ETV Bharat / entertainment

ৰেস্তোঁৰাৰ বাহিৰত পাপাৰাজ্জীক সম্ভাষণ দুই জনপ্ৰিয় তাৰকাৰ - BOLLYWOOD ACTORS SPOTTED

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:34 PM IST

BOLLYWOOD ACTORS SPOTTED : কেমেৰা লৈ লৈ তাৰকাৰ পিছে পিছে ঘূৰি ফুৰা পাপাৰাজ্জীলৈ বহু সময়ত তাৰকাই গুৰুত্ব নিদিয়ে ৷ দেখিলেই ফটো তুলিবলৈ প’জ দিবলৈ কোৱা বাবে বহু সময়ত পাপাৰাজ্জীৰ সৈতে তাৰকাৰ মত বিৰোধ হোৱাও দেখা যায় ৷ পিছে শেহতীয়াকৈ মুম্বাইৰ এখন ৰেস্তোঁৰাৰ বাহিৰত দুই তাৰকাই যিদৰে পাপাৰাজ্জীক সম্ভাষণ জনালে, সেইদেখি সকলো আপ্লুত হৈছে ৷

Watch: Dulquer Salmaan and Tisca Chopra Snapped Outside Mumbai Restaurant
দুলকৰ ছলমান আৰু টিস্কা চোপ্ৰা (etv bharat)

চিটাৰা ডেস্ক, 6 জুন : কেমেৰা আৰু তাৰকা, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ য’ত তাৰকা ত’ত কেমেৰা ৷ পৰ্দাত ওলোৱা প্ৰতিজন ব্যক্তিকেই ঘৰখনৰ বাহিৰত অহৰহ কেমেৰাই খেদি ফুৰে ৷ তেওঁলোকে লাগিলে যিয়েই নকৰক কিয়; জিমলৈ যাওক, যোগাভ্যাসৰ বাবে যাওক, পাৰ্লাৰলৈ যাওক, বন্ধু-বান্ধৱৰ লগত ওলাই যাওক, দিনত বা ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ যাওক, কোনোবা ষ্টুডিঅ’লৈ যাওক, যিকোনো ধৰণৰ মুহূৰ্ততে পাপাৰাজ্জীয়ে চেলেব্ৰিটীসকলক কেমেৰাত বন্দী কৰি ৰাখে ৷ এইদৰেই তেওঁলোকে অনুৰাগীসকলৰ মাজত প্ৰিয় তাৰকাৰ সকলো মুহূৰ্তৰ আপডেট পঠিয়াই থাকে ৷

পিছে বহু সময়ত আমি দেখা পাও এই ফটো তোলা কাৰ্যই কেতিয়াবা তাৰকাসকলক অতিষ্ঠ কৰি তোলে ৷ এফালৰ পৰা চাবলৈ গ’লে কোনো সাধাৰণ মানুহ সকলো সময়তে ফটো তোলাৰ মুডত নাথাকে ৷ সৰু পৰ্দা, ডাঙৰ পৰ্দাৰ তাৰকা হ’ল বুলিয়ে তেওঁলোকেও সকলো সময়তে গ্লীটাৰ-গ্লেমাৰৰ মাজত হয়তো সোমাই থাকিবলৈ নিবিচাৰে ৷ সেইখিনিতেই কেতিয়াবা কথাৰ কটাকটি লাগে ৷ কিন্তু এইখিনিতে তেওঁলোকে এইটোও ভাবিবলগীয়া হয় যে অনুৰাগীৰ ওচৰলৈ এই পাপাৰাজ্জীয়েই তেওঁলোকক লৈ যায় ৷ অনুৰাগী আৰু তাৰকাসকলৰ মাজত পাপাৰাজ্জীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই কথা ভাবিও বহু সময়ত তাৰকাসকলে চাই মেলি কথা-বতৰা ক’বলগীয়া হয় ৷

পিছে শেহতীয়াকৈ অভিনেতা দুলকৰ ছলমান আৰু টিস্কা চোপ্ৰাই পাপাৰাজ্জীক যিদৰে সম্ভাষণ জনালে, সেই দৃশ্যই সকলোৰে মন ভৰাই তুলিছে ৷ এই দুই জনপ্ৰিয় তাৰকাক বুধবাৰে মুম্বাইৰ এখন ৰেস্তোঁৰাৰ বাহিৰত পাপাৰাজ্জীয়ে নিজৰ কেমেৰাত বন্দী কৰিলে ৷ দুলকৰ ছলমানক এটা কেজুৱেল লুকত দেখিবলৈ পোৱা গ’ল ৷ বগা ৰঙৰ টি-চাৰ্ট, ডেনিম জিন্স আৰু এটা নীলা ৰঙৰ টুপীৰে সৈতে তেওঁ নিজৰ লুকটো সম্পূৰ্ণ কৰে ৷ হাত জোকাৰি জোকাৰি হাঁহিমুখেৰে তেওঁ ফটোৰ বাবে প’জ দিয়ে ৷ পেছাদাৰী জীৱনত দুলকৰক প্ৰভাস, অমিতাভ বচ্চন আৰু দীপিকা পাডুকনৰ সৈতে আহিবলগীয়া ছবি কল্কি 2898 এডিত এক বিশেষ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব । আনহাতে একেখন ৰেস্তোঁৰাতে টিস্কা চোপ্ৰাকো দেখা গৈছিল, ডেনিম স্কাৰ্টৰ সৈতে গোলাপী ৰঙৰ প্ৰিণ্টেড টপ যোৰ কৰি পিন্ধিছিল তেওঁ ৷ যোৱাৰ পূৰ্বে তেওঁ কেমেৰাৰ সন্মুখত প’জ দিয়ে ।

লগতে পঢ়ক : মুম্বাই বিমানবন্দৰত বলীউড তাৰকাৰ ভিৰ, চাওক ভিডিঅ’ - anant radhika wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.