ETV Bharat / entertainment

WATCH: মঞ্চত দীপিকা-প্ৰভাস-অমিতাভ বচ্চনৰ হাস্যকৰ মুহূৰ্ত; ভিডিঅ’ ভাইৰেল - Kalki 2898 AD Pre Release Event

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 10:59 AM IST

Kalki 2898 AD Pre-Release Event: শেহতীয়াকৈ মুম্বাইত আয়োজিত হৈ যায় কল্কি ২৮৯৮ADৰ প্ৰি-ৰিলিজ ইভেণ্ট । গৰ্ভৱতী দীপিকা পাডুকনকো অনুষ্ঠানত তেওঁৰ ব্লেক ড্ৰেচত বেবী বাম্পৰ সৈতে দেখিবলৈ পোৱা যায় ৷ এই অনুষ্ঠানতে দীপিকা, প্ৰভাস আৰু অমিতাভ বচ্চনৰ মাজত সৃষ্টি হ’ল এক হাস্যকৰ মুহূৰ্তৰ ৷ যাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ আছে ছ’চিয়েল মিডিয়াত । সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

WATCH Big B teases Prabhas as he helps pregnant Deepika Padukone on stage at Kalki 2898 AD Pre release event
মঞ্চত দীপিকা-প্ৰভাস-অমিতাভ বচ্চনৰ হাস্যকৰ মুহূৰ্ত; ভিডিঅ’ ভাইৰেল (ETV Bharat)

চিটাৰা ডেস্ক, 20 জুন: বলীউডৰ প্ৰবীণ অভিনেতা অমিতাভ বচ্চনে কেৱল ছবিত কেৱল নিজৰ অভিনয়ৰ বাবেই প্ৰশংসা লাভ কৰাই নহয়, সৰু সৰু দুষ্টামিৰ আৰু তেওঁৰ ধেমেলীয়া স্বভাৱৰ বাবেও পৰিচিত । শেহতীয়াকৈ তেওঁ কল্কি ২৮৯৮ADৰ প্ৰি-ৰিলিজ ইভেণ্টত এনে এটা ধেমেলীয়া আচৰণ কৰিছিল । যাক দেখি সকলোৱে নিজৰ হাঁহিক ধৰি ৰাখিব পৰা নাছিল ৷

দৰাচলতে গৰ্ভৱতী দীপিকা পাডুকনেও মুম্বাইত অনুষ্ঠিত হোৱা কল্কিৰ প্ৰি-ৰিলিজ ইভেণ্টত অংশগ্ৰহণ কৰিছিল বাকী তাৰকা অভিনেতাসকলৰ সৈতে । য'ত অভিনেত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে প্ৰভাসে দৌৰি গৈ তেওঁ হাতখন ধৰি মঞ্চৰ পৰা নমাত সহায় কৰিছিল । ইয়াৰ পিচত অমিতাভ বচ্চনে পৰিস্থিতিৰ সুযোগ লৈ পিছফালৰ পৰা আহি প্ৰভাসক হাতত ধৰি জোকাবলৈ আৰম্ভ কৰে । সম্প্ৰতি এই ভিডিঅ'টো ছ’চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈ পৰিছে ।

প্ৰভাসে গৰ্ভৱতী দীপিকাক সহায় কৰিবলৈ আহিছিল

দৰাচলতে যেতিয়া প্ৰভাসে দীপিকা পাডুকনক মঞ্চৰ পৰা নমাৰ পিচত চকীত বহাত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল তেতিয়া এই হাস্য়কৰ মুহূৰ্তৰ সৃষ্টি হৈছিল । প্ৰভাসে দীপিকাৰ হাতত ধৰাৰ লগে লগে অমিতাভ বচ্চনে পৰিস্থিতিৰ সুযোগ লৈ প্ৰভাক জোকাইছিল । পিছফালৰ পৰা প্ৰভাসক ধৰি বিগ বিয়ে অভিনেতাগৰাকীৰ সৈতে কিছু ধেমেলীয়া আচৰণ কৰিছিল । বিগ বিৰ এই ধেমেলীয়া আচৰণে উক্ত স্থানত উপস্থিত থকা দৰ্শক আৰু শিল্পীসকলক হাঁহিবলৈ বাধ্য কৰাইছিল ।

লগতে পঢ়ক: এদিন নৌহওঁতেই 1 কোটি 30 লাখৰো অধিক দৰ্শকক মুহিলে এটা মাত্ৰ ট্ৰেইলাৰে - Kalki 2898 AD Trailer

মুম্বাইত অনুষ্ঠিত কল্কি ২৮৯৮ADৰ প্ৰি-ৰিলিজ ইভেণ্ট

নাগ অশ্বিনৰ পৰিচালনাত নিৰ্মিত বিজ্ঞান-কল্পকাহিনী থ্ৰিলাৰেৰে ভৰপূৰ ‘কল্কি ২৮৯৮AD’ৰ ঘোষণাৰ পিচৰে পৰা ছবিজগতত ব্যাপক চৰ্চাৰ সৃষ্টি হৈছে । ছবিখনৰ কাহিনীত অমিতাভ বচ্চন, প্ৰভাস, দীপিকা পাডুকনকে ধৰি বহু প্ৰতিভাৱান অভিনেতা-অভিনেত্ৰীক এই ছবিখনত অভিনয় কৰিছে ।

ছবিখনত কমল হাছানৰ বিশেষ ভূমিকাও দেখিবলৈ পোৱা যাব । তেওঁৰ ছবি দশ অৱতাৰত যিদৰে তেওঁৰ অদ্ভুত ৰূপ দেখিবলৈ পোৱা গৈছিল ঠিক তেনেদৰে কল্কিতো কোনেও কল্পনা কৰিব নোৱাৰা এটি চৰিত্ৰত তেওঁক দেখিবলৈ পোৱা যাব ৷

শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত হৈ যোৱা ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টত ছবিখনৰ সকলো তাৰকা উপস্থিত আছিল । জনাই দিও যে, ২০২৪ চনৰ ২৭ জুনত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ‘কলকি ২৮৯৮AD’।

লগতে পঢ়ক: মুক্তি পালে কল্কি ২৮৯৮ এডিৰ প্ৰথমটো গীত : সম্পূৰ্ণ ভিডিঅ’টো চাওক - Kalki 2898 AD First Single

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.