ETV Bharat / health

এলুমিনিয়াম ফয়েল এতিয়াৰ পৰা পেলাই দিয়াৰ পৰিৱৰ্তে এনেদৰে ব্যৱহাৰ কৰক - Alluminium Foil Usage - ALLUMINIUM FOIL USAGE

Alluminium Foil Usage: বেছিভাগ ঘৰ তথা ৰেস্তোৰাত এলুমিনিয়াম ফয়েল ৰুটি বা খাদ্য পেক কৰিবলৈ ব্যৱহাৰ কৰা হয় যদিও হয়তো দুই এজনেহে জানে যে খাদ্য পেক কৰাৰ উপৰিও এই ধৰণেও এলুমিনিয়াম ফয়েলও ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ বিষয়ে আৰু অধিক জানো আহক-

Apart from packing food, you can use aluminum foil in these 5 ways in the kitchen
এলুমিনিয়াম ফয়েল এতিয়াৰ পৰা পেলাই দিয়াৰ পৰিৱৰ্তে এনেদৰে ব্যৱহাৰ কৰক (FREEPIK)
author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 12:26 PM IST

প্ৰায় প্ৰতিটো ঘৰতে খাদ্য পেক কৰিবলৈ এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰা হয় ৷ বজাৰত বিভিন্ন ব্ৰেণ্ড আৰু মানদণ্ডৰ ফয়েল পাব ৷ খাদ্য পেক কৰিবলৈ সদায় ভাল মানদণ্ডৰ ফয়েল ব্যৱহাৰ কৰিব লাগে ৷ সাধাৰণে ইয়াক খাদ্য পেক কৰিবৰ বাবে ব্যৱহাৰ কৰাই নহয় ই খাদ্যক অধিক সময়লৈকে গৰম কৰি ৰখাতো সহায় কৰে ৷ দৰাচলতে এই শ্বীটখন এলুমিনিয়াম ধাতুৰ পৰা তৈয়াৰ কৰা হৈছে, যাৰ কোনো গোন্ধ নাই আৰু কোনো সোৱাদো নাই ৷

কিন্তু অতি কম সংখ্যক লোকেহে জানে যে এই ফয়েলৰ সহায়ত খাদ্য পেক কৰাৰ উপৰিও পাকঘৰৰ আন কামতো ব্যৱহাৰ কৰিব পাৰি ৷ পাকঘৰত ইয়াক এইটো কাৰণতো ব্যৱহাৰ কৰিব পাৰি কাৰণ ই উচ্চ উষ্ণতা সহজে সহ্য কৰে আৰু আৰ্দ্ৰতা ধৰি ৰাখে ৷ আজি আমি আপোনালোকক কিছুমান টিপছ দিছো যাৰ সহায়ত আপুনি এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰি পাকঘৰৰ অন্যান্য কামবোৰ সহজ কৰি তুলিব পাৰে ৷

১) বেকিঙত ব্যৱহাৰ কৰা

ঘৰতে বেকিংৰ বাবে এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰিব পাৰে ৷ কেক, বিস্কুট বা আন খাদ্য সামগ্ৰী বেক কৰিবলৈ বেকিং ট্ৰেত থৈ ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ লগে লগে খাদ্যই দুয়োফালৰ পৰা সমান গৰম পাব আৰু ভালদৰে সিজিব ৷ ইয়াৰ ফলত আপোনাৰ খাদ্য জ্বলি নাযায় ৷ কেৱল এইটোৱেই নহয়, ইয়াৰ সহায়ত আপুনি কেক বনোৱাৰ বাবেও এটা ছাঁচ প্ৰস্তুত কৰিব পাৰে ৷

২) কেঁচিৰ ধাৰ বঢ়াওক

বহুবাৰ ব্যৱহাৰ কৰাৰ পিচত প্ৰায়ে কেঁচিৰ ধাৰ কমিবলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত আপুনি ইয়াক চোকা কৰিবলৈ এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে এলুমিনিয়ামৰ শ্বীট এখন লৈ তাৰ সৈতে কেঁচিখন ঘঁহিব, ইয়াৰ ফলত কম সময়ৰ ভিতৰতে কেঁচিখন চোকা হৈ যাব ৷

৩) অভেনটো জিলিকাই তোলক

অভেন চাফা কৰিবলৈ প্ৰায়ে বহু সময়ৰ প্ৰয়োজন হয় ৷ এনে পৰিস্থিতিত আপুনি এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰি আপোনাৰ সময় আৰু কষ্ট ৰাহি কৰিব পাৰে ৷

৪) বাচন-বৰ্তন পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা

যদি আপোনাৰ দৈনিক ব্যৱহাৰ কৰা স্ক্ৰাব বা গুণাৰে তৈয়াৰী স্ক্ৰাবাৰেৰে পাত্ৰত জমা হোৱা মলি পৰিষ্কাৰ কৰিবলৈ সক্ষম নহও, এনে পৰিস্থিতিত ইয়াৰ বাবে আপুনি এলুমিনিয়াম ফয়েল ব্যৱহাৰ কৰিব পাৰে ৷ এলুমিনিয়াম ফয়েলৰ ৰুক্ষ পৃষ্ঠভাগে বাচন-বৰ্তনবোৰ আঁচোৰ নোখোৱাকৈয়ে পৰিষ্কাৰ কৰাটো সহজ কৰি তুলিব পাৰি ৷

৫) পাচলি বহুদিন সতেজ কৰি ৰাখে

যদি আপুনি শাক-পাচলি আৰু ফল-মূল নষ্ট নোহোৱাকৈ বহুদিন সতেজ কৰি ৰাখিব বিচাৰে, তেন্তে এলুমিনিয়াম ফয়েলত মেৰিয়াই ৰাখিব পাৰে ৷ ইয়াৰ ফলত শাক-পাচলিবোৰ পকা আৰু নষ্ট হোৱাৰ প্ৰক্ৰিয়া লেহেমীয়া হয় ৷

লগতে পঢ়ক: আপুনিও খাদ্য এলুমিনিয়াম ফয়েলত পেক কৰে নেকি ? তেন্তে সাৱধান!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.