ETV Bharat / entertainment

সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ - ZUBEEN GARG HEALTH UPDATE

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 5:37 PM IST

Zubeen Garg Seizure Attack: সুস্থ হৈ ঘৰলৈ উভতিল জুবিন । কাইলৈৰ পৰা পুনৰ ভালদৰে কাম আৰম্ভ কৰিব সংগীত শিল্পীগৰাকীয়ে । ঘৰলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য জুবিনৰ ।

Zubeen garg returns home after recovery from seizure attack
জুবিন গাৰ্গ (ETV Bharat Assam)

গুৱাহাটী, 31 জুলাই : বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হ'ল জুবিন গাৰ্গক । নিজৰ স্বাস্থ্য সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘ইয়াতে মই সকলো জানো । কেতিয়াবা নিজেই চেলাইনটো মই নিজেই লৈ লওঁ, কেতিয়াবা নিজেই খুলি দিওঁ । কেতিয়াবা চেলাইনটো লৈ ঘূৰি ফুৰো । সেইবোৰ পাগলামী আছে বাৰু । কেতিয়াবা আকৌ নিজে নিজৰ মতে চিকিৎসক হৈ যাওঁ, সেইটো এটা প্ৰব্লেম । বাকী সময়খিনি বৰ ধুনীয়াকৈ গ’ল । বৰ ধুনীয়াকৈ ৰাখিছে । প্ৰথম দুদিন ICU ত থাকিলো তাৰ পাচত বিশেষ ৱাৰ্ডলৈ গ’লো । মানুহবোৰে খবৰ ল’বলৈ আহি আছে ।’

সুস্থ হৈ ঘৰলৈ উভতিল জুবিন গাৰ্গ (ETV Bharat Assam)

জুবিন গাৰ্গে ঔষধ নাখায় নেকি ?

জুবিনৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকে কৈছিল যে তেওঁ নিয়মীয়াকৈ ঔষধ নাখায় ৷ সেয়ে তেওঁ এনেকৈ অকস্মাতে অসুস্থ হৈ পৰে ৷ কিন্তু ঔষধ খোৱা-নোখোৱা সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে কয়, ‘মেডিচিন খাওঁ, এতিয়াও বহুত কিবা কিবি ঔষধ দিছে । গোটেই জীৱনৰ বাবে দিয়া নাই বাৰু, অলপ দিনৰ বাবে দিছে । গোটেই ক’ৰ্চটো সম্পূৰ্ণ কৰিম, সুফল পাম বুলিয়ে আশা কৰিছো । এতিয়া ঠিকেই আছো মই । আজি পুৱা টেষ্ট এটা কৰিলে আকৌ । আজি ঘৰলৈ যাম ।’

লগতে পঢ়ক : বুধবাৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব পাৰিব জুবিন গাৰ্গ - zubeen garg health update

ঘৰলৈ যোৱাৰ পাচত কি কৰিব জুবিনে ?

ঘৰলৈ যোৱাৰ পাচত জুবিন ব্যস্ত হৈ পৰিব নাটকক লৈ ৷ গাৰ্গে কয়,' নাটক আছে, নাটকলৈ যাম । এবাৰ ষ্টুডিঅ’লৈয়ো যাম । কাইলৈৰ পৰা পুনৰ ভালদৰে কাম আৰম্ভ কৰিম । তিনিখন ছবিৰ কাম হাতত আছে । অকণমান পৰিপাটীকৈ থাকিবলৈ চেষ্টা কৰিম ।’

উল্লেখ্য যে, দেওবাৰে পুৱাৰ ভাগত হঠাৎ অসুস্থ হৈ পৰিছিল কণ্ঠশিল্পীগৰাকী । তাৰ পাচতে মহানগৰীৰ নেমকেয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল জুবিনক । ইফালে আজি ঘৰলৈ যোৱাৰ পূৰ্বে নেমকেয়াৰ চিকিৎসালয়ৰ এক সংবাদমেলত অংশগ্ৰহণ কৰে জুবিনে । আজিৰে পৰা নেমকেয়াৰ চিকিৎসালয়ে মুকলি কৰে এক বিনামূলীয়া সেৱা, স্বৰ্গৰথ । অন্তৰংগ নামৰ NGO টোৰ হাতত জুবিন গাৰ্গৰ লগতে নেমকেয়াৰ চিকিৎসালয় কৰ্তৃপক্ষই অৰ্পণ কৰে স্বৰ্গৰথৰ চাবি আৰু এখন চেক । উক্ত সংবাদমেলত নেমকেয়াৰৰ ফালৰ পৰা প্ৰতি বছৰে এজন MBBS ছাত্রক বিনামূলীয়াকৈ পঢ়োৱাৰ কথা ঘোষণা কৰে পৰিচালন সঞ্চালকে । প্ৰতিবছৰে বিনামূলীয়াকৈ এজন চিকিৎসক সৃষ্টি কৰাৰ লক্ষ্য নেমকেয়াৰৰ চিকিৎসালয় কৰ্তৃপক্ষৰ ।

লগতে পঢ়ক : হাজাৰজনৰ মৰম আৰু প্ৰাৰ্থনা : স্বাস্থ্যৰ উন্নতি ঘটিছে জুবিন গাৰ্গৰ - ZUBEEN GARG HEALTH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.