ETV Bharat / entertainment

জন্ম বাৰ্ষিকীত পিতৃক সুঁৱৰি নষ্টালজিক হৈ পৰিল মহেশ বাবু - Mahesh Babu instagram - MAHESH BABU INSTAGRAM

Mahesh Babu instagram : ৮১ সংখ্যক জন্ম জয়ন্তীত প্ৰয়াত পিতৃ কৃষ্ণক স্মৰণ কৰিলে মহেশ বাবুৱে । ছ’চিয়েল মিডিয়াৰ জৰিয়তে অভিনেতাগৰাকীয়ে ২০২২ চনৰ ১৫ নৱেম্বৰত মৃত্যু হোৱা পিতৃৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

'You Are Deeply Missed': Mahesh Babu Remembers Late Father Krishna on Birth Anniversary
পিতৃক স্মৰণ মহেশ বাবুৰ (etv bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:11 PM IST

চিটাৰা ডেস্ক, 31 মে’ : তেলুগু ছুপাৰষ্টাৰ মহেশ বাবুৱে জন্ম বাৰ্ষিকীত পিতৃ তথা প্ৰবীণ অভিনেতা কৃষ্ণক স্মৰণ কৰিছে । ৮১ সংখ্যক জন্ম জয়ন্তীত প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি জনাই ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে অভিনেতাগৰাকীয়ে ।

নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত মহেশ বাবুৱে প্ৰয়াত পিতৃৰ এখন ভিনটেজ ফটো শ্বেয়াৰ কৰি লিখিছে, "হেপী বাৰ্থডে নান্না... তোমাক গভীৰভাৱে মিছ কৰা হৈছে আৰু মোৰ জীৱনৰ প্ৰতিটো স্মৃতিতে সদায় জীয়াই থাকিব !♥️♥️♥️"

প্ৰথমে ঘট্টমনেনী শিৱৰাম কৃষ্ণমূৰ্তি নামেৰে জনাজাত কৃষ্ণ তেলেগু চিনেমাৰ এগৰাকী বিশিষ্ট ব্যক্তি আছিল ৷ ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল তেওঁ । প্ৰডাকচন আৰু পৰিচালনাৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱা কৃষ্ণই ২০০৯ চনত পদ্মভূষণ বঁটা লাভ কৰিছিল ।

১৯৬৫ চনত অদুৰ্থী চুব্বা ৰাওৰ পৰিচালনাত নিৰ্মিত ৰোমান্টিক নাটক থেনে মনছুলু (Thene Manasulu)ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ অভিষেক ঘটায় ৷ ২০২২ চনৰ ১৫ নৱেম্বৰত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ ৷

মহেশ বাবুৰ পেছাদাৰী ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁ বহু প্ৰত্যাশিত ছবি এছ এছ এম বি ২৯ত এছ এছ ৰাজামৌলীৰ সৈতে সহযোগিতা কৰিবলৈ সাজু হৈছে । ৰাজামৌলীৰ পূৰ্বৰ ব্লকবাষ্টাৰ ছবি যেনে মগাধীৰা, বাহুবলী আৰু আৰ আৰ আৰৰ সৈতে একে পৰ্যায়ৰ বুলি ধাৰণা কৰা হৈছে ।

ইণ্ডিয়ানা জ’নছৰ চিৰিজৰ দৰে এই ছবিখন জংঘলৰ মাজত এক ৰোমাঞ্চকৰ দুঃসাহসিক অভিযান বুলি জানিব পৰা গৈছে । SSMB29 এ জাৰ্মানীৰ ব্লেক ফ’ৰেষ্ট আৰু আমাজন বৰ্ষাৰণ্যকে ধৰি বিভিন্ন বিশ্বব্যাপী লোকেশ্যনক সামৰি লৈছে ৷ মহেশ বাবুক আঠটা সুকীয়া অৱতাৰত প্ৰদৰ্শন কৰা হ’ব এই ছবিখনত ।

শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে একাডেমী বঁটা লাভ কৰা আৰ আৰ আৰৰ সফলতাৰ পিচত এছ এছ ৰাজামৌলীয়ে এছ এছ এম বি ২৯ৰ বাবে সুৰকাৰ এম এম কীৰাভানীৰ সৈতে সহযোগিতা কৰে । দুৰ্গা আৰ্টছৰ অধীনত কে এল নাৰায়ণৰ সমৰ্থিত এই অভিলাষী প্ৰকল্পটোৱে অনুৰাগীসকলৰ মাজত খলকনি লগাইছে ।

লগতে পঢ়ক : বহুমুখী প্ৰতিভাৰ আকৰ পৰেশ ৰাৱাল - PARESH RAWAL BIRTHDAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.