ETV Bharat / entertainment

জামনগৰতে কিয় অনুষ্ঠিত হ’ব অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিং অনুষ্ঠান ? আঁৰত আছে হৃদয় চুই যোৱা কাৰণ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 4:55 PM IST

Anant-Radhika Pre Wedding: মাৰ্চ মাহৰ প্ৰথম সপ্তাহত গুজৰাটৰ জামনগৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ আটাইতকৈ প্ৰত্যাশিত প্ৰি ৱেডিং অনুষ্ঠান অনুষ্ঠিত হ’ব । বৰ্তমান প্ৰস্তুতি পূৰ্ণগতিত চলি আছে ।

Why will Anant-Radhika's pre-wedding ceremony be held in Jamnagar, Gujarat?
অনন্ত-ৰাধিকাৰ প্ৰি ৱেডিং অনুষ্ঠান

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: দেশৰ ডাঙৰ ব্যৱসায়ী মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব । বৰ্তমান অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানক লৈ যথেষ্ট চৰ্চা চলিছে । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে ১-৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত আয়োজন কৰিব তেওঁলোকৰ গ্ৰেণ্ড প্ৰি-ৱেডিং অনুষ্ঠান । বলীউডৰ সকলো তাৰকাৰ উপৰিও ৰাজনৈতিক ব্যক্তিত্ব, ব্যৱসায়ী, আন্তঃৰাষ্ট্ৰীয় অতিথিয়েও প্ৰি-ৱেডিং উদযাপনত অংশগ্ৰহণ কৰিব ।

বৰ্তমান সময়ত অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলি আছে । কিন্তু এই সকলোবোৰৰ মাজতে সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ’ল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ বাবে গুজৰাটৰ জামনগৰক কিয় বাছনি কৰা হৈছে ?

কিয় গুজৰাটৰ জামনগৰত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠান অনুষ্ঠিত হ’ব ?

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অনন্ত আম্বানীয়ে গুজৰাটৰ জামনগৰত তেওঁৰ প্ৰি-ৱেডিং অনুষ্ঠান অনুষ্ঠিত কৰাৰ বিশেষ কাৰণ প্ৰকাশ কৰে । অনন্তই কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতত বিবাহৰ বাবে আবেদন জনাইছিল । প্ৰধানমন্ত্ৰী মোদীৰ এই আবেদনে তেওঁক বহুত আপ্লুত কৰিছে আৰু সেয়েহে দেশতে বিয়া হোৱাৰ সিদ্ধান্ত লৈছে ।

জামনগৰত প্ৰি-ৱেডিং অনুষ্ঠান অনুষ্ঠিত কৰাৰ সন্দৰ্ভত অনন্তে কয় যে তেওঁৰ আইতাকৰ জন্ম জামনগৰত হৈছিল । ইয়াৰ উপৰিও তেওঁৰ ককা ধীৰু ভাই আম্বানী আৰু পিতৃ মুকেশ আম্বানীয়েও এই ঠাইৰ পৰাই ব্যৱসায় আৰম্ভ কৰিছিল । অনন্তই লগতে কয় যে তেওঁ কেৱল জামনগৰতে ডাঙৰ-দীঘল হৈছে । এনে পৰিস্থিতিত এই ঠাইখনৰ প্ৰতি তেওঁৰ এক বিশেষ মোহ আছে । জামনগৰ তেওঁৰ ককাক-আইতাকৰ জন্মস্থান আৰু ককাক-আইতাকৰ কৰ্মক্ষেত্ৰ । সেয়েহে, এই স্থানত প্ৰি-ৱেডিং অনুষ্ঠান অনুষ্ঠিত কৰা সিদ্ধান্ত লৈছে ৷

উল্লেখ্য যে, গুজৰাটৰ জামনগৰত প্ৰি-ৱেডিং অনুষ্ঠানৰ পিচত জুলাই মাহত মুম্বাইত অনন্ত আৰু ৰাধিকাৰ ৰাজকীয় বিয়া হ’ব । এই বছৰৰ আটাইতকৈ ডাঙৰ বিয়া হ’ব এইখন । এতিয়া সকলোৰে দৃষ্টি অনন্ত আৰু ৰাধিকাৰ বিয়াখনলৈ । উল্লেখ্য যে, ২০২২ চনৰ জুলাই আৰু ডিচেম্বৰ মাহত ৰাজস্থানৰ নাথদ্ৰৱাৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হোৱা পৰম্পৰাগত অনুষ্ঠানত দুয়োৰে বাগদান সম্পন্ন হৈছিল ।

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বে আম্বানী পৰিয়ালে জামনগৰত নিৰ্মাণ কৰিছে ১৪টা মন্দিৰ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.