ETV Bharat / health

সঁচাকৈয়ে খালী ভৰিৰে খোজ কাঢ়িলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় নেকি ? জানো আহক - Benefits of Walking Barefoot - BENEFITS OF WALKING BAREFOOT

Benefits of Walking Barefoot : চিকিৎসকে প্ৰায়ে পৰামৰ্শ দিয়ে যে খোজ কাঢ়িলে স্বাস্থ্যৰ বাবে বহু উপকাৰিতা সাধন হয় ৷ কিন্তু খালী ভৰিৰে খোজ কাঢ়িলে আৰু অধিক উপকাৰিতা পোৱা যায় । যদিও ঘাঁহনিত খালী ভৰিৰে খোজকঢ়াটো ভাল, কিন্তু যিকোনো পৃষ্ঠত খালী ভৰিৰে খোজ কাঢ়িলেও আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী কেনেকৈ জানো আহক-

Benefits of Walking Barefoot
সঁচাকৈয়ে খালী ভৰিৰে খোজকাঢ়িলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় নেকি ? জানো আহক (FREEPIK)
author img

By ETV Bharat Health Team

Published : Jun 15, 2024, 12:41 PM IST

খোজকঢ়া বা জগিং কৰাটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি কোৱা হয় ৷ কিন্তু আপুনি জানেন খালী ভৰিৰে খোজকঢ়াৰ নিজস্ব উপকাৰিতা আছে ৷ এটা সময় আছিল, যেতিয়া মানুহৰ মাজত তেনেই কমকৈ চেণ্ডেলৰ ব্যৱহাৰ দেখা পোৱা গৈছিল ৷ প্ৰায় খালী ভৰিৰেই চলা-ফুৰা কৰিছিল আগৰ সময়ৰ লোকসকলে ৷

খুব কমেইহে ব্যৱহাৰ কৰিছিল চেণ্ডেল বা জোতা ৷ কিন্তু সময়ৰ গতিৰ লগে লগে অত্যাধুনিক জীৱন প্ৰণালীৰ সৈতে সংপৃক্ত হৈ পৰিল সাম্প্ৰতিক সময়ৰ লোকসকল ৷ সকলো সময়তে এতিয়া চেণ্ডেলৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷

Benefits of Walking Barefoot
খালী ভৰিৰে খোজ কঢ়াৰ উপকাৰিতা (ETV Bharat)

আমাৰ ককা-আইতা আনকি চিকিৎসকেও কয় যে, পুৱাৰ ভাগত সোনকালে ঘাঁহনিৰ ওপৰত খালী ভৰিৰে খোজ কাঢ়িব লাগে ৷ কিন্তু আপুনি জানেনে যে কেৱল ঘাঁহৰ ওপৰতে নহয় যিকোনো পৃষ্ঠত খালী ভৰিৰে খোজকঢ়াটো অতি উপকাৰী ৷ জোতা-চেণ্ডেল পিন্ধি খোজ কাঢ়িলে ভৰিৰ বিষ হ’ব পাৰে যদিও খালী ভৰিৰে খোজকঢ়াৰ ফলত গাঁঠিবোৰ মজবুত হয় ৷

লগতে পঢ়ক: অসময়ত খোজ কাঢ়িবলৈ গৈ আপোনাৰ শৰীৰৰ বাবে বিপদ চপাই নল’ব - Best Time For Walk

গতিকে খালী ভৰিৰে খোজ কাঢ়িলে আন কি কি উপকাৰিতা সাধন হয় জানো আহক-

ভাল টোপনিৰ বাবে লাভদায়ক

খালী ভৰিৰে খোজকঢ়াটো ৰাতি ভাল টোপনিৰ বাবে অতিকৈ উপকাৰী হ’ব পাৰে ৷ কাৰণ ই আমাৰ শৰীৰত কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে, যাৰ ফলত টোপনি ভাল হয় ৷ ইয়াৰ উপৰিও খালী ভৰিৰে খোজকাঢ়িলে স্লিপ ডিছফংচন আৰু ভৰিৰ বিষৰ পৰাও যথেষ্ট সকাহ পোৱা যায় ৷ কাৰণ খালী ভৰিৰে খোজকাঢ়িলে আমি মাটিৰ পৰা ধনাত্মক শক্তি লাভ কৰো, যাৰ ফলত আমাৰ মানসিক চাপ হ্ৰাস হোৱাত সহায় হয় আৰু আমি ভালদৰে শুব পাৰো ৷

লগতে পঢ়ক: দীৰ্ঘায়ু হ’ব বিচাৰিছে নেকি ? তেন্তে নিতৌ কৰক এই কাম - Walking Benefits

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত ফলপ্ৰসূ

মানুহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বহুতো ঔষধ আৰু পৰিপূৰক সেৱন কৰে ৷ আনহাতে, কেৱল খালী ভৰিৰে খোজ কাঢ়িলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায় ৷ খালী ভৰিৰে খোজকঢ়াৰ ফলত শৰীৰৰ শ্বেত কোষ বৃদ্ধি পায়, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাত সহায় হয় ৷

বৃদ্ধসকলৰ বাবে উপকাৰী

বৃদ্ধসকলে প্ৰায়ে ভৰিৰ বিষৰ, গাঁঠিৰ বিষৰ সমস্যাই আমনি কৰে ৷ এনে পৰিস্থিতিত খালী ভৰিৰে খোজকঢ়াটো তেওঁলোকৰ বাবে অতি লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷ দৰাচলতে খালী ভৰিৰে খোজকাঢ়িলে বৃদ্ধসকলৰ বাবে এয়া একুপাংচাৰৰ দৰে কাম কৰে, যাৰ ফলত ভৰিৰ ফুলা আৰু বিষৰ পৰা বহুখিনি সকাহ পোৱা যায় ৷ ইয়াৰ উপৰিও পেশীৰ বিষ আৰু গাঁঠিৰ বিষতো ই উপকাৰী ৷

ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয়

খালী ভৰিৰে খোজকঢ়াৰ বহু উপকাৰিতাৰ ভিতৰত অন্যতম এটা হ’ল ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰা ৷ ইয়াৰ দ্বাৰা আপোনাৰ শৰীৰত হ’ব পৰা সৰু সৰু সংক্ৰমণৰ পৰাও আপুনি হাত সাৰিব পাৰে ৷ আপোনালোকৰ তথ্যৰ বাবে আমি আপোনালোকক জনাই দিও যে শৰীৰত ৰক্ত সঞ্চালন যিমানেই ভাল হয় সিমানেই আপুনি বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত হৈ থকাৰ সম্ভাৱনা আৰু বাঢ়ি যায় ৷

লগতে পঢ়ক: খোজ কাঢ়িও ওজন কমাব পাৰি; এক কিলোগ্ৰাম ওজন কমাবলৈও এদিনত কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে জানেনে ? - HOW TO LOSE WEIGHT

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.