ETV Bharat / health

খুব চুলি সৰিছে নেকি ? ব্যৱহাৰ কৰক এইকেইবিধ তেল দুগুণ বৃদ্ধি হ’ব আপোনাৰ চুলি - Best Hair Oil For Hair Growth - BEST HAIR OIL FOR HAIR GROWTH

Best Hair Oil For Hair Growth: সকলোৱে নিজৰ চুলি ডাঠ আৰু দীঘল হোৱাটো বিচাৰে । কিন্তু আজিকালি ই অলপ কঠিন কাম। কিন্তু বিশেষজ্ঞসকলে কয় যে যিসকলে চুলিৰ বৃদ্ধি ভাল বিচাৰে তেওঁলোকে এই তেলবোৰ চেষ্টা কৰিলে ভাল ফলাফল পাব। সেই তেলবোৰ কি কি?

Best Hair Oil For Hair Growth: Top Recommendations For Strong, Healthy, and Voluminous Hair
খুব চুলি সৰিছে নেকি ? ব্যৱহাৰ কৰক এইকেইবিধ তেল দুগুণ বৃদ্ধি হ’ব আপোনাৰ চুলি (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 2:16 PM IST

আজিকালি বহুতে নিজকে ধুনীয়া দেখাবলৈ কত কি যে নকৰে ৷ বিশেষকৈ মহিলাসকলে নিজৰ ছাল, চুলি, মুখমণ্ডল আদিৰ বিশেষ যত্ন লয় ৷ সৌন্দৰ্যৰ ক্ষেত্ৰতো চুলিৰ বিশেষ গুৰুত্ব আছে ৷ বহুতে নিজৰ চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ষ্ট্ৰেইটনিং,স্পা ইত্যাদি ট্ৰিটমেন্ট কৰে কিন্তু ইয়াৰ দ্বাৰা বহুবাৰ অজানিতে আমি আমাৰ চুলিক নষ্ট কৰি পেলাও ৷ চুলিক ধুনীয়া দেখাবলৈ কেৱল বাহিৰৰ পৰা নহয় ভিতৰৰ পৰাও পুষ্টি প্ৰদান কৰাটো প্ৰয়োজনীয় ৷

কিন্তু আজিকালি পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বহুতে কম বয়সতে বিভিন্ন ধৰণৰ চুলিৰ সমস্যাৰ সন্মুখীন হৈছে ৷ বিশেষকৈ চুলি সৰা, শুকান হোৱা, ধূসৰ চুলি, উফি আদি বিভিন্ন সমস্যাত ভুগিছে ৷ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ চুলিৰ যত্ন লোৱা সামগ্ৰী আৰু তেল ব্যৱহাৰ কৰা হয় ৷ এই সকলোবোৰ চেষ্টা কৰাৰ পিছতো সঠিক ফলাফল পাবলৈ সক্ষম নহও ৷

কিন্তু আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক এনে কেইবিধমান তেলৰ বিষয়ে ক’বলৈ ওলাইছো যাৰ দ্বাৰা আপোনাৰ চুলি দীঘল হোৱাই নহয় বৰঞ্চ কোমল আৰু ঘনো হ’ব ৷ তেন্তে জানো আহক এই তেল কেইবিধ নো কি ?

কালজিৰা তেল: বিশেষজ্ঞসকলে কৈছে যে, কালজিৰা তেল কেৱল স্বাস্থ্যৰ বাবেই নহয়, চুলিৰ বৃদ্ধি কৰাটো অতি উপকাৰী ৷ এই তেল ঘৰতে কেনেকৈ তৈয়াৰ কৰিব জানো আহক..

