ETV Bharat / health

মাত্ৰ 20 ছেকেণ্ড কৰক এই যোগাসন আৰু পাওক কঁকালৰ বিষৰ পৰা সকাহ

Dhanurasana: আমাৰ দিনটোৰ বেছিভাগ সময় একে ঠাইতে বহিয়েই পাৰ হৈ যায় । যাৰ বাবে আমি কঁকালৰ বিষ আৰু স্বাস্থ্যজনিত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । গতিকে এই আসন যদি আপুনি দৈনিক ৫ মিনিটৰ বাবে কৰে তেন্তে ই আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ।

author img

By ETV Bharat Assamese Team

Published : Mar 18, 2024, 1:38 PM IST

Apart from relieving back pain, Dhanurasana offers numerous health benefits according to experts
মাত্ৰ 20 ছেকেণ্ড কৰক এই যোগাসন আৰু পাওক কঁকালৰ বিষৰ পৰা সকাহ

আজিকালি আমাৰ দিনটোৰ বেছিভাগ সময় একে ঠাইতে বহি থাকোতেই পাৰ হৈ যায় ৷ কাৰ্যালয়লৈ গৈ কাম কৰা মানুহে, দিনটোত প্ৰায় ৮ৰ পৰা ৯ ঘণ্টা বহি বহি থাকে ৷ যাৰ বাবে তেওঁলোকে কঁকাল আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ৷ ব্যস্ততাৰ বাবেও তেওঁলোকে জিমলৈ গৈ ব্যায়াম কৰিবলৈ সময় নাপায় ৷ কিন্তু ব্যায়ামে শৰীৰক সক্ৰিয় কৰি ৰখা আৰু সুস্থ হৈ থাকিবলৈ গুৰুত্বপূৰ্ণ ৷

এনে পৰিস্থিতিত যদি তেওঁলোকে দিনটোৰ আৰম্ভণিতে নিজৰ বাবে মাত্ৰ ৫ৰ পৰা ১০ মিনিট সময় উলিয়াই ধনুৰাসন কৰে, তেন্তে ই কঁকাল আৰু ডিঙিৰ বিষৰ দৰে সমস্যাৰ পৰা সকাহ দিব পাৰে ৷ কিন্তু একে সময়তে এই আসন তেওঁলোকৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷

যোগ বিশেষজ্ঞ সুগন্ধা গোৱেলে ধনুৰাসন কৰাৰ উপকাৰিতা আৰু শুদ্ধ পদ্ধতিৰ বিষয়ে জনাইছে ৷ যি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছো ৷

  • পেশীবোৰ শক্তিশালী

ধনুৰাসনে ইৰেক্টৰ স্পাইনেৰ লগতে পিঠিৰ পেশী শক্তিশালী কৰাত সহায় কৰে, যিয়ে আমাৰ ভংগীমা উন্নত কৰিব পাৰে আৰু লগতে কঁকালৰ বিষ কমোৱাতো সহায় কৰে ৷ ই ডিঙিৰ বিষ কমোৱাতো সহায় কৰিব পাৰে ৷

  • ষ্ট্ৰেচ কৰা

এই আসন কৰিলে বুকু, পেট, নিতম্ব ফ্লেক্সাৰ আৰু কোৱাড্ৰিচেপছ নামৰ পেশীবোৰ ষ্ট্ৰেচ হয়, যাৰ ফলত শৰীৰৰ এই অংশবোৰত নমনীয়তা আৰু শক্তিৰ সঞ্চাৰ ঘটে ৷

  • হজমৰ বাবে ভাল

এই আসনে পেটৰ মাংসপেশীবোৰ বিয়পোৱাত সহায় কৰিব পাৰে ৷ যাৰ বাবে ই হজম প্ৰক্ৰিয়াক ভালদৰে কাম কৰাত সহায় কৰিব পাৰে ৷

  • হাত আৰু ভৰিৰ বাবে

ধনুৰাসন কৰিবলৈ ধনুৰ আকৃতিৰ দৰে থাকিব লাগে ৷ যিয়ে হাত-ভৰিৰ পেশীবোৰ টোনিং আৰু শক্তিশালী কৰাত সহায় কৰিব পাৰে ৷

  • শক্তি লাভ কৰা

ধনুৰাসন কৰিলে শৰীৰৰ পৰা ভাগৰ কম হোৱাত সহায়ক হ’ব পাৰে আৰু গোটেই দিনটো শক্তিশালী হৈ থাকিব পাৰে ৷ ইয়াৰ লগতে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ বাবেও ই উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷

  • ধনুৰাসন কেনেকৈ কৰিব

ধনুৰাসন কৰিবলৈ যোগাসনৰ মেটত পেট পেলাই শুই দিয়ক ৷ এতিয়া লাহে লাহে আঁঠু দুটা ভাঁজ কৰি গোৰোহাটো হাতেৰে ধৰি ৰাখিব ৷ উশাহ লওক আৰু শুই থকাৰ সময়ত বুকুখন ওপৰলৈ তুলিবলৈ চেষ্টা কৰক ৷ উৰু দুটা মাটিৰ ওপৰলৈ তুলি তাৰ পিছত হাতেৰে ভৰি দুখন টানিব ৷ মুখত হাঁহি এটা ৰাখি আগলৈ চাওক ৷ এতিয়া উশাহ-নিশাহৰ গতিবেগত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক, শৰীৰটো ধনুৰ দৰে টানি ৰাখক ৷ মাত্ৰ এটা কথা মনত ৰাখিব যে এই অৱস্থাত আৰামত থকা সময়লৈকে এই আসনটো কৰিব লাগে ৷ একবাৰত ১৫ৰ পৰা ২০ ছেকেণ্ডৰ বাবেও যদি এই আসন কৰে তেন্তে আপোনাৰ বাবে যথেষ্ট ৷ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বিশেষজ্ঞৰ তত্বাৱধানত এই আসনটো কৰা ৷ এনে কৰিলে আপোনাৰ বাবে অধিক উপকাৰী হ’ব ৷ লগতে, যদি আপোনাৰ কোনো ধৰণৰ সমস্যা আছে, বিশেষকৈ কঁকাল, পেট আৰু আঁঠুৰ বিষ, তেন্তে নিশ্চিতভাৱে আপোনাৰ বিশেষজ্ঞক এই বিষয়ে জনাওক ৷

লগতে পঢ়ক: পেটৰ গেছ তথা এচিডিটি আঁতৰোৱাত ফলপ্ৰসূ এইসমূহ যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.