক: Bird flu virus: H3N8 বাৰ্ড ফ্লু কেনেকৈ মানুহৰ শৰীৰত কেনেকৈ বিয়পে ? এই লক্ষণসমূহৰ পৰা সাৱধান
বাৰ্ড ফ্লু কি :
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই বাৰ্ড ফ্লু সংক্ৰমণক এভিয়ান ইনফ্লুৱেঞ্জা প্ৰকাৰ এ ভাইৰাছৰ দ্বাৰা হোৱা সংক্ৰমণ বুলি ব্যাখ্যা কৰিছে । সাধাৰণতে, ই বন্য জলজ চৰাই, ঘৰুৱা কুকুৰা, আৰু অন্যান্য চৰাইক প্ৰভাৱিত কৰে ৷ অৱশ্যে, মানুহৰ ক্ষেত্ৰতো বাৰ্ড ফ্লু সংক্ৰমণ হ'ব পাৰে ৷ এনে ধৰণৰ ঘটনা পূৰ্বতেও এটা পোহৰলৈ আহিছে ৷
মানুহৰ ক্ষেত্ৰত বাৰ্ড ফ্লু কেনেদৰে হয় ?
এই ভাইৰাছৰ সংক্ৰমণ সাধাৰণতে চৰাই বা আন জন্তুৰ (পশুধন) সংস্পৰ্শলৈ অহা লোকৰ ক্ষেত্ৰত হয় ৷
বাৰ্ড ফ্লুৰ লক্ষণ কি ?
বাৰ্ড ফ্লুৰ ৰোগীসকলৰ চকুৰ সংক্ৰমণ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্য়াই দেখা দিয়ে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই জনাইছে যে ইয়াৰ গুৰুতৰ লক্ষণবোৰৰ ভিতৰত অন্যতম হৈছে নিউমোনিয়া ৷ ই স্বাস্থ্যৰ বাবে মাৰাত্মক হ'ব পাৰে ।
বাৰ্ড ফ্লু সংক্ৰমণৰ প্ৰতিকাৰ :
এই ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সংক্ৰমিত চৰাই আৰু জন্তুৰ সৈতে দীৰ্ঘম্যাদী সংস্পৰ্শত নাহিব । ইয়াৰ উপৰিও, স্বাস্থ্য সংস্থাই কম ৰন্ধা খাদ্য নাখাবলৈও পৰামৰ্শ দিছে । বিশেষকৈ কুকুৰা পালন কৰা লোকসকলে খাদ্যসমূহ ভালদৰে ৰান্ধি খাওক ৷
ইয়াৰে কিছু সামগ্ৰীৰ ভিতৰত আছে পেষ্টুৰাইজ গাখীৰ বা কেঁচা গাখীৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী, যেনে পনীৰ । এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু কেৰালাৰ কেইবাখনো জিলাত চৰাই আৰু জন্তুৰ শৰীৰত বাৰ্ড ফ্লুৰ ঘটনা সংঘটিত হৈছে ৷
লগতে পঢ়ক: Bird flu infection in human body : প্ৰথমবাৰৰ বাবে মানুহৰ দেহত বাৰ্ড ফ্লু