চিটাৰা ডেস্ক, ৪ ফেব্ৰুৱাৰী : প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰী দিনটো ‘বিশ্ব কৰ্কট দিৱস’ হিচাপে পালন কৰা হয় । ইফালে বিশ্ব কৰ্কট দিৱস উপলক্ষে বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাই পত্নী তাহিৰা কাশ্যপৰ বাবে বিশেষ টোকা লিখিছে । অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়াত তাহিৰাৰ কিছু ফটো শ্বেয়াৰ কৰি তাহিৰাৰ প্ৰতি থকা মৰম প্ৰকাশ কৰিছে ।
ছবিসমূহ শ্বেয়াৰ কৰি আয়ুষ্মানে কেপচনত লিখিছে, ‘‘মই এই ছোৱালীজনীক পঞ্জাৱ বিশ্ববিদ্যালয়ৰ ১৪ নম্বৰ ঘৰটোত চাহ আৰু চামোছা খুৱাই হৃদয় জয় কৰিছিলোঁ ।’’
একে সময়তে জীৱনৰ নতুন ইনিংছ খেলাৰ বাবেও অভিনেতাগৰাকীয়ে তাহিৰাক শুভেচ্ছা জনাইছে । উল্লেখ্য যে, তাহিৰা কাশ্যপে আজি 'স্পকেন ফেষ্ট'ত আত্মপ্ৰকাশ কৰিব । এই বিশেষ দিন উপলক্ষে আয়ুষ্মানে পত্নীৰ মনোবল বৃদ্ধি কৰিবলৈ এই পোষ্টটো শ্বেয়াৰ কৰে আৰু তেওঁক শুভেচ্ছা জনায় । অভিনেতাজনে লগতে লিখিছে, ‘‘মই তোমাৰ হৃদয় আৰু মনোবলক বহুত ভাল পাওঁ ।’’
অনুৰাগীয়ে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া
আয়ুষ্মানৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে । অভিনেতাগৰাকীৰ এই পোষ্টটোৰ ওপৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘চামোছা আৰু চাহে এটা সুন্দৰ যুটি বনাইছিল ।’’ কেন্সাৰৰ দৰে বিপজ্জনক ৰোগক পৰাস্ত কৰাৰ বাবে বহু লোকে তাহিৰাক প্ৰশংসা কৰা দেখা গ’ল কমেন্টবক্সত ।
স্তন কেন্সাৰত আক্ৰান্ত আছিল তাহিৰা কাশ্যপ
২০১৮ চনত তাহিৰাৰ স্তন কেন্সাৰ ধৰা পৰিছিল । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত তথ্য দিছিল খোদ তাহিৰাই । অৱশ্যে তেওঁ এই বিপজ্জনক ৰোগৰ বিৰুদ্ধে যুঁজ দি জয়ী হৈছে । কিন্তু এটা সময় এনেকুৱা আছিল যেতিয়া তেওঁ কেন্সাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত হৈও মানসিকভাৱে ভাঙি পৰা নাছিল ৷ কেন্সাৰ ৰোগ ধৰা পৰাৰ পিচতো তেওঁ কেতিয়াও হাৰ মনা নাছিল, আনকি কামৰ পৰাও বিৰতি লোৱা নাছিল । তাহিৰাই প্ৰায়ে ছ’চিয়েল মিডিয়াত নিজৰ অসুস্থতাৰ সৈতে জড়িত কথাবোৰ শ্বেয়াৰ কৰিছিল । অৱশেষত তাহিৰাই প্ৰমাণ কৰি দেখুৱালে যে দৃঢ় বিশ্বাস আৰু মনোবল থাকিলে যিকোনো বেমাৰৰ সৈতে যুঁজ দি জয়ী হ’ব পাৰি ৷
লগতে পঢ়ক: মৃত্যুৰ নাটক ৰচাৰ বাবে আইনৰ ৰোষত পৰিব নেকি পুনম পাণ্ডে ?