ETV Bharat / entertainment

আম্বানী পৰিয়ালৰ সৰু বোৱাৰীয়ে জিনিলে অনুৰাগীৰ হৃদয়, চাওক ভিডিঅ’

Radhika Merchant: ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰীৰ এটা ভিডিঅ’ । এই ভিডিঅ’টোত ৰাধিকা মাৰ্চেণ্টে এটি শিশুক মৰম কৰা দেখা গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 3:55 PM IST

Watch: Anant Ambani, Radhika Merchant Serve Food Ahead of Lavish Wedding in Jamnagar
আম্বানী পৰিয়ালৰ সৰু বোৱাৰীৰ ভিডিঅ’

চিটাৰা ডেস্ক, ২৯ ফেব্ৰুৱাৰী: বিজনেছ টাইকুন মুকেশ আম্বানী আৰু নীতা আম্বানীৰ পৰিয়ালত অনুষ্ঠিত হোৱা প্ৰতিটো কাৰ্যসূচীক লৈ চৰ্চা হয় । সমগ্ৰ আম্বানী পৰিয়ালে এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে । অৱশ্যে এতিয়া মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াকলৈ চৰ্চাত আছে আম্বানী পৰিয়াল ৷ এই বছৰ দুয়ো বিবাহপাশত আৱদ্ধ হ’ব ।

অৱশ্যে দুয়োৰে বিবাহৰ বহুদিন পূৰ্বেই আৰম্ভ হৈছে বিয়াৰ বিভিন্ন অনুষ্ঠান । এইখিনিতে উল্লেখ কৰিব লাগিব যে, আম্বানী পৰিয়ালৰ প্ৰতিটো শুভ কামৰ আগত খাদ্য পৰিবেশন কৰাৰ প্ৰথা আছে । এনে পৰিস্থিতিত জামনগৰত অনুষ্ঠিত হ’বলগীয়া গ্ৰেণ্ড ৱেডিং আৰু প্ৰি-ৱেডিং অনুষ্ঠানৰ পূৰ্বেও অন্ন সেৱাৰ আয়োজন কৰা হৈছিল ।

এই অন্ন সেৱা অনুষ্ঠানত মুকেশ আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে নিজৰ হাতেৰে মানুহক খাদ্য পৰিবেশন কৰা দেখা গ’ল । এই সময়চোৱাত তেওঁলোকক মানুহৰ লগত মত বিনিময়ো কৰে । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে অতি নম্ৰতাৰে ৰাইজক খাদ্য পৰিবেশন কৰি আছিল ৷ আম্বানী পৰিয়ালৰ হ’বলগীয়া সৰু বোৱাৰীয়েক ৰাধিকা মাৰ্চেণ্টে মাকৰ কোলাত বহি থকা এটি শিশুৰ সৈতে কিছু কথা পাতে । ৰাধিকাই শিশুটিক ক’লে, ‘‘জয় শ্ৰী কৃষ্ণ ! বাহ, ঠিক কৃষ্ণৰ দৰে দেখা গৈছে (একদম কৃষ্ণ লাগে চে) ।’’ একেটা ভিডিঅ’তে অনন্তে আন এটি শিশুক কৈছে,‘‘বাবু, এইটো লোৱা ।’’ মুকেশ আম্বানীয়েও মানুহক খাদ্য পৰিবেশন কৰা দেখা গৈছিল । এতিয়া ৰাধিকাৰ এনে ব্যৱহাৰত আপ্লুত হৈ পৰিছে নেটিজেন ৷ সকলোৱে ৰাধিকাৰ প্ৰশংসাত পঞ্চমুখ হোৱা দেখা যায় ৷

উল্লেখ্য যে, জামনগৰৰ ৰিলায়েন্স টাউনশ্বিপৰ সমীপৰ জোগৱাদ গাঁৱত মুকেশ আম্বানী, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ লগতে আম্বানী পৰিয়ালৰ আন সদস্যসকলে গাঁওবাসীক পৰম্পৰাগত গুজৰাটী খাদ্য পৰিবেশন কৰিছিল । ৰাধিকাৰ আইতাক আৰু পিতৃ-মাতৃ বীৰেণ আৰু শৈলা মাৰ্চেণ্টেও অন্ন সেৱাত অংশ লৈছিল ।

এই অনুষ্ঠানত প্ৰায় ৫১ হাজাৰ স্থানীয় লোকক খাদ্য প্ৰদান কৰা হ’ব, যিটো আগন্তুক কেইদিনলৈ চলি থাকিব । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ পূৰ্বৰ উদযাপনৰ বাবে স্থানীয় ৰাইজৰ আশীৰ্বাদ বিচাৰি আম্বানী পৰিয়ালে এই অন্ন অনুষ্ঠানৰ আয়োজন কৰিছে । খাদ্যৰ পিচত উপস্থিতসকলে পৰম্পৰাগত লোকসংগীত উপভোগ কৰে । বিখ্যাত গুজৰাটী গায়ক কীৰ্তিদন গাধৱীয়ে নিজৰ গায়ন-বায়নেৰে ৰাইজক মনোৰঞ্জন দিয়ে ।

উল্লেখ্য যে, অনন্ত আম্বানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ । ৰাধিকা এনকোৰ হেল্থকেয়াৰৰ চিইঅ’ বীৰেন মাৰ্চেণ্ট আৰু উদ্যোগী শৈলা মাৰ্চেণ্টৰ কনিষ্ঠ কন্যা । অনন্ত আৰু ৰাধিকা শৈশৱৰ বন্ধু । ২০২২ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হোৱা পৰম্পৰাগত অনুষ্ঠানত দুয়োৰে বাগদান সম্পন্ন হয় ৷

লগতে পঢ়ক: অনন্ত আম্বানীৰ প্ৰশংসাত কিয় পঞ্চমুখ হ’ল বলীউডৰ বহু চেলেব্ৰিটি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.