ETV Bharat / entertainment

What I was made for: বিলি আইলিশৰ অস্কাৰ জয়ী গীতটোৱে কিদৰে জিনিলে দৰ্শকৰ মন

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 4:27 PM IST

Billie Elish: দিল্লীৰ জ্যেষ্ঠ সাংবাদিক তৌফিক ৰছিদে ‘What was I made for?’ গীত আৰু ২০২৩ চনৰ বাৰ্বি চিনেমাখন আগন্তুক প্ৰজন্মৰ বাবে চিৰস্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰিছে ৷ ইয়াৰ বিষয়ে সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷

What I was made for the Oscar winning song by Billie Elish had struck the right cords with audience
’What I was made for’ বিলি আইলিশৰ অস্কাৰ বিজয়ী গীত

বিশেষ প্ৰতিবেদন:

I used to float, now I just fall down

I used to know but I'm not sure now

What I was made for

What was I made for?

`What I was made for’ গীতটিৰে ইতিহাস ৰচিলে জনপ্ৰিয় গায়িকা বিলি আইলিশে । অস্কাৰ ২০২৪ত বিলি আইলিশে `What I was made for’ গীতটিৰ বাবে মৌলিক গীতৰ শাখাত বঁটা লাভ কৰিছে । ইয়াৰ লগে লগে এই গীতটিৰ বাবে অস্কাৰ লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে বিলি । এই গীতটোৱে এই ছিজনৰ বঁটাৰ গ্ৰেমী বঁটা আৰু জানুৱাৰী মাহত গোল্ডেন গ্ল’ব লাভ কৰিছিল আৰু এতিয়া অস্কাৰত শ্ৰেষ্ঠ মৌলিক গীতৰ বঁটা লাভ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আইলিশ আৰু তেওঁৰ ভাতৃ ফিনিয়াছ অ’ কনেলৰ এই গীতটিৰে সমগ্ৰ বিশ্বৰ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । ২০২৩ চনৰ জুলাই মাহত মুক্তি পোৱাৰ পিচত এতিয়ালৈকে এই গীতটি ৬০ কোটি লোকে চাইছে ।

এই গীতটি ২০২৩ চনৰ ব্লকবাষ্টাৰ ছবি “বাৰ্বি”ৰ চাউণ্ডট্ৰেক ৷ গীতটো মাৰ্গট ৰবিৰ আৰু বাৰ্বিৰ সৃষ্টিকৰ্তা ৰুথ হেণ্ডলাৰৰ মাজত হোৱা এক গুৰুত্বপূৰ্ণ দৃশ্যৰ সময়ত দেখুওৱা হয় ।

বহুতে বিশ্বাস কৰে যে গীতটোৱে চিনেমাখনৰ সুৰ নিৰ্ধাৰণ কৰিছিল, যিটো পিতৃতান্ত্ৰিকতাৰ ওপৰত ব্যংগ আছিল আৰু এগৰাকী মহিলাই ''মহিলা সবলীকৰণ''ৰ আৱৰণত সন্মুখীন হোৱা বিৰোধৰ বিষয়ে দেখুওৱা হয় । বাৰ্বি, চিনেমাখন বাৰ্বি পুতলাৰ দৃষ্টিকোণৰ পৰা নিৰ্মাণ কৰা হৈছে, যিয়ে নিজৰ গোলাপী আৰু বেঙুনীয়া ৰঙৰ কেণ্ডি ভূমিত নাৰীক সকলো দিশতে কৃতিত্বসম্পন্ন আৰু সফল বুলি বিশ্বাস কৰে । অৱশ্যে নাৰী হিচাপে যেতিয়া তেওঁ বাস্তৱ জগতখনলৈ আহে তেতিয়া আচৰিত হৈ পৰে । বাৰ্বি লেণ্ডত সকলোৱে ক্ষমতাশালী আৰু গুৰুত্বপূৰ্ণ বুলি বিশ্বাস কৰা বাৰ্বিয়ে বাস্তৱ জীৱনত পিতৃতন্ত্ৰৰ সন্মুখীন হ’ব লগা হয় ।

১৯৫৯ চনৰ ৯ মাৰ্চত নিউয়ৰ্কত অনুষ্ঠিত হোৱা আমেৰিকান ইণ্টাৰনেশ্যনেল টয় মেলাত আত্মপ্ৰকাশ কৰা বাৰ্বি কোনো সাধাৰণ পুতলা নহয়–প্ৰতিগৰাকী কণমানি ছোৱালীৰ সপোনৰ দখলটোৱেই হৈছে বিশ্বৰ আটাইতকৈ সমালোচনা কৰা খেলনা । বাৰ্বি চিনেমাখনত অধিক ‘চেক্সি চাইৰেন’ বুলি গণ্য কৰা হয় আৰু নাৰীক বস্তুনিষ্ঠ কৰাৰ অভিযোগ আৰু নাৰীবাদী আন্দোলনক কেইবা দশক পিচলৈ ঠেলি দিয়াৰ বাবে সমালোচনাৰ সন্মুখীন হয়।

