ETV Bharat / entertainment

নিজৰ মৃত্যুৰ খবৰক ভুৱা বুলি আখ্যা দিলে পঞ্চায়ত ২ খ্যাত আঞ্চল তিৱাৰীয়ে

Anchal Tiwari On Fake Death News: 'পঞ্চায়ত ২' খ্যাত আঞ্চল তিৱাৰীয়ে এটা ভিডিঅ' পোষ্ট কৰি নিজৰ জীয়াই থকাৰ প্ৰমাণ দিছে । মৃত্যুৰ ভুৱা খবৰ বিয়পোৱা সকলৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

WATCH: 'I'm Alive', Says Panchayat 2 Actor Aanchal Tiwari Refuting Reports of Her Death in Accident
মৃত্যুৰ খবৰক ভুৱা বুলি আখ্যা দিলে আঞ্চল তিৱাৰীয়ে
author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 7:22 PM IST

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: জনপ্ৰিয় ভোজপুৰী অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মঙলবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয় । এই দুৰ্ঘটনাত কণ্ঠশিল্পী ছুটু পাণ্ডেৰ লগতে আন ৭ জন লোকেও প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত বহু সংবাদ মাধ্যমে ভোজপুৰী অভিনেত্ৰী আঞ্চল তিৱাৰীক ‘পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীৰ বুলি ভাবি তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছিল ৷ সকলোৱে ভাবিছিল পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মৃত্যু হৈছে ৷ এতিয়া ‘পঞ্চায়ত ২’ খ্যাত অভিনেত্ৰীগৰাকীয়ে নিজেই নিজৰ জীয়াই থকাৰ প্ৰমাণ দিছে ।

‘পঞ্চায়ত ২’খ্যাত অভিনেত্ৰী আঞ্চল তিৱাৰীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি কয় যে তেওঁ জীয়াই আছে আৰু তেওঁৰ মৃত্যুৰ ভুৱা খবৰ বিয়পোৱা সকলৰ ওপৰতো তেওঁ ক্ষোভ প্ৰকাশ কৰে ।

ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘মোৰ নাম আঞ্চল তিৱাৰী, কাইলৈ ​​নিশ্চয় আপুনি ‘পঞ্চায়ত ২’ৰ অভিনেত্ৰী আঞ্চল তিৱাৰীৰ মৃত্যুৰ খবৰটো চাইছে । সেই আঞ্চল তিৱাৰী আন কোনোবাহে, তেওঁ এগৰাকী ভোজপুৰী অভিনেত্ৰী, 'পঞ্চায়ত ২'ৰ আঞ্চল তিৱাৰী ইয়াত আপোনাৰ সন্মুখত আছে, নিৰাপদে । এয়া একেবাৰে ভুৱা বাতৰি ।’’

আঞ্চলে লগতে কয়, ‘‘মই সকলো নিউজ চেনেলক ক’ব বিচাৰো যে যিকোনো বাতৰি প্ৰকাশ কৰাৰ আগতে আপুনি কি প্ৰকাশ কৰিছে সেইটো গৱেষণা কৰিব লাগে । প্ৰথম কথা, ভোজপুৰী চিনেমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই হিন্দী চিনেমা কৰো, হিন্দী থিয়েটাৰ কৰিছো, গতিকে অনুগ্ৰহ কৰি মোক ভোজপুৰীৰ লগত তুলনা নকৰিব । এই ভুৱা খবৰৰ বাবেই মোৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে যথেষ্ট মানসিক অশান্তিৰ সন্মুখীন হৈছে ।

পুনম পাণ্ডেৰ সৈতে তুলনাৰ কৰাৰ বাবে আঞ্চলে ক’লে এই কথা

আঞ্চল তিৱাৰীৰ মৃত্যুৰ ভুৱা খবৰৰ বাবেই পুনম পাণ্ডেৰ লগত ৰাইজে তেওঁক তুলনা কৰিছে । আঞ্চলে কয়, ‘‘মানুহে মোক পুনম পাণ্ডেৰ লগত তুলনা কৰি আছে যে মই প্ৰচাৰৰ ষ্টাণ্টৰ বাবে এই কাম কৰিছো । কিন্তু মই তেনেকুৱা একো কৰা নাই ।’’

লগতে পঢ়ক: বিগ বছ শেষ হোৱাৰ ১ মাহ পিচত ছলমান খানৰ বিষয়ে কি ক’লে খানজাদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.