চিটাৰা ডেস্ক, 3 জুন : ইটালী ভ্ৰমণৰ অন্তত সোমবাৰে পুৱা পৰিয়ালৰ সৈতে মুম্বাইলৈ উভতি আহে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । কালিনা বিমানবন্দৰত শ্বাহৰুখ খানক দেখা যায় পত্নী গৌৰী খান আৰু সন্তান সুহানা আৰু আৰিয়ান খানৰ সৈতে । এছ আৰ কেৰ মেনেজাৰ পূজা দাদলানীকো পৰিয়ালৰ সৈতে বিমানবন্দৰত দেখা পোৱা যায় । একেদৰে পৰিচালক এটলীকো পত্নী প্ৰিয়া আৰু পুত্ৰৰ সৈতে বিমানবন্দৰত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো বিবাহৰ পূৰ্বৰ উৎসৱত অংশগ্ৰহণ কৰি মহানগৰীত উপস্থিত হোৱা দেখা যায় ।
কিং খান আৰু এটলীৰ উপৰিও অভিনেতা ৰণবীৰ সিং, ৰণবীৰ কাপুৰ, আলিয়া ভাট আৰু ছলমান খানক ইটালীৰ পৰা ঘৰলৈ উভতি অহাৰ পথত মুম্বাইৰ বিমানবন্দৰত দেখা যায় । বলীউডৰ এই তাৰকাসকল অনন্ত-ৰাধিকাৰ দ্বিতীয় প্ৰি-ৱেডিং অনুষ্ঠানৰ নিমন্ত্ৰিত অতিথি আছিল ৷ মাৰ্চ মাহত জামনগৰত প্ৰথমটো প্ৰি-ৱেডিং অনুষ্ঠানৰ আয়োজন কৰাৰ পাচত দ্বিতীয়টো বিদেশত আয়োজন কৰে ৷ ইটালীৰ পৰা ফ্ৰান্সলৈ ক্ৰুজেৰে তিনিদিনীয়া অনুষ্ঠানেৰে আয়োজন কৰা হয় এই প্ৰি-ৱেডিঙৰ ৷ প্ৰায় 800 বিশেষ অতিথিয়ে ইয়াত অংশ লয় ৷ উল্লেখ্য যে, চলিত বছৰৰ 12 জুলাইত বিবাহ পাশত আৱদ্ধ হ’ব অনন্ত-ৰাধিকা ৷
লগতে পঢ়ক : বলীউড তাৰকা উভতিল দ্বিতীয় প্ৰি-ৱেডিঙৰ পৰা; এতিয়া বিয়াৰ বাবে সাজু হোৱাৰহে কথা - anant radhika wedding
আনহাতে, অভিনেতা কাৰ্তিক আৰিয়ানকো মুম্বাই বিমানবন্দৰত পাপাৰাৎজ্জীয়ে কেমেৰাত বন্দী কৰে । বিমানবন্দৰৰ পৰা ওলাই অহাৰ সময়ত শ্বেহজাদা অভিনেতাগৰাকীয়ে অনুৰাগীসকলৰ সৈতে চেলফিও তোলে ।
পেছাদাৰী ফ্ৰণ্টত শ্বাহৰুখক শেহতীয়াকৈ দেখা গৈছিল ৰাজকুমাৰ হিৰাণীৰ ডাংকি ছবিখনত, য’ত তাপসী পান্নু, বিকী কৌশল, আৰু বোমান ইৰাণীয়েও অভিনয় কৰিছিল । খবৰ অনুসৰি অভিনেতাগৰাকীয়ে তেওঁৰ আগন্তুক ছবি কিঙৰ চিত্ৰগ্ৰহণ শীঘ্ৰেই আৰম্ভ কৰিব ।