ETV Bharat / entertainment

কংগনাক প্ৰহাৰ কৰি নিশাৰ ভিতৰতে চৰ্চালৈ অহা কোন এই কুলবিন্দৰ কৌৰ ? - who is Kulwinder Kaur

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 1:09 PM IST

Who is Kulwinder Kaur : চণ্ডীগড় বিমানবন্দৰত অকস্মাতে লাগি গ’ল হুলস্থুল ৷ বলীউডৰ অভিনেত্ৰী তথা মাণ্ডি লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ কংগনাৰ গালত প্ৰচণ্ড চৰ ৷ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী(CISF) ৰ এগৰাকী কনিষ্টবলে শাৰিৰীকভাৱে প্ৰহাৰ কৰিলে কংগনাক ৷

who is cisf constable kulwinder kaur who slapped kangana-ranaut-at-chandigarh-airport
কুলৱিন্দৰ কৌৰ কোন? (etv bharat)

চিটাৰা ডেস্ক, 7 জুন : দিল্লী অভিমুখে যাত্ৰা কৰিবলৈ লোৱাৰ সময়তে কংগনা ৰনৌতৰ লগত ঘটি গ’ল এক আজৱ কাণ্ড ৷ বিমানবন্দৰত নিয়োজিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ কনিষ্টবল এগৰাকীয়ে কামৰ পিচতে অভিনেত্ৰীগৰাকীক কৰিলেহি আক্ৰমণ ৷ গালত শোধালে প্ৰচণ্ড চৰ ৷ লাগি গ’ল হুলস্থুল ৷ তৎক্ষণাত ভিৰ লাগি গ’ল উক্ত স্থানত ৷

বিমানত উঠাৰ পূৰ্বে বিমানবন্দৰত যাৱতীয় কামখিনি কৰি থকা অৱস্থাতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি অনুসৰি, কনিষ্টবলগৰাকীক তৎক্ষণাত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷

পিছে সাংসদ এগৰাকীক চৰ মাৰিবলৈ সাহস কৰা এই কনিষ্টবলগৰাকীনো কোন জানো আহকচোন-

নাম তেওঁৰ কুলবিন্দৰ কৌৰ ৷ ২০২০-২১ বৰ্ষৰ কৃষকৰ প্ৰতিবাদৰ সময়ত ৰনৌতৰ স্থিতিৰ বাবে চি আই এছ এফৰ জোৱান কুলবিন্দৰ কৌৰ অসন্তুষ্ট আছিল ৷ সংক্ষেপতে কুলবিন্দৰ কৌৰৰ বিষয়ে কিছু কথা-

  1. কুলবিন্দৰ কৌৰে ২০০৯ চনত চিআইএছএফত যোগদান কৰিছিল ।
  2. কুলবিন্দৰ ২০২১ চনৰ পৰা চণ্ডীগড় বিমানবন্দৰ সুৰক্ষা সংস্থাৰ সৈতে জড়িত হৈ আছে ।
  3. কুলবিন্দৰ কৌৰ পঞ্জাৱৰ চুলতানপুৰ লোধিৰ বাসিন্দা ।
  4. ৩৫ বছৰীয়া কুলবিন্দৰ কৌৰ দুটাকৈ সন্তানৰ মাতৃ ।
  5. তেওঁৰ ভাতৃ শ্বেৰ সিং এজন কৃষক নেতা আৰু কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সংগঠন সম্পাদক ।
  6. তেওঁৰ স্বামীও এগৰাকী চিআইএছএফৰ কৰ্মচাৰী, যি একেটা বিমানবন্দৰতে কৰ্মৰত হৈ আছে ।
  7. বিগত দুবছৰ ধৰি চণ্ডীগড় বিমানবন্দৰত নিযুক্ত হৈ আছে কুলবিন্দৰ কৌৰ ।
  8. এতিয়ালৈকে কুলবিন্দৰ কৌৰৰ বিৰুদ্ধে কোনো শাস্তি বা তদন্ত নোহোৱাকৈ চিআইএছএফত তেওঁৰ এক সুকীয়া ৰেকৰ্ড আছে ।
  9. তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে চিআইএছএফৰ কনিষ্টবলজনক ৷

কুলবিন্দৰ কৌৰৰ মাতৃ কৃষকৰ প্ৰতিবাদৰ অংশীদাৰ আছিল ৷ ইণ্টাৰনেটত প্ৰকাশ পোৱা আন এটা ভিডিঅ'ত যথেষ্ঠ উত্তেজিত দেখা পোৱা গৈছে কুলবিন্দৰ কৌৰক ৷ ঘটনাটোৰ পিচত কৌৰৰ চাৰিওফালে ৰৈ থকা লোকসকলক উদ্দেশ্যি চিঞৰি চিঞৰি কৈছে, "তেওঁ (কংগনা) এটা বিবৃতি দিছিল যে, কৃষকসকলে দিল্লীত প্ৰতিবাদ কৰি আছিল, কাৰণ তেওঁলোকক ১০০ বা ২০০ টকা দিয়া হৈছিল । মোৰ মা সেই প্ৰতিবাদকাৰীসকলৰ মাজৰে এগৰাকী আছিল" ৷

আনহাতে, ৰনৌতে অভিযোগ কৰিছে যে, যেতিয়া তেওঁ চিআইএছএফ বিষয়াগৰাকী পাৰ কৰি যাবলৈ অপেক্ষা কৰি আছিল, তেতিয়া বিষয়াগৰাকীয়ে তেওঁৰ ফালে আহি মুখত আঘাত কৰেহি ।

লগতে পঢ়ক : বিমান বন্দৰত কংগনা ৰনৌতৰ গালত পৰিল চৰ ! - Kangana Ranaut Slapped By CISF

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.