কিছুমান মানুহে ইয়াৰ পূৰ্বে চিনেমাখনক ‘অত্যধিক বক্তৃতা প্ৰদান কৰা’ বুলি কৈছিল, কিন্তু মানুহৰ অভূতপূৰ্ব সঁহাৰিয়ে এই ছবিখনক ২০২৩ চনৰ অন্যতম ডাঙৰ ব্লকবাষ্টাৰ ছবিলৈ পৰিণত কৰিছিল ৷ যিসকল মহিলাই 'গুলপীয়া' সাজ-পাৰ পৰিধান কৰি ছবিগৃহলৈ আহিছিল তেওঁলোকে সোনকালেই অনুভৱ কৰিছিল যে এই ছবিখন কোনো শিশুৰ বস্তু নহয়, চিনেমাখন প্ৰাপ্তবয়স্ক-পুৰুষ আৰু মহিলা দুয়োৰে বাবে আছিল, যিহেতু ছবিখনত স্পষ্টকৈ দেখুৱাইছিল । বহুতৰে মুখত ধৰা পৰে বা লুকুৱাই ৰাখিলেও পিতৃতান্ত্ৰিকতা এতিয়াও আছে ।

চলচ্চিত্ৰখন এটা সামাজিক ব্যংগ আছিল আৰু ইয়াৰ গতিবিধি আছিল, সেয়া গীতেই হওঁক বা আমেৰিকা ফেৰেৰাৰ দ্বাৰা শেষৰ ফালে একক অভিনয় হওঁক, মহিলাসকলে পেছাদাৰী আৰু ব্যক্তিগত দুয়োটা ক্ষেত্ৰতে লগ পোৱাৰ সম্ভাৱনা থকা বিৰোধী মানদণ্ডৰ ওপৰত আলোকপাত কৰা হয় । উদাহৰণ স্বৰূপে ‘‘আপুনি ক্ষীণ হ'ব লাগিব, কিন্তু অত্যাধিক ক্ষীণ হ’ব নোৱাৰিব । আপুনি কেতিয়াও ক’ব নোৱাৰিব যে আপুনি ক্ষীণ হ’ব বিচাৰে । কিন্তু আপুনি ক’ব লাগিব যে আপুনি স্বাস্থ্যৱান হ’ব বিচাৰে, কিন্তু লগতে ক্ষীণ হ’ব লাগিব ।’’

বাৰ্বিৰ চৰিত্ৰটোৱে প্ৰতিগৰাকী নাৰীৰ মাজত তেওঁলোকৰ জীৱনৰ কোনোবা নহয় কোনোবা পৰ্যায়ত অনুৰণন ঘটায় । আনকি আইলিশেও স্বীকাৰ কৰিছিল যে তেওঁৰ সৈতেও এনেকুৱা হৈছিল ।

ওজন বৃদ্ধি, বা ওজন কমোৱা, তেওঁৰ পছন্দৰ কাপোৰ, আনকি চুলিৰ ৰং আদিৰ বাবে ছ’চিয়েল মিডিয়াত প্ৰায়ে ট্ৰ’ল কৰা আইলিশৰ বাবে এই গীতটো হৈছে এক ব্যক্তিগত যাত্ৰা ।

আইলিশে এক সাক্ষাৎকাৰত কয়, ‘‘এই গীতটো যেন বছৰ বছৰ ধৰি মোৰ ভিতৰৰ এটা ক্ষুদ্ৰ হৈ জীৱ আছিল, মোৰ ভিতৰখন খোঁচ মাৰি ধৰিছিল জীৱটোৱে । আমি সেই প্ৰমপ্টটো পোৱাৰ লগে লগে জীৱটোৱে কৈছিল, ‘ঠিক আছে, মই ওলাই আহিছো এতিয়া ।’ আমি এনে এইটো এটা সময়ত লিখিছিলো য’ত আমি কম অনুপ্ৰাণিত আৰু কম সৃষ্টিশীল হ’ব নোৱাৰিলোঁহেঁতেন । ”

এপল মিউজিকৰ সৈতে হোৱা আন এক সাক্ষাৎকাৰত কয় যে, এই গীত লিখি থাকোঁতে তাই নিজৰ কথা একেবাৰেই ভবা নাছিল যদিও পিচত বুজি পাইছিল যে তাই নিজৰ বাবে লিখিছিল আৰু নিজৰ কাহিনীটো সংগীতত সোমাই দিছিল । আইলিশে কয়,‘‘প্ৰতিটো গীতৰ কথা মোৰ অনুভৱ ঠিক তেনেকুৱাই । মোৰ জীৱনৰ কথা ।”

আন এটা সাক্ষাৎকাৰত আইলিশে কয় যে তেওঁ বিচাৰে, ‘‘পৃথিৱীখন সলনি হওক আৰু মোৰ চৌপাশৰ কথাবোৰ সলনি হওক ।”

‘‘What Was I Made For?” বিশ্বজুৰি চাৰ্টত স্থান লাভ কৰিছে, প্ৰায় সকলোতে শীৰ্ষস্থান দখল কৰিছে । গ্ৰেমী আৰু অস্কাৰৰ সৈতে আইলিশ আৰু চিনেমাখনেই যেন ঠিক সেইটোতে অলপ অৰিহণা যোগাইছে ।

লগতে পঢ়ক: ২২ বছৰীয়া এগৰাকী কণ্ঠশিল্পীয়ে অস্কাৰ 2024 ত ৰচিলে ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.