ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ বাবে কোনো ছুপাৰ ফুডতকৈ কম নহয় কল, জানক ইয়াৰ খোৱাৰ উপকাৰিতাসমূহ - Bananas Benefits

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 9:01 PM IST

Bananas Health Benefits: দেহৰ প্ৰয়োজনীয় উপাদান যোগান ধৰাৰ ক্ষেত্ৰত খুবেই উপকাৰী এবিধ ফল হৈছে কল ৷ জানো আহক ইয়াক আমাৰ খাদ্য তালিকাত কিদৰে অন্তৰ্ভুক্ত কৰা উচিত লগতে ইয়াক খোৱাৰ উপকাৰিতাসমূহ-

Bananas are a superfood for your health. Learn about the benefits of eating them
আপোনাৰ স্বাস্থ্যৰ বাবে কোনো ছুপাৰ ফুডতকৈ কম নহয় কল (CANVA)

ফল-মূল আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় ৷ দৈনন্দিন খাদ্যৰ তালিকাত ফলমূলৰ বাবে এক সুকীয়া স্থান ৰখাতো উচিত ৷ এই তালিকাৰ এবিধ প্ৰয়োজনীয় ফল হ’ল কল ৷ জানো আহক ইয়াৰ আচৰিত উপকাৰিতাসমূহ-

  • নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বী বৃদ্ধি পায় লগতে হিমগ্লবিনো বৃদ্ধি পায় ৷
  • নাকেৰে তেজ ওলালে পকা কলৰ লগত চেনি আৰু গাখীৰ মিলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই সমস্যা দূৰ হয় ৷ দৈনিক এটাকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগো নিয়ন্ত্ৰণত থাকে ৷ দেহৰ প্ৰয়োজনীয় উপাদান প্ৰ’টিন, খনিজ পদাৰ্থ, ভিটামিন আদি কলত পোৱা যায় ৷
  • কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে ৷ কল কৃমিনাশ কৰাতো লাভদায়ক ৷ কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত ৰাখে ৷ পেটৰ ৰোগত কাচকল খাব লাগে ৷ কাচকলত থাকে এনজাইম, যিয়ে ডায়েৰিয়া আৰু পেটৰ নানা সংক্ৰমণ দূৰ কৰে ৷ সেয়ে ডায়েৰিয়া হ’লে চিকিৎসকসকলে কাচকল খোৱাৰ পৰামৰ্শ দিয়ে ৷
  • কাচকলত প্ৰচুৰ পৰিমাণে পটাছিয়াম আছে ৷ বিভিন্ন গৱেষণাত দাবী কৰা হৈছে, কাচকল খালে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷ কাচকল বিভিন্ন ধৰণৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে সহায়ক ৷ কাচকলত থকা কেলচিয়ামে হাড় মজবুত কৰে ৷ কাচকলত এণ্টি–অক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে ৷
  • কাচকল খালে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নকৰি ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখাত বিশেষ ভূমিকা পালন কৰে ৷ সেয়ে ডায়েবেটিছ ৰোগৰ ৰোগীসকলে নিশ্চিন্তমনে কাচকল খাব পাৰে ৷
  • কল কেৱল খোৱাৰ ক্ষেত্ৰতেই নহয়, চাল আৰু চুলিৰ বাবেও উপকাৰি ৷ ফেচপেক আৰু হেয়াৰ মাস্ক হিচাপেও কল ব্যৱহাৰ কৰিব পাৰি ৷ কল উচ্চ মানৰ এন্টিঅক্সিডেন্ট আৰু বিভিন্ন পুষ্টিকৰ গুনেৰে ভৰপুৰ, যিয়ে আমাৰ ছালক আৰু অধিক সুন্দৰ কৰি তোলাত সহায় কৰে ৷
  • কলত প্ৰচুৰ পৰিমানে পটাছিয়াম আৰু মেংগানিজ পোৱা যায় যি আমাৰ ছালক নিমজ আৰু স্বাস্থ্যকৰ কৰাৰ বাবে অত্যন্ত প্ৰয়োজনীয় উপাদান ৷ পটাছিয়ামে কোষত অক্সিজেন আৰু তেজৰ প্ৰবাহ বজাই ৰখাত সহায় কৰে ৷
  • কলত ভিটামিন চি থাকে যি ছালৰ বাবে অত্যন্ত উপকাৰি ৷ জুই বা অন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগালে বা বান্ধি থলে জ্বলা পোৰা কমাৰ লগতে পানীজোলাও নাবান্ধে ৷
  • এজন লোকে সপ্তাহত ৪-৬ টা কল খালে কিডনিৰ অসুখ হোৱাৰ আশংকাও হ্ৰাস পায় ৷ কলত থকা ভিটামিন বি য়ে তেজৰ শ্বেতৰক্ত কণিকাৰ পৰিমাণ বঢ়াই যি মানুহৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাত সহায় কৰে ৷ কলত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত অতি ফলপ্ৰসূ ৷

শৰীৰৰ আভ্যন্তৰীণ ক্ষেত্ৰতে নহয় ব্যাহিক ক্ষেত্ৰতো কল উপকাৰী ৷ সেইবাবে কলক ছুপাৰ ফুড বুলিও কোৱা হয় ৷ যি আমাৰ সুস্বাস্থ্যৰ বাৱে অত্যন্ত প্ৰয়োজন ৷

লগতে পঢ়ক: কল বা শাল গছৰ পাতত খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানি লওক - Benefits of Eating on Leaves

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.