ETV Bharat / entertainment

সকলোৱে জনাৰ পিচতো বিয়াৰ অনুমতি ল’বলৈ যাওতে নাৰ্ভাছ হৈ আছিল জাহীৰ - Shatrughan Zaheer conversation

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:53 PM IST

Zaheer Iqbal Shatrughan Sinha : প্ৰেমতো আৰু লুকাই নাথাকে, কথা-বতৰা, ব্যৱহাৰ সকলোতে ফুটি উঠে ৷ দুয়োখন ঘৰেই জানিছিল সোণাক্ষী আৰু জাহীৰৰ কথা ৷ কিন্তু বিয়া যিহেতু এটা সামাজিক প্ৰথা, তাৰ অনুমতিও আনুষ্ঠানিকভাৱে লোৱাটো জৰুৰী ৷ প্ৰেমিকাৰ পিতৃক কইনা খুজিবলৈ যাওতে কি অৱস্থা হৈছিল জাহীৰ ইকবালৰ জানেনে ?

Zaheer Iqbal on meeting Shatrughan Sinha Before to Seek Permission to Propose to Sonakshi Sinha
শত্ৰুঘ্ন সিন্হাৰ সৈতে কথা-বতৰাৰ সময়ত জাহীৰ নাৰ্ভাছ হৈ আছিল (ANI)

চিটাৰা ডেস্ক, 23 জুলাই : ‘যেতিয়া মই সেই কোঠাটোলৈ সোমাই গৈছিলো...': সোণাক্ষীক বিয়া কৰাবলৈ অনুমতি লোৱাৰ পূৰ্বে শত্ৰুঘ্ন সিন্হাৰ সৈতে হোৱা কথা-বতৰাৰ বিশদ বিৱৰণ দিলে জাহীৰে ৷ সাত বছৰীয়া প্ৰেমৰ অন্তত জাহীৰ ইকবাল আৰু সোণাক্ষী সিন্হাই এক অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় আৰু তাৰ পিচত এক আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে । একেলগে থকাৰ সপোন বাস্তৱায়িত কৰিবলৈ জাহীৰে সোণাক্ষীৰ পিতৃ ছুপাৰষ্টাৰ শত্ৰুঘ্ন সিন্হাৰ পৰা অনুমতি বিচাৰিছিল । সোণাক্ষীৰ জীৱনৰ এই দুই গুৰুত্বপূৰ্ণ ব্যক্তিৰ মাজত হোৱা কথা-বতৰা কেনেদৰে আৰম্ভ হৈছিল জানো আহক ।

জাহীৰ ইকবালে সোণাক্ষী সিন্হাক বিয়া কৰাবলৈ অনুমতি বিচাৰি শত্ৰুঘ্ন সিন্হাৰ ওচৰলৈ যোৱাৰ গুৰুত্বপূৰ্ণ মুহূৰ্তটোৰ সময়ত কি অনুভৱ কৰিছিল সেয়া শ্বেয়াৰ কৰিছে । শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁৰ ভাবী-শহুৰেকৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত নাৰ্ভাছ আৰু কঁপনি অনুভৱ কৰিছিল । জাহীৰে স্বীকাৰ কৰে যে অনুমতি বিচাৰি থাকোঁতে তেওঁ অজানিতে আঙঠি লৈ অহাৰ কখা উল্লেখ কৰিছিল ।

"যেতিয়া মই প্ৰস্তাৱ দিবলৈ অনুমতি ল'বলগীয়া হৈছিল, তেতিয়া মই ভয় খাইছিলো । মই কঁপি আছিলো আৰু ভাবিছিলো মই কথা কৈ থকাৰ মাজতে যদি মোক 'খামোছ' বুলি কৈ দিয়ে ! কিন্তু তেওঁ এই বিষয়টোত যথেষ্ট মৰমিয়াল আছিল - ৱেবলয়ডৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা শ্বেয়াৰ কৰে জাহীৰে । কথা-বতৰাৰ সময়ত থতমত খোৱা কথা মনত পেলাই জাহীৰে কয়, 'আংকল, ৱো একচ্যুৱেলি, ৱো সোণা নে আপকো বতায়া হোগা, কে উই আৰ...'। তেওঁ উত্তৰ দিলে, 'হান, বতায়া তোহ থা...'। মই তেতিয়া ক’লোঁ, ‘আংকল, মেইন ছ’চ ৰহা থা, মেইন থোডা, মেইন থোডা নাহি পুৰা প্ৰপ’জ কৰ দেতা হু ।’ তেওঁ ক’লে, 'আচ্চা, বহত খুব, বহুত খুব ।'

জাহীৰে আৰু প্ৰকাশ কৰে যে শত্ৰুঘ্ন সিন্হাক তেওঁৰ বিষয়ে যিকোনো প্ৰশ্ন উত্থাপন কৰাৰ প্ৰস্তাৱ দিছিল, যাৰ ফলত দুয়োৰে মাজত এঘণ্টাজোৰা আলোচনা চলিছিল । "মই কৈছিলো, 'আংকল, যদি মোৰ বিষয়ে কিবা সুধিব বিচাৰে তেন্তে প্লিজ...' তাৰ পিচত আমি সকলো বিষয়ৰ ওপৰত এঘণ্টা ধৰি কথা পাতিলোঁ আৰু সেই সময়ত তেওঁ সঁচাকৈয়ে মিঠা আৰু মৰমিয়াল আছিল । কিন্তু সেই কোঠাটোত সোমাই মই সঁচাকৈয়ে ভয় খাইছিলো । যদি তেওঁ না ক’লেহেঁতেন তেতিয়া মই কি কৰিলোঁহেঁতেন ! ভুলতে মই তেওঁক ক’লোঁ যে মই ইতিমধ্যে আঙঠিটো কিনিলোঁ, যাতে তেওঁ বুজি লয় যে তেওঁ না ক’ব নালাগে ।’

সোণাক্ষী আৰু জাহীৰ বিবাহপাশত আবদ্ধ হোৱাৰ আগতে সাত বছৰীয়া সম্পৰ্কত আছিল । 23 জুনত তেওঁলোকৰ বিবাহ অনুষ্ঠানৰ পিচত গ্ৰেণ্ড ৱেডিং উদযাপন কৰা হয় ।

লগতে পঢ়ক : কি কাৰণে ভনীয়েক সোণাক্ষীৰ বিয়াত উপস্থিত নাথাকিল ককায়েক লৱ সিন্হা; অৱশেষত ভংগ কৰিলে নীৰৱতা - Luv Sinha on Sonakshi Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.