ETV Bharat / entertainment

পুনৰ অসুস্থ শিল্পী জুবিন গাৰ্গ : বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা ? - Zubeen Garg

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 5:04 PM IST

Updated : Jul 29, 2024, 11:23 AM IST

Zubeen Garg hospitalized : দেওবাৰে হঠাৎ অসুস্থ হৈ পৰে হার্টথ্রব জুবিন গাৰ্গ । পুৱাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক । আজি পুৱা ১০ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছে জুবিনক । ঔষধ খাবলৈ এৰি দিয়াৰ বাবেই তেওঁ অসুস্থ হৈছিল ৷

ZUBEEN GARG HOSPITALISED
পুনৰ অসুস্থ হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা (INSTAGRAM)

গুৱাহাটী, ২৮ জুলাই: দেওবাৰে হার্টথ্রব জুবিন গাৰ্গ পুনৰ অসুস্থ হৈ পৰা খবৰে ব্যাপক চৰ্চা লাভ কৰে ৷ আনকি জুবিনপ্ৰেমীসকলে তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰা দেখা যায় । আজি পুৱা ১০ বজাত মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল জুবিন গাৰ্গক । শেহতীয়া খবৰ অনুসৰি জুবিন গাৰ্গৰ ছিজাৰ এটেক হৈছিল । অসুস্থ হৈ পৰাৰ লগে লগে জুবিন গাৰ্গক নেমকেয়াৰ হাস্পতালৰ MICU ত ভৰ্তি কৰোৱা হয় ।

পুনৰ অসুস্থ হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ (ETV Bharat)

বৰ্তমান কেনে আছে জুবিন গাৰ্গ :

সম্প্ৰতি বিপদমুক্ত জনপ্ৰিয় শিল্পীগৰাকী ৷ নেমকেয়াৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই কিছু সময় পূৰ্বে স্পষ্ট কৰিলে এই কথা । সংবাদ মাধ্যমৰ আগত তেওঁ ব্যক্ত কৰি কয়, "জুবিন গাৰ্গ এতিয়া বিপদমুক্ত । মই কথা পাতি আহিছো । তেখেতৰ চিকিৎসা আৰম্ভ হৈছে । মেডিচিনৰ লগতে স্নায়ুবিজ্ঞান বিশেষজ্ঞ চিকিৎসকৰ এটা দলে পৰীক্ষা কৰি আছে জুবিন গাৰ্গক । তেওঁক এটা Master check up ৰ প্রয়োজন । আমি সেয়া অব্যাহত ৰাখিছো ।"

আজি হাস্পতালতে থাকিব জুবিন :

তথ্যমতে, আজি হাস্পতালতে থাকিব লাগিব জুবিন । দৈনিক খাই থাকিবলগীয়া টেবলেট খোৱা নাছিল বাবে আজি পুৱা Seizure attack আহিছিল বুলি চিকিৎসকে জানিবলৈ দিয়ে ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সাক্ষাৎ কৰিলে জুবিনক :

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লয় । পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদ মাধ্যমৰ আগত কয়, "জুবিন গাৰ্গ বৰ্তমান সুস্থ । প্ৰায় আধা ঘন্টা জুবিনৰ লগত কথা পাতিলো ।"

ৰমেন বৰুৱাৰ নিৰুদ্দেশ হোৱাক লৈ চিন্তিত আছিল জুবিন :

"ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাৰে পৰা জুবিনৰ মন বেয়া হৈ আছিল । কঠোৰ পৰিশ্ৰম, টোপনি ক্ষতি আৰু মন বেয়াৰ বাবে আজি পুৱা হঠাৎ অসুস্থ হৈ পৰিছিল জুবিন ।"

উল্লেখ্য যে, আজি পুৱা প্ৰায় ৯.১০ বজাত অসুস্থ হৈ পৰিছিল জুবিন গাৰ্গ । Seizure attack হোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰাৰ লগে লগে নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয় শিল্পীগৰাকীক ।

লগতে পঢ়ক: অসুস্থ হাৰ্টথ্ৰব : চিকিৎসালয়ত ভৰ্তি জুবিন গাৰ্গক

Last Updated : Jul 29, 2024, 11:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.