ETV Bharat / health

পেটৰ চৰ্বি-মেদবহুলতা-কাহ-চৰ্দি তথা গেছৰ সমস্যা : ইয়াৰ নিৰাময় মাত্ৰ এবিধ সৰু ফল - One Medicine For Hundred Diseases

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 8:42 PM IST

One Medicine For Hundred Diseases: আজিৰ দিনত আমি আমাৰ শৰীৰৰ যতন ল’বলৈ ক’ত কি নকৰো ৷ দামী দামী ঔষধ, চিকিৎসা আৰু কত কি ৷ ব্যস্ততাৰে ভৰা এই জীৱনত আমি বহু ৰোগৰ সন্মূখীন হ’বলগীয়া হয় ৷ বিভিন্ন ৰোগৰ ভিতৰত আটাইতকৈ বেছি সাধাৰণ সমস্যাটো হৈছে মেদবহুলতা তথা গেছট্ৰিকৰ সমস্যা ৷ এনে পৰিস্থিতিত আপুনি মাত্ৰ এবিধ বিশেষ ফলেৰে সকাহ পাব পাৰে ৷ আজি জানো আহক এই ফলবিধৰ উপকাৰিতাসমূহ-

Belly fat, obesity, cough and gas problems, just a small fruit Harad is the cure for all these
পেটৰ চৰ্বি-মেদবহুলতা-কাহ-চৰ্দি তথা গেছৰ সমস্যা; ইয়াৰ নিৰাময় মাত্ৰ এবিধ সৰু ফল (FREEPIK)

মেদবহুলতা আৰু পেটৰ অতিৰিক্ত চৰ্বি বহু ৰোগৰ কাৰণ । বেছিভাগ ৰোগ কেৱল পেটৰ পৰাই আৰম্ভ হয় । সেয়ে ইয়াক ভালকৈ থকাটো অতি প্ৰয়োজনীয় । যদি আপুনিও পেট ওলমি যোৱা, মেদবহুলতা আৰু গেছৰ সমস্যাত ভুগি আছে তেন্তে এই খবৰ আপোনাৰ বাবে । এই প্ৰতিবেদনত আমি আপোনালোকক এনে এটা ফলৰ বিষয়ে ক’বলৈ ওলাইছো যিয়ে আপোনাক মাত্ৰ ১৫ দিনতে এই সকলো সমস্যাৰ পৰা সকাহ দিবলৈ সক্ষম ।

উল্লেখ্য যে, এই ফলৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই আপোনাৰ ফ্ৰ’জেন চৰ্বি অতি সোনকালে হ্ৰাস পায় । এজন প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞই ছ’চিয়েল মিডিয়াত দাবী কৰিছে যে এইবিধ ফল খালে ১৫ দিনৰ ভিতৰত ইয়াৰ প্ৰভাৱ আপোনাৰ শৰীৰত দেখা পাব । গতিকে জানো আহক এই ফলবিধ নো কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে...

বিভিন্ন গুণাগুণেৰে সমৃদ্ধ এবিধ ফল

এই ফলবিধ হৈছে আপোনাৰ মোৰ সকলোৰে পৰিচিত শিলিখা ৷ ই এবিধ আয়ুৰ্বেদিক গুণাগুণেৰে সমৃদ্ধ এবিধ ফল আৰু ইয়াৰ বহুতো প্ৰজাতি আছে, যাৰ গুণ বেলেগ বেলেগ । তিব্বতী ঔষধৰ ভিতৰত শিলিখাক ইয়াৰ বহু ঔষধি গুণৰ বাবে আটাইতকৈ পৃথক আৰু বিশেষ বুলি গণ্য কৰা হয় । তাত ইয়াক সকলো বনৌষধিৰ ৰজা হিচাপে স্বীকৃতি দিয়া হৈছে ।

অসমৰ বিভিন্ন ঠাইত ই অতি সহজে উপলব্ধ হয় ৷ অথবা আপুনি ইয়াক আয়ুৰ্বেদিক মেডিকেল ষ্ট’ৰৰ পৰা বা অনলাইনৰ জৰিয়তেও অৰ্ডাৰ কৰিব পাৰে ।

