ETV Bharat / entertainment

তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল - Interview With Sankalpajit Hazarika

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 9:56 PM IST

Assam Mobile Theatre: আগন্তুক নাট্যবর্ষৰ বাবে সাজু হৈছে ৰাজ্যৰ প্রতিটো ভ্রাম্যমাণ নাট্যগোষ্ঠী । সাজু হৈছে অসমৰ অন্যতম আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল হেঙুল থিয়েটাৰ । কি কি নতুনত্ব আছে এইবাৰ হেঙুলত ? কি কি নতুন পৰিকল্পনা ? সকলো ক'লে হেঙুলৰ প্ৰযোজক তথা পৰিচালক সংকল্পজিৎ হাজৰিকাই ।

What are the plans of Hengul Theatre in the 2024-25 theatrical year
তৰুণ-তৰুণীৰ সমাহাৰেৰে ২০২৪-২৫ বৰ্ষত ৰাইজৰ মাজলৈ আহিব হেঙুল (ETV Bharat Assam)

গুৱাহাটী,৩০ মে': ভ্ৰাম্যমান জগতখনত এক পৰিচিত নাম হৈছে হেঙুল থিয়েটাৰ । প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ যত্নপালিত হেঙুল থিয়েটাৰৰ অব্যাহত আছে যুগজয়ী যাত্ৰা । অজস্ৰ দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা হেঙুল থিয়েটাৰৰ নাট্যমঞ্চক লৈ কৰা হৈছে নতুন চিন্তা, নতুন পৰিকল্পনা । নতুন কলা-কুশলীকে আদি কৰি নতুনৰ ষোড়শোপচাৰেৰে অব্যাহত আছে চিৰ নতুনৰ আৰাধনা ।

সেই বাটেৰেই বাট বুলি অহা ২০২৪-২৫ নাট্যবৰ্ষৰ বাবে এদল নতুন অভিনেতা-অভিনেত্ৰীৰ সৈতে সাজু হৈছে হেঙুল গোষ্ঠী । বিগত ৩৬ বছৰে অসমৰ ভ্রাম্যমাণ জগতত অন্যতম স্থান দখল কৰি থকা হেঙুল গোষ্ঠীয়ে ৩৭ সংখ্যক নাট্যবৰ্ষৰ বাবে সাজু হৈছে নৱ-প্ৰজন্মৰ একাংশ কলা-কুশলীক লগত লৈ । ইতিমধ্যে সামাজিক মাধ্যমযোগে প্ৰকাশ পাইছে হেঙুল থিয়েটাৰৰ আগন্তুক নাট্যবৰ্ষৰ তিনিখন নাটকৰ পোষ্টাৰ ।

এই সন্দৰ্ভত হেঙুলৰ প্ৰযোজক তথা পৰিচালক সংকল্পজিৎ হাজৰিকাই কয়, "এইবাৰ নতুন নতুন শিল্পীক লোৱা হৈছে । বহুকেইগৰাকী নৱপ্ৰজন্মৰ অভিনেতা-অভিনেত্ৰীক এইবাৰ লোৱা হৈছে । আৰম্ভণিৰে পৰা মই সদায় নতুনত্বক আদৰি ল'ব বিচাৰি আহিছো । নতুনসকলৰ লগত কাম কৰি ভাল লাগে । এনেদৰে কাম কৰিলে সদায় এটা প্ৰত্যাহ্বান থাকে আৰু এই প্ৰত্যাহ্বানটো সদায় ভাল লাগে । "

লগতে বিগত নাট্যবর্ষ সন্দৰ্ভত মন্তব্য কৰি হাজৰিকাই কয়,"২০২৩-২৪ ৰ নাট্যবর্ষটো ভালে ভালে গ'ল । বিগত নাট্যবর্ষত 'চকু' নাটকখন প্ৰায় ১৬ বছৰৰ পাচত পুনৰবাৰ মঞ্চস্থ কৰা হৈছে । একেগৰাকী নাট্যকাৰ, একেগৰাকী অভিনেতা আৰু একেগৰাকী সংগীত পৰিচালক লৈ নাটকখন কৰা হৈছিল । গীতকেইটা পুনৰ নতুনকৈ কৰা হৈছিল । লগতে অন্য দুখন নাটকো ৰাইজে ভাল পাইছে । এনেদৰেই ২০২৩ -২৪ নাট্যবৰ্ষ ভালদৰে পাৰ হ'ল ।"

উল্লেখযোগ্য যে আগন্তুক নাট্যবৰ্ষত হেঙুল থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা যাব নৱপ্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কমল লোচন, স্নিগ্ধা গগৈ, নিৰূপম শইকীয়া, মহেশ বৰা, শিল্পীশিখা বৰা, অশ্ৰুমণি বৰা, হেলেন আৰু হিমাংশু গগৈক । ২০২৪-২৫ নাট্যবৰ্ষত থাকিব ভ্ৰাম্যমাণ জগতত প্ৰথমবাৰৰ বাবে নাট্যকাৰ হিচাপে ভুমুকি মৰা প্ৰণৱ ভৰালীৰ নাটক 'মছজিদ ৰোড, নামঘৰ পথ'। নাট্যকাৰ প্ৰণৱ বৰুৱাৰ 'চিলনী' আৰু অভিজিৎ ভট্টাচাৰ্যৰ 'বিড়ি' ।

লগতে পঢ়ক: ২০২৪-২৫ নাটবর্ষৰ বাবে কেনেদৰে সাজু প্ৰস্তুতি পৰাশৰ ? ই টিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ - Interview With Prastuti Porasor

ভ্ৰাম্যমাণ নাট্যবর্ষ ২০২৪-২৫ : কোনটো নাট্যদলত থাকিব আপোনাৰ প্ৰিয় অভিনেতা-অভিনেত্ৰী ? - Assam Mobile Theatr

প্ৰথমটো নাট্যবর্ষৰ বাবে সাজু হৈছে দুখন ভ্ৰাম্যমাণ থিয়েটাৰ - Mobile Theatre Preparation

Mobile Theatre: নতুন নাট্যবৰ্ষৰ বাবে সাজু হৈছে ভ্ৰাম্যমাণ গোষ্ঠী, ছবছৰৰ পিচত ভ্ৰাম্যমাণ থিয়েটাৰত দেখা যাব যতীন বৰাকো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.