ETV Bharat / entertainment

চয়তানৰ ক’লা যাদুৰ সন্মুখত ম্লান পৰিল যোদ্ধাৰ আশা, প্ৰথম দিনা উপাৰ্জন কৰিলে মাত্ৰ ইমান

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:53 PM IST

Yodha Box Office Collection Day 1: আশা কৰা ধৰণে উপাৰ্জন কৰিব পৰা নাই সিদ্ধাৰ্থ মালহোত্ৰাৰ ‘যোদ্ধা’ই । এই ছবিখনে মুক্তিৰ দিনা কিমান সংগ্ৰহ কৰিলে জানো আহক এই প্ৰতিবেদনত ।

Yodha Box Office Day 1: Sidharth Malhotra's Actioner Mints over Rs 4 Crore in India
যোদ্ধা বক্স অফিচ সংগ্ৰহ

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত ‘যোদ্ধা’ ২০২৪ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি আছিল । অৱশেষত ১৫ মাৰ্চত অৰ্থাৎ শুকুৰবাৰে পৰ্দাত মুক্তি পালে ‘যোদ্ধা’ । ছবিখনৰ পৰা বহু আশা কৰা হৈছিল যদিও হাই একশ্যন ‘যোদ্ধা’ৰ আৰম্ভণি বৰ ভাল নহ’ল । বক্স অফিচত ছবিখনৰ আৰম্ভণি যথেষ্ট ঠাণ্ডা । গতিকে এই প্ৰতিবেদনত জানো আহক 'যোদ্ধা' মুক্তিৰ প্ৰথম দিনা কিমান কোটি টকা উপাৰ্জন কৰিছে ৷

মুক্তিৰ প্ৰথম দিনা কিমান কোটি টকা সংগ্ৰহ কৰিছে ‘যোদ্ধা’ই ?

সিদ্ধাৰ্থ মালহোত্ৰা, ৰাশি খান্না আৰু দিশা পাটানি অভিনীত ছবি ‘যোদ্ধা’ মুক্তিৰ পূৰ্বেই ছবিখনৰ যথেষ্ট প্ৰচাৰ কৰা হৈছিল । মুক্তিৰ পাচত ছবিখনে চিনেমাগৃহত আলোড়নৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছিল যদিও প্ৰথম দিনাই ছবিখনে অতি কম সহাঁৰি লাভ কৰিছে ৷ হয়, মুক্তিৰ দিনটোত দৰ্শকক ছবিগৃহলৈ আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে যোদ্ধা ।

  • Sacknilk ৰ প্ৰতিবেদন অনুসৰি মুক্তিৰ প্ৰথম দিনাই ‘যোদ্ধা’ই ৪.২৫ কোটি টকা সংগ্ৰহ কৰিছে ।

'চয়তান'ৰ সন্মুখত অসহায় হৈ পৰিল 'যোদ্ধা'

এসপ্তাহৰ আগতে ছবিগৃহত মুক্তি পোৱা 'চয়তান' ছবিখনে বক্স অফিচত বিয়পাবলৈ সক্ষম হৈছে ছবিখনৰ ক'লা যাদু ৷ আনকি চয়তানৰ ক’লা যাদুৰ সন্মুখত পৰাজিত হোৱাৰ পথত 'যোদ্ধা' ৷ চয়তানে মুক্তিৰ প্ৰথম দিনা ১৪ কোটি টকাতকৈ অধিক উপাৰ্জন কৰিছিল, আনহাতে ‘যোদ্ধা’ই ৪.২৫ কোটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত ‘যোদ্ধা’ৰ বাবে চয়তানৰ সন্মুখত থিয় হোৱাটো আৰু কঠিন হৈ পৰিব পাৰে । কিন্তু এই ছবি দুখনে ছুটিৰ দিনটোত অৰ্থাৎ দেওবাৰৰ দিনটোত কেনেদৰে প্ৰদৰ্শন কৰে সেয়া হ’ব লক্ষ্যণীয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

'যোদ্ধা'ৰ কাহিনী কি ?

সাগৰ আম্বে আৰু পূষ্কৰ ওঝাৰ পৰিচালনাত নিৰ্মিত 'যোদ্ধা' প্ৰযোজনা কৰিছে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনে । এই ছবিখনত সিদ্ধাৰ্থই অফ ডিউটি ​​আৰ্মী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে, যিয়ে সন্ত্ৰাসবাদীয়ে হাইজেক কৰা বিমানৰ যাত্ৰীক ৰক্ষা কৰিবলৈ চেষ্টা কৰে ।

লগতে পঢ়ক: স্বামী সিদ্ধাৰ্থৰ ছবি যোদ্ধা চোৱাৰ পিচত কিয়াৰা আদৱানীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.