মেদবহুলতা কম কৰিবলৈ এইদৰে গ্ৰহণ কৰক শিলিখা

প্ৰথমে শিলিখাৰ পাউদাৰ অলপ লৈ লওক । যদি আপোনাৰ হাতত ইয়াৰ ৰেডিমেড পাউদাৰ নাই তেন্তে গোটা শিলিখা পিচি ঘৰতে পাউদাৰ বনাব পাৰে । ইয়াৰ পিচত আধা চামুচ পাউদাৰত এগিলাচ কুহুমীয়া পানী মিহলাই লওক । পুৱা খালী পেটত যদি আপুনি ইয়াক সেৱন কৰি তেন্তে পেট সদায় সুস্থ হৈ থাকিব আৰু শৰীৰৰ যিকোনো ঠাইত জমা হোৱা চৰ্বি হ্ৰাস হ’ব ।

কাহৰ পৰা সকাহ

কাহৰ পৰা সোনকালে সকাহ পাবলৈ ইয়াৰ গুড়ি গৰম পানী বা গাখীৰৰ সৈতে মিহলাই খালে যথেষ্ট উপকাৰী ৷ ইচ্ছা কৰিলে ইয়াৰ কাঢ়াও বনাব পাৰে । এই গুড়ি ৰঙা চাহৰ সৈতেও মিহলাই খাব পাৰে । বাৰিষাৰ বতৰত এচামুচ মৌৰ লগত মিহলাই খাব পাৰে । সকলো ধৰণৰ কাহৰ পৰা সকাহ দিয়াত শিলিখা যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয় । জনাই দিও যে, চেবুলিনিক এচিড, বিভিন্ন গ্লাইকোচাইড, গ্যালিক এচিড আৰু টেনিন আদি উপাদান শিলিখাত প্ৰচুৰ পৰিমাণে পোৱা যায় ।

গেছৰ পৰা সকাহ

খাদ্য খোৱাৰ পিচত যদি খাদ্য ভালদৰে হজম হোৱা নাই বা গেছৰ সমস্যাই দেখা দিছে, তেন্তে এই ধৰণে শিলিখা সেৱন কৰিলে যথেষ্ট উপকাৰী । ইয়াৰ বাবে ৩-৬ গ্ৰাম শিলিখা গুড়িত সমান পৰিমাণৰ মিশ্ৰি মিহলাই পুৱা আৰু গধূলি আহাৰ খোৱাৰ পিচত সেৱন কৰিলে হজম শক্তি বৃদ্ধি পায় আৰু পেটৰ সমস্যা অতি সহজে দূৰ হয় । শিলিখা গুড়িৰ পৰা সুফল পাবলৈ সঠিক পৰিমাণত এই গুড়ি সেৱন কৰাটো উচিত ।

ইয়াৰ আছে আন বহুতো উপকাৰিতা যেনে কাহ, ডায়েবেটিছ, পাইলছ, কোষ্ঠকাঠিন্যৰ সমস্যা, পেট ফুলা, পেটৰ ৰোগ, কৃমি, ভাগৰুৱা অনুভৱ কৰা, হেকতি অহা, ডিঙি আৰু হৃদৰোগ, জণ্ডিচ, বিষ, পাথৰ আদি বহুতো ৰোগ নিৰাময়ত ই অতি উপকাৰী ।

মন কৰিবলগীয়া তথ্য

শিলিখাৰ এবিধ গৰম প্ৰকৃতিৰ ফল । গতিকে অত্যন্ত গৰমৰ বতৰ অৰ্থাৎ মে’ আৰু জুন মাহত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ সেৱন নকৰিব । তেজ সম্পৰ্কীয় কোনো ৰোগ বা শৰীৰত শুকানতা থাকিলেও শিলিখা পৰামৰ্শ অবিহনে সেৱন কৰাটো উচিত নহয় । গৰ্ভৱতী মহিলাসকলেও এই গুড়ি খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।

লগতে পঢ়ক: Triphala: কলেষ্টেৰল হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি কোষ্ঠকাঠিন্য দূৰ কৰালৈকে ত্ৰিফলাৰ ৬টা আচৰিত উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.