  • প্ৰথমে জুইত নাৰিকল তেল বা অলিভ তেল একাপ গৰম কৰক ৷
  • তাত এচামুচ কালজিৰা গুটি দি সিজিব ৷
  • তাৰ পিছত এই তেল চেকি বটলত ভৰাই থব ৷
  • এই তেলে চুলিত জিংক, আইৰণ, পটাছিয়াম আদি ভিটামিন আৰু খনিজ পদাৰ্থ যোগান ধৰে যাৰ দ্বাৰা চুলি বৃদ্ধিত সহায় কৰে ৷

কাঠবাদাম তেল: দীঘল, ডাঠ চুলিৰ বাবে বিশেষজ্ঞসকলে কয় যে, সপ্তাহত দুবাৰকৈ কাঠবাদাম তেলেৰে মূৰৰ ছাল মালিচ কৰিব পাৰি ৷ কোৱা হয় যে এনে কৰিলে ৰক্ত সঞ্চালন উন্নত হ’ব আৰু এইদৰে চুলিৰ বৃদ্ধি ভাল হ’ব ৷ লগতে কাঠবাদাম তেলৰ দ্বাৰা চুলিৰ গুৰি মজবুত হৈ পৰে ৷ চুলি কোমল হৈ পৰে ৷ চুলিৰ লগত জড়িত সমস্যাবোৰ দূৰ কৰাত সহায় কৰে ৷ ইয়াৰ দ্বাৰা চুলি ফটা, চুলি সৰা সমস্যাৰ পৰা উপশম পোৱা যায় ৷

২০১৫ চনত "International Journal of Dermatology" ত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে কাঠবাদাম তেলে চুলিৰ বৃদ্ধিত সহায় কৰে আৰু চুলি শক্তিশালী হোৱাত সহায় কৰে ৷ নিউয়ৰ্ক চহৰৰ মাউণ্ট চিনাই স্কুল অৱ মেডিচিনৰ ছালৰ ৰোগ বিভাগৰ অধ্যাপক ডাঃ জন ডব্লিউৱে এই গৱেষণা চলাইছিল

নৰসিংহ পাতৰ তেল: নৰসিংহ পাতৰ পৰা তৈয়াৰী তেলে চুলি দীঘল আৰু ডাঠ কৰি তোলাই নহয়, চুলিৰ অকালতে ধূসৰ হোৱাৰ সম্ভাৱনাও হ্ৰাস কৰে বুলি বিশেষজ্ঞসকলে কয় ৷ সেইটোৰ কাৰনে..

  • ১০০ গ্ৰাম তেলত কেইটামান নৰসিংহ পাত দি ভালদৰে সিজাই লওক ৷
  • ঠাণ্ডা হোৱাৰ পিছত চেকি লৈ কাঁচৰ বটলত ৰাখিব ৷
  • এই তেল আন যিকোনো তেলৰ দৰে মূৰৰ ছালৰ মালিচত ব্যৱহাৰ কৰিব পাৰি ৷

পিঁয়াজ তেল: বিশেষজ্ঞসকলৰ মতে পিঁয়াজত থকা পুষ্টিকৰ উপাদানসমূহ চুলিৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ বিশেষজ্ঞসকলৰ মতে বিশেষকৈ পিঁয়াজৰ এন্টি-ফাংগেল, এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ চুলিৰ সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ, এই সকলোবোৰে চুলি সৰি পৰাত বাধা দিয়ে আৰু চুলি ডাঠ, শক্তিশালী আৰু স্বাস্থ্যকৰ কৰি তোলে ৷ ইয়াক তৈয়াৰৰ পদ্ধতি জানো আহক-

সৰু সৰু পিঁয়াজ নাৰিকল তেলত দি ভালদৰে ভাজি ঠাণ্ডা কৰি তাৰ পিছত চেকি গ্লাছৰ বটলত ভৰাই থব ৷

  • এই তেল সপ্তাহত দুবাৰ বা তিনিবাৰ ৰাতি চুলিত লগালে পিছদিনা পুৱা চুলিখিনি ধুই ল‘ব ৷
  • এনে কৰিলে চুলি দুগুণ সুস্থ হৈ উঠিব ৷

লগতে পঢ়ক: প্ৰতিগৰাকী লোকৰ বাবে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাটো কিয় জৰুৰী ? - HEALTH TIPS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.