ETV Bharat / health

প্ৰস্তুতকৰ্তা কোম্পানীয়েই বন্ধ কৰিলে ক’ভিশ্বিল্ড, দৰ্শালে কাৰণ - Withdrawal of Covishield - WITHDRAWAL OF COVISHIELD

AstraZeneca Withdraws Covid-19 Vaccine: অৱশেষত বিশ্বৰ বজাৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে এষ্ট্ৰাজেনেকাৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভিড-19 প্ৰতিষেধক ৷ যি প্ৰতিষেধক ভাৰতত ক’ভিশ্বিল্ড আৰু ইউৰোপত ভেক্সজেভ্ৰিয়া হিচাপে বিক্ৰী কৰা হৈছিল ৷

AstraZeneca Withdraws Covid-19 Vaccine
এষ্ট্ৰাজেনেকা প্ৰতিষেধক (IANS)
author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 3:59 PM IST

নতুন দিল্লী, 8 মে’: পাৰ্শক্ৰিয়াৰ সম্ভাৱনাই বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিচত সদৌ শেষত বজাৰৰ পৰা আঁতৰাবলৈ বাধ্য হ’ল ক’ভিশ্বিল্ড ৷ সমগ্ৰ বিশ্বৰ পৰা ক’ভিডৰ প্ৰতিষেধকবিধ প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰা বুলি মঙলবাৰে এষ্ট্ৰাজেনেকা নামৰ বহুজাতিক ঔষধ প্ৰস্তুত আৰু জৈৱ প্ৰযুক্তি কোম্পানীটোৱে ঘোষণা কৰে ।

এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা ক’ভিড-19ৰ প্ৰতিষেধকবিধে ৰক্তবাহী নলীত তেজ গোটমৰা অৱস্থাৰ সৃষ্টি কৰাৰ লগতে প্লেটলেটৰ সংখ্যা কম হোৱাৰ সম্ভাৱনাৰ কথা কোম্পানীটোৱে স্বীকাৰ কৰিছিল ৷ অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকা নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা প্ৰতিষেধকবিধ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰে ভাৰতত ক’ভিশ্বিল্ড নামেৰে প্ৰদান কৰিছিল ৷ আনহাতে ইউৰোপত ভেক্সজেভ্ৰিয়া (Vaxzevria) হিচাপে বিক্ৰী কৰা হৈছিল ।

অৱশ্যে কৰ’না মহামাৰীৰ পিচৰে পৰা প্ৰতিষেধকৰ উপলব্ধতাৰ কথা উদ্ধৃতি দি এষ্ট্ৰাজেনেকাৰ ক’ভিড প্ৰতিষেধক প্ৰত্যাহাৰ আৰম্ভ কৰা হৈছে বুলি কোম্পানীটোৱে এক বিবৃতিত প্ৰকাশ কৰিছে ।

ইউৰোপীয় মেডিচিন এজেন্সীয়ে মঙলবাৰে এক জাননী জাৰি কৰি নিশ্চিত কৰে যে এষ্ট্ৰাজেনেকা প্ৰত্যাহাৰ কৰাৰ পিচত ভাৰতত ক’ভিশ্বিল্ড নামেৰে পৰিচিত ভাক্সজেভ্ৰিয়া মাৰ্চ মাহৰ পৰাই অনুমোদিত নহয় ৷

চাহিতা হ্ৰাস পোৱাৰ বাবেই কোম্পানীটোৱে তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকৰ প্ৰচলন বন্ধ কৰিছে যদিও ইতিপূৰ্বে এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছিল যে ইয়াৰ ক'ভিড-১৯ৰ প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনা থাকিব পাৰে ৷ ভাৰতত ২২০ কোটিৰো অধিক মাত্ৰাৰ ক'ভিড-১৯ ভেকচিন প্ৰদান কৰা হৈছে আৰু গৰিষ্ঠসংখ্যককে ক’ভিশ্বিল্ড প্ৰদান কৰা হৈছে বুলি তথ্যত উল্লেখ কৰা হৈছে ৷

এষ্ট্ৰাজেনেকাই কয় যে বিশ্বব্যাপী মহামাৰীৰ অন্ত পেলোৱাত তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিষেধকে লোৱা ভূমিকাক লৈ কোম্পানীটো অবিশ্বাস্যভাৱে গৌৰৱান্বিত ।

লগতে পঢ়ক: নপঢ়া-নুশুনাকৈ ক’ভিশ্বিল্ডৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে কৈ থকা হৈছে: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.