ETV Bharat / entertainment

এইখন মোৰ প্ৰথম পান ইণ্ডিয়া ছবি : ৰবি কিষাণ - Laapataa Ladies Ravi Kishan paan

author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

Ravi Kishan on Laapataa Ladies : অস্কাৰ 2025 ত অফিচিয়েল এণ্ট্ৰি হোৱা কিৰণ ৰাওৰ লাপাতা লেডীজ ছবিখন অভিনেতা ৰবি কিষাণৰ বাবে বিশেষ, কিয়নো এইখন তেওঁৰ বাবে পান ইণ্ডিয়া ছবি ৷ পান ইণ্ডিয়া ছবি হোৱাৰ আঁৰৰ কাহিনীটো নিশ্চয়কৈ আপোনাৰো জানিবলৈ মন গৈছে ৷ এই প্ৰতিবেদন আগলৈ পঢ়ক-

Yeh Meri Pehli Paan India Film Hai Ravi Kishan chewed 160 Paan In Laapataa Ladies
লাপতা লেডীজৰ আঁৰৰ ধেমেলীয়া কাহিনী (Movie Poster)

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ : ভোজপুৰী তাৰকা ৰবি কিষাণ, তেওঁৰ ব্যক্তিত্বটোৱে এনেকুৱা যে তেওঁ য’তেই নাথাকক কিয় পৰিৱেশটো উছৱমুখৰ হৈ পৰে ৷ যি ধৰণৰে অভিনয় নকৰক কিয়, সকলো নিখুঁত কৰি তুলিব পাৰে তেওঁ ৷ নিজৰ অতুলনীয় অভিনয়েৰে দৃশ্য এটাৰ সুন্দৰ উপস্থাপনৰ বাবেই জনাজাত ৰবি কিষাণ ৷

শেহতীয়াকৈ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৰ সামাজিক ছবি লাপাতা লেডীজত দেখা গৈছিল ৰবিক । শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত অস্কাৰ 2025 ৰ বাবে নিৰ্বাচিত হৈছে লাপাতা লেডীজ । লাপাতা লেডীজৰ অস্কাৰত প্ৰৱেশৰ লগে লগে ছবিখন লাইমলাইটলৈ আহিছে । এই ছবিখনত ৰবি কিষাণে অসাধু পুলিচৰ পৰা সৎ হৈ পৰা এজন আৰক্ষীৰ চৰিত্ৰত উজ্জ্বল অভিনয় কৰিছে । খাকী পোচাকত দুৰ্দান্ত অভিনয় দেখা গৈছে ৰবি কিষাণৰ । ছবিখনৰ সৈতে জড়িত এটা আকৰ্ষণীয় উপাখ্যান শ্বেয়াৰ কৰিছে ৰবিয়ে ।

লগতে পঢ়ক : অস্কাৰ 2025 ৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি কিৰণ ৰাওৰ লাপাতা লেডীজৰ - Laapataa Ladies in Oscars 2025

এইখন মোৰ প্ৰথম পান ইণ্ডিয়ান ছবি – ৰবি কিষাণ

আপুনি জানি আচৰিত হ'ব যে লাপাতা লেডীজ চলচ্চিত্ৰখনত তেওঁৰ আৰক্ষীৰ চৰিত্ৰটোৰ বাবে ৰবি কিষাণে গোটেই ছবিখনত 160খন পাণ খাইছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰবি কিষাণে কয়, “লাপাতা লেডীজৰ শ্বুটিঙৰ সময়ত, মই 160 খন পাণ খাব লগা হৈছিল, কিন্তু সুখৰ কথা যে মই ইয়াৰ প্ৰতি আসক্ত নহয়, কিৰণ জীয়ে মোৰ চৰিত্ৰটো এনেকুৱা হোৱাটো বিচাৰিছিল যে তেওঁ যাতে সদায়ে কিবা এটা চোবাই থাকে, তেওঁ চিংৰাৰ পৰামৰ্শ দিছিল, মই তেওঁক পাণ বিচাৰিছিলো, গতিকে এইখন মোৰ প্ৰথম পান ইণ্ডিয়া ছবি”, ইয়াৰ পিছত তেওঁ হাঁহিবলৈ ধৰে ।

2024 চনৰ 1 মাৰ্চত মুক্তি পাইছিল লাপাতা লেডীজ । ছবিখনে দৰ্শকক বহুত মনোৰঞ্জন দিবলৈ সক্ষম হয় । ছবিখনৰ প্ৰযোজক আৰু পৰিচালক হ’ল ক্ৰমে আমিৰ খান আৰু তেওঁৰ প্ৰাক্তন পত্নী কিৰণ ৰাও । পূৰ্বে ছবিখনত আৰক্ষীৰ ভূমিকা আমিৰ খানক দিয়া হৈছিল যদিও তেওঁ খাপ খোৱা নাছিল । এতিয়া গোটেই দেশে আশা কৰি আছে যে লাপাতা লেডীজে অস্কাৰ লাভ কৰিব ।

লগতে পঢ়ক : কি ভিত্তিত অস্কাৰ 2025ত এণ্ট্ৰি পালে লাপাতা লেডীজে ? - LAAPATAA LADIES IN OSCARS 2025

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.