ETV Bharat / entertainment

ডন ৩ ত ৰণবীৰ সিঙৰ সৈতে দেখা যাব এইগৰাকী অভিনেত্ৰীক

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 1:02 PM IST

Don 3: ডন ৩ ছবিখনৰ নিৰ্মাতা ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰে শেহতীয়াকৈ ছবিখনৰ সন্দৰ্ভত এক ডাঙৰ ঘোষণা কৰিছে । ছবিখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰিছে নিৰ্মাতাই ৷

'Welcome to the Don Universe': Makers Introduce Kiara Advani Opposite Ranveer Singh in Don 3 - Watch
ডন ৩ ৰ মুখ্য অভিনেত্ৰীৰ নাম প্ৰকাশ

চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী: ডন ৩ৰ প্ৰযোজক ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰে অনুৰাগীক দিছে এক ডাঙৰ উপহাৰ ৷ ইতিমধ্যেই অনুৰাগীৰ মাজত ডন ৩ ছবিখনক লৈ কৌতুহলৰে সৃষ্টি হৈছিল ৷ এনে পৰিস্থিতিত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ডন ৩ ৰ মুখ্য অভিনেত্ৰী কোন হ’ব সেয়া জানিবলৈ । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ ছবিখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰিলে নিৰ্মাতাই ।

ডন ৩ৰ মুখ্য অভিনেত্ৰী কোন হ’ব ?

এই ছবিখনত ৰণবীৰৰ বিপৰীতে দেখা যাব কিয়াৰা আদৱানীক । হয়, ছবিখনত মুখ্য অভিনেত্ৰীৰ ৰূপত দেখা যাব কিয়াৰাক ৷ কিয়াৰা নিজৰ আকৰ্ষণীয় অভিনয়ৰ বাবে পৰিচিত । এতিয়া অভিনেত্ৰীগৰাকীক ডনৰ জগতখনত একশ্যনৰ দৃশ্যত দেখা যাব । এই ছবিখনৰ সৈতে প্ৰথমবাৰৰ কিয়াৰা আৰু ৰণবীৰৰ মাজত ৰোমান্টিত কেমেষ্ট্ৰী দেখা পোৱা যায় ৷ এতিয়া দুয়োকে একেলগে পৰ্দাত দেখিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগী ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, এই দুয়োগৰাকী তাৰকাই নিজৰ কলাত উৎকৃষ্ট আৰু পৰ্দাত নিজৰ সুন্দৰ অভিনয়ৰ বাবে পৰিচিত । এতিয়া এই ছবিখনৰ জৰিয়তে দুয়োকে প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব, এতিয়া লক্ষণীয় হ’ব যে এই যুটিটোৱে দৰ্শকৰ হৃদয় জয় কৰিব পাৰিব নে নাই ৷ অৱশ্যে সেয়া ছবিখন মুক্তিৰ পিচত হে ক’ব পৰা যাব ৷

এই জনপ্ৰিয় ফ্ৰেঞ্চাইজিত ৰণবীৰ সিঙক নিৰ্বাচন কৰাৰ সন্দৰ্ভত ফাৰহান আখতাৰে কৈছিল, “ৰণবীৰৰ সৈতে কাম কৰিবলৈ মই উৎসাহিত । তেওঁৰ বিশেষ কথাটো হ’ল তেওঁ জানে যে তেওঁক কাৰ স্থানত এই ছবিখনত দেখা যাব, তথাপিও তেওঁ ছবিখনক লৈ যিমানেই নাৰ্ভাছ, সিমানেই উত্তেজিত ।’’

লগতে পঢ়ক: মহিলা প্ৰিমিয়াৰ লীগৰ মুকলি অনুষ্ঠানত দৰ্শকক মোহিত কৰিবলৈ সাজু কাৰ্তিক আৰিয়ান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.