ETV Bharat / health

ওজন কমাবৰ বাবে নেমুপানী কিমান ফলপ্ৰসূ ? জানি লওক - Lemon Water

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:09 PM IST

Benefits of Lemon Water: একাংশ লোকৰ মতে প্ৰতিদিনে পুৱা খালীপেটত নেমুৰ পানী খালে শৰীৰে তৎক্ষণাত শক্তি লাভ কৰে । বহুতে ইয়াক ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো পান কৰে ৷ কিন্তু ইয়াক পান কৰিলে সঁচাকৈয়ে ওজন কমোৱাত সহায়ক হয় নে নহয়, আজি এই বিষয়ে জানো আহক-

Are you drinking lemon water to lose weight? First, find out how effective it is!
ওজন কমাবৰ বাবে নেমুপানী কিমান ফলপ্ৰসূ ? জানি লওক (FREEPIK)

আজিকালি অনিয়মিত জীৱনশৈলীৰ বাবে অধিকাংশ লোক মেদবহুলতাৰ দৰে সমস্যাত ভুগিবলৈ আৰম্ভ কৰে ৷ মেদবহুলতা নিজৰ লগত বহুতো সমস্যাও কঢ়িয়াই আনে যাৰ ভিতৰত ডায়েবেটিছ, হৃদৰোগ আদি গুৰুতৰ ৰোগ ৷ কিন্তু সময়ত ইয়াক নিয়ন্ত্ৰণ নকৰিলে আন বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷

কিছুমান লোকে ওজন কমাবলৈ জিমলৈ গৈ ঘণ্টাৰ পিছত ঘণ্টা ঘাম বাহিৰ কৰাৰ বিপৰীতে কিছুমানে ইয়াৰ বাবে ঘৰুৱা উপায়ৰ সহায় লয় ৷ ওজন কমোৱাৰ ক্ষেত্ৰত সদায় আমাৰ মনলৈ অহা এবিধ বিশেষ পানীয় হৈছে নেমু পানী বা নেমু চৰবত ৷ প্ৰায় প্ৰতিজন ব্যক্তিয়ে জীৱনত এবাৰ হ’লেও ওজন কমাবলৈ নেমুৰ পানী খায় ৷ কিন্তু ই কিমান ফলপ্ৰসূ সেইটোও জনাটো খুবেই প্ৰয়োজনীয় ৷

একাংশ লোকৰ মতে, প্ৰতিদিনে পুৱা খালী পেটত নেমুৰ পানী খালে তৎক্ষণাত শক্তি পোৱা যায় ৷ যদিও নেমুৰ পানী এবিধ সতেজ পানীয়, তথাপিও ইয়াক পান কৰিলে আপোনাৰ মন সতেজ হৈ থাকে আৰু আপোনাৰ শৰীৰটোও শীতল হৈ থাকে ৷

নেমুৰ পানী খালে ওজন হ্ৰাস হয়নে ?

বহু গৱেষণাত দাবী কৰা হৈছে যে প্ৰতিদিনে পুৱা খালী পেটত নেমুৰ পানী খালে ওজনত প্ৰভাৱ পৰে ৷ পুৱা যদি আপুনি নেমুৰ ৰস কুহুমীয়া পানীৰ সৈতে মিহলাই খায় তেন্তে ই আপোনাৰ বিপাকীয় হাৰ ৩০ শতাংশ বৃদ্ধি কৰে ৷ ইয়াৰ ফলত ওজন কমোৱাত সহায় হয় ৷

ভিটামিন চি নেমুত প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে ই এণ্টি-অক্সিডেন্টৰ মাত্ৰা বৃদ্ধি কৰে ৷ প্ৰতিদিনে পুৱা নেমুৰ পানী খালে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি পোৱা যায় যিটো ব্যায়ামৰ সময়ত কেলৰি কম কৰাত সহায়ক বুলি প্ৰমাণিত হয় ৷

পেক্টিন ফাইবাৰ নেমুত থাকে যিয়ে আপোনাৰ পেটটো দীৰ্ঘসময়লৈকে ভৰাই ৰাখে, যাৰ বাবে আপুনি সোনকালে ভোক অনুভৱ নকৰে আৰু আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰাও আঁতৰি থাকে ৷

অত্যধিক নেমু পানী খোৱাৰ পাৰ্শ্বক্ৰিয়া

কেৱল নেমুৱেই নহয়, যিকোনো টেঙা ফলৰ অত্যধিক সেৱনে আপোনাৰ ক্ষতি কৰিব পাৰে ৷ গতিকে আমি প্ৰয়োজনতকৈ অধিক নেমুৰ পানী খোৱাৰ পৰা বিৰত থকা উচিত ৷

লগতে পঢ়ক: Lemon water benefits: নেমু চৰবত সেৱন কৰি লাভ কৰক এইসমূহ স্বাস্থ্য উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.