ETV Bharat / entertainment

ধ্ৰুৱী পেটেলৰ শিৰত মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড 2024 ৰ মুকুট - Miss India Worldwide 2024 - MISS INDIA WORLDWIDE 2024

Miss India Worldwide 2024 : আমেৰিকাৰ কম্পিউটাৰ ইনফৰ্মেশ্যন ছিষ্টেমছৰ ছাত্ৰী ধ্ৰুৱী পেটেলক মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড 2024 ঘোষণা কৰা হৈছে । আপুনি জানেনে ধ্ৰুৱী পেটেল কোন ?

Who is Dhruvi Patel, who won the crown of Miss India Worldwide 2024
ধ্ৰুৱী পেটেল (PTI Video- Canva)
author img

By ETV Bharat Entertainment Team

Published : Sep 20, 2024, 4:34 PM IST

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ : নিউ জাৰ্ছিৰ এডিচনত মুকুট পিন্ধাৰ পিছত ধ্ৰুৱীয়ে কয়, “মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইড জয় কৰাটো এটা ডাঙৰ সন্মান । ই এটা মুকুটতকৈয়ো বেছি । এইটোৱেই মোৰ ঐতিহ্য, মোৰ মূল্যবোধ আৰু বিশ্ব পৰ্যায়ত আনকো অনুপ্ৰাণিত কৰে ।”

পি টি আইৰ মতে, চুৰিনামৰ লিছা আব্দোয়েলহাক উক্ত প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ ঘোষণা কৰা হয় । নেডাৰলেণ্ডৰ মালবিকা শৰ্মাক দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয় । মিছেজ শাখাত, ত্ৰিনিদাদ আৰু টোবাগোৰ চুয়ান মৌটেট বিজয়ী হয়, আনহাতে স্নেহা নাম্বিয়াৰে প্ৰথম আৰু যুক্তৰাজ্যৰ পৱনদীপ কৌৰে দ্বিতীয় স্থান অধিকাৰ কৰে ।

কিশোৰ শ্ৰেণীত, গুয়াডেলুপৰ চিয়েৰা চুৰেটক মিছ টিন ইণ্ডিয়া ৱৰ্ল্ডৱাইডৰ মুকুট পিন্ধোৱা হয় । নেডাৰলেণ্ডৰ শ্ৰেয়া সিঙক প্ৰথম ৰানাৰ-আপ ঘোষণা কৰা হয়, আনহাতে চুৰিনামৰ শ্ৰদ্ধা টেডজোক দ্বিতীয় ৰানাৰ-আপ ঘোষণা কৰা হয় ।

নিউয়ৰ্কস্থিত ইণ্ডিয়া ফেষ্টিভেল কমিটীৰ উদ্যোগত এই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । নেতৃত্বত আছে ভাৰতীয়-আমেৰিকান নীলম আৰু ধৰ্মত্মা সৰণ । এই প্ৰতিযোগিতাখনে এইবাৰ 31 বছৰ সম্পূৰ্ণ কৰিছে ।

ধ্ৰুৱী পেটেল কোন ?

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ধ্ৰুৱী পেটেল কুইনিপিয়াক বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ইনফৰ্মেশ্যন চিষ্টেমছৰ ছাত্ৰ । ধ্ৰুৱীৰ ইনষ্টাগ্ৰামত 18.6 হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে । 2023 চনত ধ্ৰুৱীয়ে মিছ ইণ্ডিয়া নিউ ইংলেণ্ডৰ মুকুট পিন্ধিছিল । ঘৰৰ পৰাই থ্ৰীডি চেৰিটিজ নামৰ এটা অলাভজনক সংস্থা চলাই আছে তেওঁ । স্বেচ্ছাসেৱী কামৰ লগতে আৰ্তজনৰ বাবে খাদ্য সংগ্ৰহ আৰু ধন সংগ্ৰহো কৰে তেওঁ । ইয়াৰ উপৰিও ইউনিচেফ আৰু ফিডিং আমেৰিকাৰ দৰে দাতব্য সংস্থালৈও তেওঁ অৰিহণা আছে ।

লগতে পঢ়ক : বিয়াৰ পিছত হাতত হাত ধৰি প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ অদিতি-সিদ্ধাৰ্থ - ADITI RAO AND SIDDHARTH WEDDING

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.