ETV Bharat / health

এই ৯ টা কাৰণত আপুনি খাদ্যত কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰা উচিত - Raw Onion Health Benefits - RAW ONION HEALTH BENEFITS

Raw Onion Benefits : দৈনন্দিন জীৱনত পিয়াঁজ আমাৰ খাদ্যাভ্যাসৰ এক অতি গুৰুত্বপূৰ্ণ অংশ । ইয়াক খাদ্য ৰান্ধোতে ব্যৱহাৰ কৰাৰ উপৰিও বহুতে চালাডৰ দৰে কেঁচাকৈও খাবলৈ ভালপায় । যদি আপুনিও কেঁচা পিঁয়াজ চালাড হিচাপে খাবলৈ ভালপায়, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে । এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক কেঁচা পিঁয়াজ খোৱাৰ উপকাৰিতাৰ বিষয়ে জনাম যাৰ বিষয়ে হয়তো পূৰ্বে কেতিয়াও জনা নাছিল ৷

Advantages for Health Involving Raw Onion in Daily Salad With Food
এই ৯টা কাৰণত আপুনি খাদ্যৰ সৈতে কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰা উচিত (FREEPIK)
author img

By ETV Bharat Health Team

Published : Jun 15, 2024, 11:48 AM IST

Updated : Jun 15, 2024, 12:46 PM IST

পিঁয়াজ অবিহনে ভাৰতীয় খাদ্য়ৰ সোৱাদ সদায় আধৰুৱা ৷ প্ৰায় প্ৰতিবিধ খাদ্যতে পিঁয়াজ ব্যৱহাৰ কৰা হয় ৷ ইয়াৰ উপৰিও পিঁয়াজক চালাড হিচাপেও বহুতে খাবলৈ ভালপায় ৷ যদিও মানুহে ইয়াক খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰে, তৎস্বত্বতে বহুলোকে ইয়াৰ উপকাৰিতা বিষয়ে জ্ঞাত নহয় ৷ সেয়ে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে যদি আপুনি আপোনাৰ খাদ্যত কেঁচা পিঁয়াজ ব্যৱহাৰ কৰিলে কেনেধৰণ উপকাৰিতা লাভ কৰিব পাৰে ৷

খাদ্যত কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰাৰ ৯ টা স্বাস্থ্য উপকাৰিতা-

Advantages for Health Involving Raw Onion in Daily Salad With Food
এই ৯টা কাৰণত আপুনি খাদ্যৰ সৈতে কেঁচা পিঁয়াজ অন্তৰ্ভুক্ত কৰা উচিত (ETV Bharat)
  1. কেঁচা পিঁয়াজ এন্টিঅক্সিডেন্টৰ এক উৎকৃষ্ট উৎস, যিয়ে Oxidative Stress আৰু ভৱিষ্যতে হ’ব পৰা কিছুমান ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷ ইয়াত কুৱেৰচেটিন আৰু এন্থ’চাইনিনকে ধৰি কমেও ১৭ প্ৰকাৰৰ ফ্লেভন’ইড (বহুতো উদ্ভিদ, ফল-মূল, শাক-পাচলি আৰু পাতত উপস্থিত ফাইটোকেমিকেল যৌগ) থাকে ৷
  2. কেঁচা পিঁয়াজ সেৱনে প্ৰদাহ হ্ৰাস কৰি কলেষ্টেৰলৰ মাত্ৰা কমাই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰে ৷ পিঁয়াজত পোৱা কুৱেৰচেটিনে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে ৷
  3. নিয়মিতভাৱে পিয়াঁজ খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰি আৰু ধমনী প্লেক জমা হোৱাৰ সমস্যা হ্ৰাস কৰি হৃদৰোগৰ লগত জড়িত ৰোগসমূহ হ্ৰাস কৰাত সহায় কৰে ৷

  4. পিঁয়াজত বিভিন্ন ধৰণৰ যৌগ থাকে, যিয়ে মাৰাত্মক ৰোগ কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷ পিঁয়াজত থকা কুৱেৰচেটিন আৰু চালফাৰ যৌগ আদি এন্টিঅক্সিডেন্টে বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে ৷
  5. ডায়েবেটিছ বা প্ৰিডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ বাবে কেঁচা পিঁয়াজ অতি উপকাৰী ৷ ই ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷
  6. পিঁয়াজত থকা কুৱেৰচেটিন আৰু চালফাৰ যৌগসমূহে অগ্নাশয়, কংকালৰ পেশী আৰু যকৃতৰ কোষৰ সৈতে কাম কৰি ৰক্তশৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে ৷
  7. নিয়মীয়াকৈ পিয়াঁজ খালে হাড়ৰ শক্তি বৃদ্ধি পাব পাৰে ৷ অধ্যয়নত দেখা গৈছে যে, বিশেষকৈ মধ্যবয়সীয়া আৰু ৰজোনিবৃত্তিৰ পিচৰ পৰ্যায়ৰ মহিলাৰ ক্ষেত্ৰত পিঁয়াজে Mineral Density বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷
  8. পিঁয়াজত প্ৰাকৃতিক এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে E. coli and Staphylococcus Aureusকে ধৰি বিভিন্ন বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ কেঁচা পিঁয়াজত থকা ছালফাৰ যৌগই শৰীৰৰ ক্ষতিকাৰক বেক্টেৰিয়াৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে ৷

  9. পিঁয়াজত প্ৰচুৰ পৰিমাণে প্ৰিবায়টিক থাকে, যিয়ে আমাৰ অন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতিকৈ প্ৰয়োজনীয় ৷ পিঁয়াজত থকা প্ৰিবায়টিক যেনে ফ্ৰুক্ট’অলিগোচেকাৰাইড আৰু ইনুলিনে উপকাৰী আন্ত্ৰিক বেক্টেৰিয়াক পুষ্টি প্ৰদান কৰে, যাৰ ফলত সুস্থ পাচনতন্ত্ৰৰ প্ৰসাৰ ঘটে ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ ৷ এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে ৷ আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো ৷ কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ৷

লগতে পঢ়ক: ডায়েবেটিছ ৰোগীয়ে পিঁয়াজ খাব লাগেনে ? ইয়াৰ উত্তৰ জানি লওক

লগতে পঢ়ক: Benefits of Raw Onion: কেঁচা পিয়াঁজ খোৱাৰ উপকাৰিতা জানি আপুনিও আচৰিত হ’ব!

লগতে পঢ়ক: Hair Care: নষ্ট হৈ যোৱা চুলিৰ বাবে বৰদান স্বৰূপ এইকেইবিধ হেয়াৰ মাস্ক, ঘৰত এনেদৰে কৰক তৈয়াৰ

Last Updated : Jun 15, 2024, 12:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.