ETV Bharat / entertainment

বিয়াৰ পূৰ্বে থাকক লিভ-ইন-ৰিলেশ্যনশ্বিপত- জীনত আমান - Zeenat Aman on live in relationship - ZEENAT AMAN ON LIVE IN RELATIONSHIP

Actress on live in relationship : বৰ্তমান সময়ত লিভ-ইন-ৰিলেশ্যনশ্বিপৰ প্ৰসংগ সততে চৰ্চাত থাকে ৷ এইবাৰ হিন্দী চলচ্চিত্ৰৰ প্ৰবীণ অভিনেত্ৰী জীনত আমানে যুৱপ্ৰজন্মলৈ উপদেশ দি কয় যে, বিবাহৰ পূৰ্বে দম্পতীটোৱে লিভ-ইন সম্পৰ্কত থাকিব লাগে ...

Actress on live in relationship
বিয়াৰ পূৰ্বে থাকক লিভ-ইন-ৰীলেশ্যনশ্বিপত- জীনত আমন
author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 2:19 PM IST

চিটাৰা ডেস্ক, 10 এপ্ৰিল : নৱপ্ৰজন্মক ৰীলেশ্যনশ্বিপৰ পৰামৰ্শ দিলে বলীউডৰ স্পষ্টবাদী অভিনেত্ৰী জীনাত আমানে ৷ 10 এপ্ৰিলত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত নিজৰ পোহনীয়া কুুকুৰটোৰ সৈতে এখন ফটো আপলোড কৰি কেপশ্যনত লিখে, "আপোনালোকৰ মাজৰ এজনে মোক সম্পৰ্কৰ পৰামৰ্শ বিচাৰিছিল, এইটো মোৰ ব্যক্তিগত দৃষ্টিভংগী, যিটো মই আজিলৈকে কাৰো লগত ভাগ বাটোৱাৰা কৰা নাই ৷ যদি আপুনি সম্পৰ্কত আছে, তেন্তে মোৰ কথাটো হ'ল যে আপুনি বিবাহৰ আগতে লিভ-ইনত থাকিব লাগে ৷ এয়া মই মোৰ দুয়োপুত্ৰক দিয়া পৰামৰ্শ ৷ এয়া মোৰ যুক্তিসংগত যেন লাগে ৷ আপোনাৰ বিবাহৰ ক্ষেত্ৰত পৰিয়াল তথা চৰকাৰৰ হস্তক্ষেপ কৰাৰ পূৰ্বে, দম্পতীটোৱে নিজেই লিভ-ইনত থাকি ইজনে সিজনক পৰীক্ষা কৰা উচিত ৷"

"দিনটো কেইটামান ঘণ্টাৰ বাবে আপুনি নিজকে সৰ্বশ্ৰেষ্ঠ বুলি দেখুওৱাটো সহজ ৷ কিন্তু আপুনি প্ৰকৃততে এটা বাথৰুম শ্বেয়াৰ কৰিব পাৰিবনে ? আপোনাৰ মনটো বেয়া থাকিলে চম্ভালিব পাৰিবনে ? প্ৰতি নিশা ৰাতি ৰাতিৰ আহাৰত কি খাব লাগে তাৰ ওপৰত দুয়োজনে সমানে সন্মতি দিবনে? শোৱনি কোঠাত সদায়েই একে উৎসাহ ৰাখিব পাৰিবনে ? দুজন লোকে প্ৰতিদিনে একেলগে থাকিলে হাজাৰ হাজাৰ ক্ষুদ্ৰ বিবাদ সংঘটিত হ’ব পাৰে ? চমুকৈ - আপোনালোকে প্ৰকৃততে ইজনৰ সিজৰ লগত থাকিব পাৰিবনে ?" অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

জীনাতে প্ৰায়ে তেওঁৰ ইনষ্টাগ্ৰামত পুৰণি স্মৃতিবোৰ পুনৰ জীৱিত কৰা দেখা যায় । 72 বছৰ বয়সতো জীনাতৰ গ্লেমাৰ পূৰ্বৰ দৰেই আছে ৷ অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টটো আকৰ্ষণীয় ছবিৰে ভৰি আছে ।

অভিনেত্ৰীগৰাকীৰ বৈবাহিক জীৱন :

জীনাতৰ বৈবাহিক জীৱন বৰ ভাল নাছিল । অভিনেত্ৰীগৰাকীয়ে গোপনে অভিনেতা সঞ্জয় খানৰ লগত (1978-79) চনত বিহাপাশত আৱদ্ধ হৈছিল ৷ কিন্তু তেওঁলোকৰ বিবাহৰ সম্পৰ্ক বেছি দিন নাথাকিল ৷ সঞ্জয় খানৰ সৈতে হোৱা কাজিয়াৰ সময়ত, অভিনেত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হৈছিল, যাৰ ফলত অভিনেত্ৰীগৰাকী পীটোচিছ ৰোগত ভুগিছিল, অভিনেত্ৰীগৰাকীয়ে এই ৰোগৰ বাবে চিকিৎসা গ্ৰহণ কৰি আছে।

সঞ্জয় খানৰ পিচত, জীনাতে 1985 চনত অভিনেতা মাজহাৰ খানৰ লগত বিবাহপাশত আৱদ্ধ হয় ৷ 1998 চনত দুয়ো পৃথক হয় । জীনাত আমানৰ দুটা সন্তান আছে জাহান খান আৰু আজান খান ।

লগতে পঢ়ক: 101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.