ETV Bharat / entertainment

'৯০ দশকৰ ছুপাৰহিট শ্ব’ শক্তিমান হঠাতে কিয় বন্ধ হৈ পৰিছিল ? - শক্তিমান শ্ব’

Superhero Shaktimaan: ‘শক্তিমান’ ৯০ দশকত দূৰদৰ্শনত শিশুৰ প্ৰিয় শ্ব’ আছিল । কিন্তু শিশুৰ এই প্ৰিয় শ্ব’টো হঠাতে বন্ধ হৈ পৰিছিল, যাৰ কাৰণ পিচত শ্ব’টোৰ মুখ্য অভিনেতা মুকেশ খান্নাই প্ৰকাশ কৰিছিল ।

Why did 'Shaktimaan' telecast suddenly stop on Doordarshan, Know the behind reason
শক্তিমান হঠাতে কিয় বন্ধ হৈ পৰিছিল
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 5:12 PM IST

চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: ৮০ আৰু ৯০ দশকত মাত্ৰ দুটা চেনেল আছিল, তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন আৰু আনটো আছিল ডি ডি মেট্ৰ’ । এই দুটা চেনেলত কেইখনমান নিৰ্বাচিত ধাৰাবাহিক সম্প্ৰচাৰিত হৈছিল আৰু সেই সময়ৰ দৰ্শকে খুব ভাল পাইছিল এইবোৰ । তেতিয়া পোন প্ৰথমে মুকেশ খান্নাই ভাৰতত ছুপাৰ হিৰোৰ পৰিচয় দিছিল আৰু সেই ছুপাৰ হিৰোৰ নাম আছিল ‘শক্তিমান’ । এই শ্ব’টো কেৱল দূৰদৰ্শনত টেলিকাষ্ট হৈছিল আৰু শিশুসকলে প্ৰতি দেওবাৰে এই শ্ব’টো উপভোগ কৰিছিল । ৯০ ৰ দশকৰ ল’ৰা-ছোৱালীৰ বাবে ‘শক্তিমান’ কেৱল এটা নাম নহয়, আৱেগ বুলি গণ্য কৰা হৈছিল যদিও হঠাতে বন্ধ হৈ গৈছিল শ্ব’টো ৷

৯০ দশকত শিশুৰ মাজত ‘শক্তিমান’ অতি জনপ্ৰিয় হৈ পৰিছিল যদিও হঠাতে বন্ধ হোৱাৰ খবৰ আহিছিল, কিন্তু মানুহে বুজি পোৱা নাছিল যে হঠাৎ এনেকুৱা কিয় হৈছিল । এই শ্ব’টো ছুপাৰহিট আছিল আৰু ইয়াৰ টি আৰ পিও যথেষ্ট ভাল আছিল, এনে ক্ষেত্ৰত নিৰ্মাতাই চলি থকা শ্ব’টো কিয় বন্ধ কৰি দিছিল ?

কিয় হঠাতে বন্ধ হৈ গৈছিল ‘শক্তিমান’ ?

৯০ ৰ দশকৰ ছুপাৰহিট শ্ব’ শক্তিমান চলি থকাৰ সময়তে হঠাতে বন্ধ হৈ গৈছিল । এই শ্ব’টো যথেষ্ট জনপ্ৰিয় হোৱাৰ বাবে মানুহে বুজি নাপালে যে কিয় এনেকুৱা হৈছিল । বহু বছৰৰ পাচত এতিয়া মুকেশ খান্নাই প্ৰকাশ কৰিলে ইয়াৰ আঁৰৰ কাৰণ ৷ আচলতে মুকেশ খান্নাই কৰ’নাৰ সময়ত নিজৰ ইউটিউব চেনেলত ইয়াৰ কাৰণ বুজাই কৈছিল । তেওঁ কৈছিল, ‘‘শক্তিমান আৰম্ভ হোৱাৰ সময়ত দূৰদৰ্শনত টেলিকাষ্ট কৰাৰ বাবে দূৰদৰ্শনৰ মালিকক তিনি লাখ টকা দিছিল । কিন্তু শ্ব’টোৱে প্ৰাইম টাইম পোৱা নাছিল, মঙলবাৰে নিশাৰ স্লট আৰু শনিবাৰৰ দিনৰ স্লট পাইছিল ।

মুকেশ খান্নাই কয়, ‘‘মই এই শ্ব’টো শিশুসকলৰ বাবে বনাইছিলোঁ আৰু যদি তেওঁলোকে ইয়াক চাবলৈ সুবিধা নাপায় তেন্তে কি অৰ্থ আছে শ্ব’টোৰ । শিশুসকল শনিবাৰে স্কুলত থাকে আৰু দেওবাৰৰ বাহিৰে বাকী সপ্তাহত শিশুসকল সোনকালেই শুই থাকে । এনে পৰিস্থিতিত মই বিচাৰিছিলো যে শ্ব’টোৰ স্লট দেওবাৰে দুপৰীয়া ১২ বজাৰ হওক, কাৰণ সেই সময়ত ল’ৰা-ছোৱালী ঘৰত থাকে আৰু আৰামত চাব পাৰিব । আগতে মোৰ শ্ব’টো এই স্লটতে চলিছিল যদিও ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ পিচত দূৰদৰ্শনে ভাড়া বৃদ্ধি কৰি ৭ লাখ টকা দাবী কৰিছিল । মই সেইটোও দিছিলোঁ কিন্তু কিছু সময়ৰ পাচত তেওঁলোকে ১০ লাখ টকা দাবী কৰিলে আৰু মই দিব নোৱাৰিলোঁ । ইয়াৰ বাবেই মই এই শ্ব’টো বন্ধ কৰিবলগীয়া হৈছিল ।’’

‘শক্তিমান’ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

শক্তিমানৰ প্ৰথম খণ্ডটো ১৯৯৭ চনৰ ৬ ছেপ্টেম্বৰত ডি ডি নেশ্যনেলত প্ৰচাৰিত হৈছিল । এই শ্ব’টো ইমানেই জনপ্ৰিয় হৈ পৰিছিল যে শিশুসকলেও শক্তিমানৰ দৰে উৰিবলৈ চেষ্টা কৰিছিল । ইয়াৰ পিচত শ্ব’ৰ শেষত শক্তিমান অৰ্থাৎ মুকেশ খান্নাই ল’ৰা-ছোৱালীক পঢ়ুৱাবলৈ আহিছিল । এই শ্ব’টোৰ নাম আছিল ‘আকাশ’ যিটো পিচলৈ সলনি কৰি ‘শক্তিমান’ কৰা হয় ।

মুকেশ খান্নাই এটা সাক্ষাৎকাৰত কৈছিল যে এই শ্ব’টোৰ প্ৰস্তাৱ লৈ তেওঁ ডাঙৰ ডাঙৰ প্ৰডাকশ্যনলৈ গৈছিল যদিও কোনেও ইয়াৰ বাবে বিত্তীয় সাহায্য দিয়া নাছিল । ইয়াৰ পিচত তেওঁ বন্ধু-বান্ধৱীৰ পৰা ধাৰ লৈ এই শ্ব’টো আৰম্ভ কৰিছিল আৰু তাৰ পিচত সফলতাৰ শীৰ্ষত উপনীত হৈছিল শ্ব’টো ৷

লগতে পঢ়ক: উড়ান খ্যাত অভিনেত্ৰী কবিতা চৌধুৰী আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.