ETV Bharat / health

কেন্সাৰ ৰোগীৰ বাবে ডাঙৰ সকাহ: হ্ৰাস হ’ব কৰ্কট ৰোগৰ এই তিনিবিধ ঔষধৰ মূল্য - ANTICANCER DRUGS

কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বৃহৎ সকাহ । Trastuzumab, Deruxtecanকে ধৰি তিনিবিধ প্ৰধান কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ-

Relief for cancer patients, big cut in prices of 3 anti-cancer drugs including Trastuzumab
কেন্সাৰ ৰোগীৰ বাবে ডাঙৰ সকাহ: হ্ৰাস হ’ব কৰ্কট ৰোগৰ এই তিনিবিধ ঔষধৰ মূল্য (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Dec 7, 2024, 12:59 PM IST

কৰ্কট ৰোগৰ দৰে ভয়াৱহ ৰোগত আক্ৰান্ত ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এটি ডাঙৰ সকাহৰ খবৰ ৷ ট্ৰাষ্টুজুমেব ডেৰাক্সটেকেনকে ধৰি তিনিটা প্ৰধান কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য বহু পৰিমাণে হ্ৰাস কৰা হৈছে, যাৰ ফলত এতিয়া এই ঔষধসমূহ গ্ৰহণ কৰাটো সহজ হৈ পৰিব ৷ পূৰ্বে এই ঔষধসমূহৰ মূল্য বেছি আছিল যদিও বৰ্তমান এই ঔষধসমূহৰ মূল্যৰ পৰিমান হ্ৰাস কৰি চৰকাৰে সকাহ প্ৰদান কৰিছে ৷ এই পদক্ষেপে তগধুৰ চিকিৎসা ব্যয়ৰ বোজাৰ সন্মুখীন হোৱা লাখ লাখ ৰোগীৰ বাবে আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিছে ৷

চৰকাৰৰ নিৰ্দেশ অনুসৰি ট্ৰাষ্টুজুমেব ডেৰাক্সটেকেন, অচিমেৰটিনিব, ডাৰভালুমেবৰ (Trastuzumab Deruxtecan, Osimertinib, Durvalumab)দৰে তিনিটা গুৰুত্বপূৰ্ণ কেন্সাৰ প্ৰতিৰোধী ঔষধৰ মূল্য যথেষ্ট হ্ৰাস পাইছে ৷ স্তন কেন্সাৰ, হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু অন্যান্য প্ৰকাৰৰ কৰ্কট ৰোগৰ চিকিৎসাত এই ঔষধ ব্যৱহাৰ কৰা হয় ৷

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই তিনিবিধ ঔষধৰ ওপৰত থকা বেচিক কাষ্টম ড্যুটি (বিচিডি) শূন্যলৈ হ্ৰাস কৰাৰ লগতে জিএছটিৰ হাৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰিছে ৷ ইয়াৰ বাবে কোম্পানীসমূহক ঔষধৰ সৰ্বোচ্চ খুচুৰা মূল্য (MRP) হ্ৰাস কৰি ইয়াৰ সুবিধাসমূহ ৰোগীসকলৰ মাজলৈ আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছিল ৷

কৰ্কট ৰোগৰ ঔষধৰ মূল্য হ্ৰাস

চৰকাৰৰ এই নিৰ্দেশ পালন কৰি কোম্পানীসমূহে ঔষধৰ দাম সলনি কৰিছে ৷ উদাহৰণস্বৰূপে, এষ্ট্ৰাজেনেকা ফাৰ্মা ইণ্ডিয়া লিমিটেডে নিজৰ বহু প্ৰস্তুতিৰ দাম হ্ৰাস কৰাৰ বাতৰি প্ৰকাশ কৰিছে ৷ কোম্পানীটোৱে কয় যে যেতিয়া বজাৰত কম কাষ্টম ডিউটিৰ নতুন ষ্টক বিক্ৰীৰ বাবে আহিব তেতিয়া সংশোধিত মূল্য প্ৰযোজ্য হ’ব ৷

ৰোগীৰ ওপৰত আৰ্থিক বোজা কমি যাব

কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণতে অতি ব্যয়বহুল, আৰু এই ঔষধৰ দাম হ্ৰাস কৰিলে ৰোগীৰ ওপৰত আৰ্থিক বোজা কমি যাব ৷ এই পদক্ষেপৰ লক্ষ্য হৈছে কৰ্কট ৰোগীৰ চিকিৎসা অধিক সুলভ কৰি তোলা আৰু কৰ্কট ৰোগৰ হাৰ বৃদ্ধি পোৱাৰ মাজতে ৰোগীসকলক সকাহ প্ৰদান কৰা ৷

কেন্সাৰৰ ৰোগী বৃদ্ধি পাইছে

আপোনালোকক জনাই দিও যে, লেন্সেটৰ এক প্ৰতিবেদন অনুসৰি ২০১৯ চনত ভাৰতত প্ৰায় ১২ লাখ নতুন কৰ্কট ৰোগী পঞ্জীয়ন হৈছিল, ইয়াৰে ৯.৩ লাখ লোকৰ মৃত্যু হৈছিল ৷ ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্কট ৰোগৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ এই পদক্ষেপ ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব পাৰে ৷

উৎস:- https://pib.gov.in/PressReleasePage.aspx?PRID=2069153

লগতে পঢ়ক: কেৱল কেন্সাৰেই নহয়, ধঁপাত সেৱনৰ ফলত হ’ব পাৰে এই মাৰাত্মক ৰোগ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.