ETV Bharat / entertainment

হাতত হাত থৈ লাস্যময়ী খোজেৰে বিমানবন্দৰত ৰণবীৰ-দীপিকা - Deepika Ranveer airport video

Deepika Ranveer airport video : মঙলবাৰে পুৱা মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দেখা গ’ল ৰণবীৰ-দীপিকাক ৷ এটা সৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সামৰি দুয়ো উভতি আহিছে ৷ মুখত এমোকোৰা হাঁহি লৈ চৌপাশ উদ্ভাসিত কৰি তোলে বলীউডৰ তাৰকা দম্পতীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 12:11 PM IST

Deepika Padukone and Ranveer Singh Return from London, Spotted Hand-in-Hand at Mumbai Airport
ৰণবীৰ-দীপিকা (ETV Bharat)

চিটাৰা ডেস্ক, 25 জুন : শীঘ্ৰেই পিতৃ-মাতৃ হ’বলগীয়া দীপিকা পাডুকন আৰু ৰণবীৰ সিং লণ্ডন ভ্ৰমণৰ পৰা উভতি আহিছে । ২০ জুনত লণ্ডনলৈ উৰা মাৰিছিল বলীউডৰ জনপ্ৰিয় তাৰকা যুটি ৷ ৰণবীৰ-দীপিকাই তাত খুব ভাল সময় অতিবাহিত কৰে । মঙলবাৰ অৰ্থাৎ ২৫ জুনত দুয়ো মায়ানগৰীলৈ উভতি আহে ৷ মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত থকা পাপাৰাজ্জীয়ে তেওঁলোক দুয়োকে কেমেৰাত বন্দী কৰে ৷

বিমানবন্দৰত দেখা গ’ল ৰণবীৰ-দীপিকাক ((Video source: ANI))

শীঘ্ৰেই দুজনীয়াৰ পৰা তিনিজনীয়া পৰিয়াল হ’ব ৰণবীৰ-দীপিকাৰ ৷ দুয়োৰে সন্তানৰ জন্মক লৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে ৷ আজি মুম্বাই বিমানবন্দৰত দুয়োকে একেধৰণৰ ক’লা সাজ-পোছাকত দেখা যায় ৷ চৌহদত ৰৈ থকা নিজৰ গাড়ীখনলৈ হাতত হাত থৈ খোজ কাঢ়ি আগবাঢ়ি যায় দুয়ো । দীপিকাৰ বেবী বাম্প সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হয় ৷

অভিনেত্ৰীগৰাকীয়ে বিমানবন্দৰৰ বাবে কেজুৱেল অথচ চকুত লগা লুক বাছি লয় । ফাইটাৰ অভিনেত্ৰীগৰাকীয়ে পিন্ধিছিল ক’লা ট্ৰাউজাৰ আৰু ক’লা টি-চাৰ্ট । লগত আছিল এটা হাফ জেকেট । কেমেৰালৈ চাই হাঁহি এটা মাৰি তেওঁ গাড়ীত বহে ৷ গৌৰৱেৰে নিজৰ বেবী বাম্প প্ৰদৰ্শন কৰে অভিনেত্ৰীগৰাকীয়ে ।

দীপিকাৰ সৈতে মিলাই ৰণবীৰে পিন্ধে বগা টি-চাৰ্টৰ লগত ক’লা ৰঙৰ অভাৰকোট আৰু পেণ্ট ৷ টুপী আৰু ছানগ্লাচৰ সৈতে তেওঁ লুকটো সম্পূৰ্ণ কৰে ৷

শেহতীয়াকৈ তেওঁৰ আগন্তুক ছবি কল্কি ২৮৯৮ এডি ৰ এখন প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি পদ্মাৱত অভিনেত্ৰীগৰাকীয়ে অনুৰাগীসকলক ৰোমাঞ্চিত কৰি তুলিছিল । ক’লা বডিকন ড্ৰেছত বেবী বাম্প দেখুৱাই সকলোকে মোহিত কৰে অভিনেত্ৰীগৰাকীয়ে । কল্কি ২৮৯৮ এডি ক লৈ হাজাৰ ব্যস্ততা থকাৰ মাজতো স্বামী অভিনেতা ৰণবীৰ সিঙৰ সৈতে সময় কটাবলৈ লণ্ডনলৈ ৰাওনা হয় তেওঁ ।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত জন্ম হ’বলগীয়া প্ৰথম সন্তানৰ বাবে দীপিকা আৰু ৰণবীৰৰ অনুৰাগী আৰু পৰিয়ালৰ সদস্যসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । তেওঁলোকে গৰ্ভাৱস্থা উপভোগ কৰাৰ সমান্তৰালকৈ কাম আৰু ছুটীও সুন্দৰকৈ পৰিচালনা কৰি আছে । কেইটামান কামৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিচত ৰাম-লীলাৰ তাৰকাদ্বয়ে জিৰণি ল’বলৈ আৰু একেলগে কিছু মানসম্পন্ন সময় কটাবলৈ ২০ জুনত লণ্ডনলৈ উৰা মাৰে ।

লগতে পঢ়ক : শীঘ্ৰেই পিতৃ-মাতৃ হ’বলগীয়া দীপিকা-ৰণবীৰে টুইনিং লুকেৰে মুহিলে সকলোকে - Ranveer Deepika airport look

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.